'হিয়া দিয়া নিয়া'ৰ এইগৰাকী অভিনেত্ৰীক চিনি পাইছে নে? এতিয়া এই কাম কামত ব্যস্ত অভিনেত্ৰীগৰাকী | where is Assamese movie hiya diya niya actress luna lahkar dutta Assam news - Assam Tv9

‘হিয়া দিয়া নিয়া’ৰ এইগৰাকী অভিনেত্ৰীক চিনি পাইছে নে? এতিয়া এই কাম কামত ব্যস্ত অভিনেত্ৰীগৰাকী

Updated On: 

10 Sep 2024 16:27 PM

২০০০ চনত মুক্তি পোৱা ছবি 'হিয়া দিয়া নিয়া'ই সকলোৰে মনত সাঁচ বহুৱাই থৈছে। ছবিখনত যতীন বৰাৰ প্ৰেয়সীৰ অভিনয় কৰা লুনা লহকৰে এতিয়া কি কৰি আছে জানক...

1 / 5অসমীয়া

অসমীয়া জনপ্ৰিয় ছবিৰ ভিতৰত অন্যতম 'হিয়া দিয়া নিয়া'। ২০০০ চনত মুক্তি লাভ কৰা ছবিখন নোচোৱা মানুহ খুব কম ওলাব। পূজা মোশ্যন পিকচাৰ্ছৰ বেনাৰত মেৰী লস্কৰে প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা বিশিষ্ট পৰিচালক মুনিন বৰুৱাৰ।

2 / 5

ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰে যতীন বৰা, ৰবি শৰ্মা, লুনা লহকৰ, গীতাৱলী ৰাজকুমাৰী, প্ৰাঞ্জল শইকীয়া আৰু মৃদুলা বৰুৱাই। চলচ্চিত্ৰখনে বহুল জনপ্ৰিয়তা লাভ কৰি সমগ্ৰ অসমতে আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল।

3 / 5

কিন্তু আপুনি জানেনে ছবিখনত যতীন বৰাৰ প্ৰেয়সী হিচাপে অভিনয় কৰা লুনা লহকৰ কত আছে আৰু কি কৰি আছে?

4 / 5

বহু অসমীয়া ছবিৰ লগতে 'ইউনাইটেড ছিক্স' নামৰ বলিউডৰ চলচ্চিত্ৰতো অভিনয় কৰিছিল লুনাই। কিন্তু বৰ্তমান এগৰাকী প্ৰতিষ্ঠিত মেকআপ আৰ্টিষ্ট।

5 / 5

কেৰিয়াৰৰ লগতে লুনাই নিজৰ শৰীৰ আৰু স্বাস্থ্যক লৈ যথেষ্ঠ সাৱধান। অসমীয়া ছবিত বহু বছৰ দেখা নাই যদিও, আজিও দৰ্শকে মনত কৰে লুনাৰ অভিনয়।

Follow Us On
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version