শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এজন পোপৰ মৃত্যুৰ পাছত কি হয়? কেনেকৈ ৭০০ বছৰীয়া পুৰণি প্ৰক্ৰিয়াৰে কৰা হয় ধৰ্মগুৰু নিৰ্বাচন, জানক সকলো…

সোমবাৰে মৃত্যু হয় পোপ ফ্ৰান্সিসৰ। খ্ৰীষ্টান ধৰ্মগুৰুগৰাকীৰ মৃত্যুৰ পাছতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে কোন হ'ব নতুন পোপ? উল্লেখ কৰা প্ৰয়োজন যে এক গোপন আৰু জটিল প্ৰক্ৰিয়াৰে পোপ নিৰ্বাচন কৰা হয়। সমগ্ৰ প্ৰক্ৰিয়া এই লেখাটোত উল্লেখ কৰা হ'ল-

barasha-sarma
Barasha Sarma | Published: 21 Apr 2025 19:07 PM
হাবেমুছ পাপাম (Habemus Papam!)! এই শব্দ শুনাৰ লগে লগে সমগ্ৰ বিশ্ববাসীয়ে গ'ম পাব যে নতুন পোপ নিৰ্বাচিত হৈছে। কিন্তু পোপ এজন নিৰ্বাচন কৰা সহজ নহয়। অতি জটিল, গোপনীয় প্ৰক্ৰিয়াৰ মাজেৰে পোপ নিৰ্বাচন কৰা হয়। ৮৮ বছৰ বয়সত আজি পোপ ফ্ৰান্সিৰ মৃত্যু হয়। ইয়াৰ পাছতেই এতিয়া নিৰ্বাচিত কৰা হ'ব নতুন পোপ। পিছে প্ৰশ্ন হয়, এজন পোপৰ মৃত্যুৰ পাছত কি হয়?

1 / 7
প্ৰথমঃ  যেতিয়া পোপৰ মৃত্যু হয় তেতিয়া চিকিৎসকে সেই মৃত্যু নিশ্চিত কৰে।পাছত ভেটিকানৰ  কেমাৰলেংগো অৰ্থাৎ কাৰ্ডিনেল চেম্বাৰলেনক খবৰ দিয়ে। এই লোকজনে পোপৰ অনুপস্থিতিত ভেটিকান প্ৰশাসনৰ দায়িত্ব লয়। আজি পোপ ফ্ৰান্সিৰ মৃত্যু ঘোষণা কৰে ৰোমৰ কাৰ্ডিনেল কেবিন ফাৰেলে। কাৰ্ডিনেল ৰোমন গীৰ্জাৰ কেমাৰলেংগোৰ পদত অধিষ্ঠিত। পাছত ভেটিকান প্ৰশাসনে এই মৃত্যুৰ খবৰ ৰাজহুৱা কৰি সমগ্ৰ বিশ্ব আৰু গীৰ্জৰ মুৰব্বীক দিয়ে।

2 / 7
চেডে ভেকান্টেঃ লেটিন ভাষাত Sede Vacante মানে “সিংহাসন খালী”। এই প্ৰক্ৰিয়া পোপৰ মৃত্যুৰ পৰা আৰম্ভ কৰি পোপ নিৰ্বাচন হোৱালৈ চলি থাকে।  এই সময়ত গীৰ্জাৰ দায়িত্ব কলেজ অৱ কাৰ্ডিনেলছৰ ওপৰত থাকে। অৱশ্যে এই সময়ত কোনো ডাঙৰ সিদ্ধান্ত লোৱা নহয়। ইয়াৰোপৰি কেমাৰলেংগোৱে অন্য কামসমূহ তদাৰক কৰে।

3 / 7
কনক্লেভঃ  নতুন পোপ নিৰ্বাচন কৰা প্ৰক্ৰিয়াক কনক্লেভ (Conclave) বুলি কোৱা হয়। এই প্ৰক্ৰিয়াৰ বাবে বিশ্বৰ পৰা কাৰ্ডিনেলসকলক ভেটিকানলৈ আমন্ত্ৰণ জনোৱা হয়। পাছত ভোটৰ তাৰিখ ঘোষণা কৰা হয়। এই নিৰ্বাচন প্ৰক্ৰিয়াত ৮০ বছৰৰ ওপৰৰ কাৰ্ডিনেলসকলে ভোটদান কৰিব নোৱাৰে। তেনেস্থলত ভোটদান কৰা কাৰ্ডিনেলৰ সংখ্যা ১২০ জন মান হয়।

4 / 7
কিছুদিনলৈ পোপৰ পাৰ্থিৱ শৰীৰ চেণ্ট পিটাৰ বেচিলিকাত ৰখা হয়। তাত তেওঁক ভক্তসকলে  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।  ইয়াৰ পাছত ৰেকিউইম মিছ(Requiem Mass)ৰ সৈতে অন্ত্যেষ্টিক্ৰিয়া কৰা হয়। বেছিভাগ পোপক চেণ্ট পিটাৰৰ তলৰ ক্রিপ্টত সমাধিস্থ কৰা হয়।

5 / 7
ইয়াৰ ৩ সপ্তাহৰ ভিতৰত প্ৰায় ৭০০ বছৰ পুৰণি জটিল আৰু অতি গোপনীয় প্ৰক্ৰিয়াৰ মাজেৰে নতুন পোপ নিৰ্বাচন কৰা হয়। ভোটদানৰ বাবে কাৰ্ডিনেলসকলে ভোট দিয়া ব্যক্তিজনৰ নাম বেলটত লিখি কাপত ৰাখিব লাগে। প্ৰতিটো ৰাউণ্ডৰ ভোটদানৰ পিছত বেলট জ্বলাই দিয়া হয়। এই বেলত জ্বলাই দিলে যেতিয়া গীৰ্জাৰ চিমনিৰ পৰা ক’লা ধোঁৱা ওলাই, তাৰ অৰ্থ এয়াই যে ভোটদান এতিয়াও চলি আছে। আনহাতে নতুন পোপ নিৰ্বাচিত হ’লে চিষ্টিন চেপেলৰ চিমনিৰ পৰা বগা ধোঁৱা ওলাই আহে। কোনো কাৰ্ডিনেল সংখ্যাগৰিষ্ঠতাৰে জয়ী হ'লে তেওঁক পৰৱৰ্তী পোপ নিৰ্বাচন কৰা হয়।

6 / 7
নতুন পোপ নিৰ্বাচিত হোৱাৰ পিছত কলেজ অৱ কাৰ্ডিনেলছৰ এজন প্ৰতিনিধিয়ে চেণ্ট পিটাৰ বেচিলিকাৰ বেলকনিৰ বিশ্ববাসীক ইয়াৰ বিষয়ে জনায়। তেওঁ কয় যে- - 'বেমুছ পাপাম' অৰ্থাৎ আমি এজন নতুন পোপ বিচাৰি পাইছো! ইয়াৰ পাছত নতুন পোপৰ উদ্বোধনী অনুষ্ঠান অৰ্থাৎ  Inauguration Mass অনুষ্ঠিত হয়। এই অনুষ্ঠানত নতুন পোপে শপত গ্ৰহণ কৰে লগতে বিশ্বক প্ৰথম আশীৰ্বাদ দিয়ে যে  Urbi et Orbi “চহৰ আৰু বিশ্বৰ বাবে”।

7 / 7