দেশত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে সোণৰ মূল্য। আজিৰ দিনটোত দেশত ১০০ টকা বৃদ্ধি হৈছে সোণত। আজি ২৪ কেৰেট সোণৰ মূল্য ৫০০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য ৪৫০টকালৈ বৃদ্ধি হৈছে।
দেশৰ বেছিভাগ চহৰতে ২৪ কেৰেট সোণৰ মূল্য হৈছে ৭৯,৩০০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰায় ৭২,৭০০ টকা হৈছে। ইফালে ভাৰতত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ৯৩.৫০ টকা আৰু প্ৰতি কিলোগ্ৰামত ৯৩.৫০০ টকা হৈছে।
গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, আজি গুৱাহাটীত সোণৰ মূল্য ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৭,২৮৫ টকা আৰু ২৪ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৭,৯৪৭ টকা হৈছে (যাক ৯৯৯ সোণ বুলিও কোৱা হয়)।
ইফালে, আজি গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ৯৩.৫০ টকা আৰু প্ৰতি কিলোগ্ৰামত ৯৩,৫০০ টকা হৈছে। ১০ গ্ৰাম ৰূপৰ মূল্য ৯৩৫ টকা আৰু ১০০ গ্ৰামত ৯, ৩৫০ টকা হৈছে। বৃহস্পতিবাৰৰ দিনটোত ১০ গ্ৰাম ৰূপৰ মূল্য আছিল ৯২৫ টকা আৰু ১০০ গ্ৰাম ৰূপৰ মূল্য আছিল ৯,২৫০ টকা।
এতিয়া ক্ৰমাৎ সোণৰ মূল্য ব্যয়বহুল হৈ আহিছে। সোণৰ মূল্য বৃদ্ধিৰ এটা কাৰণ হৈছে আন্তঃৰাষ্ট্ৰীয় বজাৰত শক্তি আৰু দেশৰ বিনিয়োগকাৰীৰ চাহিদা বৃদ্ধি।