কেতিয়া ঘোষণা কৰা হ’ব ADREৰ ফলাফল, কেতিয়া অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ লিখিত পৰীক্ষা? ক'লে মুখ্যমন্ত্ৰীয়ে... | When Assam Direct Recruitment Result 2024 will be declared announced by cm Himanta Biswa Sarma Assam news - Assam Tv9

কেতিয়া ঘোষণা কৰা হ’ব ADREৰ ফলাফল, কেতিয়া অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ লিখিত পৰীক্ষা? ক’লে মুখ্যমন্ত্ৰীয়ে…

Published: 

27 Dec 2024 12:46 PM

ADREৰ পৰীক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ। ADREৰ ফলাফলৰ সময় ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ দিনো ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে।

1 / 5১৫ আৰু ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল ADREৰ অধীনত তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা। ২৭ অক্টোবৰত অনুষ্ঠিত কৰা হৈছিল চতুৰ্থ বৰ্গৰ পদসমূহৰ বাবে পৰীক্ষা।  ADRE 2.0ৰ অধীনত ১২,৬০০ পদৰ নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিছিল ৰাজ্য চৰকাৰে।

১৫ আৰু ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল ADREৰ অধীনত তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা। ২৭ অক্টোবৰত অনুষ্ঠিত কৰা হৈছিল চতুৰ্থ বৰ্গৰ পদসমূহৰ বাবে পৰীক্ষা। ADRE 2.0ৰ অধীনত ১২,৬০০ পদৰ নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিছিল ৰাজ্য চৰকাৰে।

2 / 5

চতুৰ্থ বৰ্গৰ মুঠ ৫,০২৩টা পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈছিল। একেদৰে স্নাতক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃৰ্তীয় বৰ্গৰ মুঠ ৭,৬০০ পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈ গৈছে। বৃহস্পতিবাবে ADREৰ ফলাফলৰ সময় ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

3 / 5

এই সন্দৰ্ভত ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, "বহুতে মোক সুধিছে ADREৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব? ADREৰ তৃতীয়-চতুৰ্থ বৰ্গৰ ফলাফল ফেব্ৰুৱাৰীৰ শেষত বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত দিবলৈ চেষ্টা কৰিম।"

4 / 5

লগতে মুখ্যমন্ত্ৰীয়ে কয়, ইতিমধ্যে এই গোটেই প্ৰচেষ্টাবোৰ আৰম্ভ হৈছে। আমাৰ প্ৰচেষ্টা হ'ব নিৰ্ধাৰিত সময়ত আমি প্ৰতিশ্ৰুতি দিয়া অনুসৰি ৩০,০০০ নিযুক্তি সমাপন কৰিব পাৰো।"

5 / 5

ইফালে অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ দিনো ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ফেব্ৰুৱাৰী মাহৰ ভিতৰতে হ'ব অসম আৰক্ষীৰ লিখিত পৰীক্ষা। এই কথাও ফেচবুক লাইভযোগে সদৰি কৰিলে মুখ্যমন্ত্ৰীয়ে।

ভেলেণ্টাইন সপ্তাহত বৃদ্ধি হয় নেকি কণ্ডমৰ বিক্ৰী?
চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে