Assam Weather Update: ৰাজ্যৰ ভিন্নপ্ৰান্তত ঘন কুঁৱলীৰ আচ্ছাদন, কেইবাখনো জিলালৈ ধুমুহা-বৰষুণৰ সতৰ্কবাণী | Weather Update yellow alert of rain in Assam 16 district cold increased with dense fog Assam news - Assam Tv9

Assam Weather Update: ৰাজ্যৰ ভিন্নপ্ৰান্তত ঘন কুঁৱলীৰ আচ্ছাদন, কেইবাখনো জিলালৈ ধুমুহা-বৰষুণৰ সতৰ্কবাণী

Updated On: 

23 Jan 2025 16:02 PM

Assam Weather: প্ৰচণ্ড শীতে কঁপাইছে ৰাজ্য। উজনিৰ পৰা নামনিলৈ দেখা গৈছে ডাঠ কুঁৱলী আৱৰণ। ইয়াৰ মাজতে বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কবাণী। অসমৰ ৮ খন জিলাৰ জনতাক বিশেষভাৱে সাৱধান হৈ থকাৰ আহ্বান।

1 / 5ডাঠ কুঁৱলীৰ লগতে প্ৰচণ্ড শীতে কঁপাইছে ৰাজ্য। উজনিৰ পৰা নামনিলৈ দেখা গৈছে ডাঠ কুঁৱলী আৱৰণ। পুৱাৰে ঘন কুঁৱলী আৱৰি ৰাখিছে গুৱাহাটীৰ আকাশ।

ডাঠ কুঁৱলীৰ লগতে প্ৰচণ্ড শীতে কঁপাইছে ৰাজ্য। উজনিৰ পৰা নামনিলৈ দেখা গৈছে ডাঠ কুঁৱলী আৱৰণ। পুৱাৰে ঘন কুঁৱলী আৱৰি ৰাখিছে গুৱাহাটীৰ আকাশ।

2 / 5

ইয়াৰ মাজতে বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কবাণী। অসমৰ ৮ খন জিলাৰ জনতাক বিশেষভাৱে সাৱধান হৈ থকাৰ আহ্বান। ৰাজ্যৰ ১৬খন জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert।

3 / 5

২৭ জানুৱাৰী পৰ্যন্ত ৰাজ্যত প্ৰচণ্ড শীত, ডাঠ কুঁৱলীৰ সতৰ্কবাণী জাৰি কৰা হৈছে। শীত প্ৰবাহৰ মাজতে প্ৰচণ্ড ধুমুহা-বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰা বতৰ বিজ্ঞান কেন্দ্ৰই।

4 / 5

আজি কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালাপাৰা, নগাঁও, পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং, হাইলাকান্দি, শ্ৰীভূমি,মাজুলী, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলালৈ Yellow Alert জাৰি। এইকেইখন জিলাত কুঁৱলীৰ লগতে বৰষুণৰ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

5 / 5

২৪ জানুৱাৰীত ৮ খন জিলাত বৰষুণৰ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। মাজুলী, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত কাইলৈ Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে ।

গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসৰ মাজত কি পাৰ্থক্য আছে?
দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ'ব? ক'লে IITian বাবাই...
মাত্ৰ ২০ দিন ৰঙা চাহ খালে কি হয় জানেনে? জানক সবিশেষ...
মহাকুম্ভৰ প্ৰথম দিনটোত কিমান মানুহ পৰিয়ালৰ পৰা বিচ্ছেদ হ'ল জানেনে?