28 Mar 2025 12:46 PM
আজি ২৮ মাৰ্চ শুকুৰবাৰে সোণ ব্যয়বহুল হৈ পৰিছে। দেশৰ বৃহৎ চহৰসমূহত ২৪ কেৰেট সোণৰ মূল্য ৯০ হাজাৰ টকাৰ ওপৰত আৰু ২২ কেৰেট সোণৰ মূল্য ৮২,৪০০ টকাৰ ওপৰত। কালিৰ তুলনাত সোণৰ মূল্য আজি ৪৫০টকা হৈ পৰিছে।
নতুন দিল্লীত আজি ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৯,১১৩ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,৩৫৫ টকা আৰু ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৬,৮৩৬ টকা হৈছে।
গুৱাহাটীত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,৯৮৪ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,২৩৫ টকা হৈছে। বৃহস্পতিবাৰৰ দিনটোত গুৱাহাটীত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,৮০৪ টকা আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,৩৮৫ টকা আছিল।
আজি গুৱাহাটীত ১ গ্ৰাম ৰূপৰ মূল্য ১০১.৭০ টকা, আনহাতে ১০ গ্ৰাম ৰূপৰ মূল্য ১০১৭ টকা। বৃহস্পতিবাৰৰ দিনটোত গুৱাহাটীত ৰূপৰ মূল্য ১০২ টকা আৰু প্ৰতি কিলোগ্ৰাম ১,০২,০০০ টকা। বুধবাৰৰ তুলনাত ৰূপৰ মূল্যৰ সালসলনি হোৱা নাই।
ভূ-ৰাজনৈতিক উত্তেজনা, অৰ্থনৈতিক অনিশ্চয়তা, কেন্দ্ৰীয় বেংকৰ দ্বাৰা সোণ ক্ৰয় আদি বহুতো কাৰকৰ দ্বাৰা সোণৰ মূল্য প্ৰভাৱিত হয়।