পুৰুষ নে মহিলা, কোন বেছি বুদ্ধিমান? গৱেষণাই দিলে সম্ভেদ… | Who is more intelligent between women and men, know what research says Assam news - Assam Tv9

পুৰুষ নে মহিলা, কোন বেছি বুদ্ধিমান? গৱেষণাই দিলে সম্ভেদ…

Updated On: 

20 Jan 2025 18:08 PM

পুৰুষ আৰু মহিলাৰ ভিতৰত অধিক বুদ্ধিমান কোন, এই লৈ বহুসময়ত চৰ্চা হোৱা দেখা যায়। বহু সময়ত মহিলাসকলতকৈ পুৰুষক অধিক বুদ্ধিমান বুলি দাবী কৰা হয়। পিছ এই কথা সঁচা হয় নে? এই সন্দৰ্ভত গৱেষণাই কি কয়, চাওঁ আহক।

1 / 5মানৱ বুদ্ধিমত্তাৰ লিংগ পাৰ্থক্যৰ বিষয়ে গৱেষক আৰু পণ্ডিতসকলৰ মাজত দীৰ্ঘদিন ধৰি বিতৰ্ক চলি আহিছে। কিন্তু আধুনিক কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে পুৰুষ আৰু মহিলাৰ মাজত গড় বুদ্ধিমত্তাৰ কোনো বিশেষ পাৰ্থক্য নাই।

মানৱ বুদ্ধিমত্তাৰ লিংগ পাৰ্থক্যৰ বিষয়ে গৱেষক আৰু পণ্ডিতসকলৰ মাজত দীৰ্ঘদিন ধৰি বিতৰ্ক চলি আহিছে। কিন্তু আধুনিক কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে পুৰুষ আৰু মহিলাৰ মাজত গড় বুদ্ধিমত্তাৰ কোনো বিশেষ পাৰ্থক্য নাই।

2 / 5

‘ব্ৰেইন জাৰ্নেল’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ৪২ জন পুৰুষ আৰু ৫৮ গৰাকী মহিলাৰ মগজু পৰীক্ষা কৰি বিশেষ তথ্য পোৱা গৈছে। দেখা গৈছে যে এজন পুৰুষৰ মগজুৰ গড় ওজন ১,৩৭৮ গ্ৰাম। আনহাতে এগৰাকী মহিলাৰ মগজুৰ ওজন ১২৪৮ গ্ৰাম। ইয়াৰ পৰা প্ৰমাণিত হয় যে পুৰুষৰ মগজুৰ ওজন মহিলাৰ মগজুতকৈ অলপ বেছি।

3 / 5

এই অধ্যয়নত মগজুৰ ওজনৰ ক্ষেত্ৰত পুৰুষ আগবঢ়া যদিও বুদ্ধিমত্তাৰ ক্ষেত্ৰত তাৰ প্ৰভাৱ নাই। মহিলাৰ মগজুত ধূসৰ পদাৰ্থ বেছি থাকে। আনহাতে পুৰুষৰ মগজুত বগা পদাৰ্থ বেছি থাকে। অৱশ্যে বুদ্ধিমত্তাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।

4 / 5

পুৰুষৰ মগজুত ‘amygdala’ ডাঙৰ হয়। এই বগা পদাৰ্থই বহু তথ্য বিনিময় কৰাত সহায় কৰে। ইয়াৰ সহায়ত কিবা এটা শিকিব পৰা, মনত ৰখাৰ, সিদ্ধান্ত লোৱাৰ, গ্ৰহণ কৰাৰ ক্ষমতা সহজেই সৃষ্টি হয়। আনহাতে মহিলাৰ মগজুত থকা ধূসৰ পদাৰ্থ হৈছে এক অপাৰেচনেল হাব। ই নাৰীৰ চিন্তা, আৱেগ আৰু যোগাযোগক উদ্দীপিত কৰে।

5 / 5

যদি নাৰীৰ মগজুৰ ধূসৰ পদাৰ্থই সঠিকভাৱে কাম কৰি থাকে তেন্তে গোটেই জীৱন সংবেদনশীল হৈ থাকে আৰু বৌদ্ধিক ক্ষমতাৰ কোনো হ্ৰাস নহয়। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে মহিলা আৰু পুৰুষৰ মগজুৱে একে ধৰণে কাম কৰে। মগজুৰ শক্তি নিৰ্ভৰ কৰে এজন ব্যক্তিয়ে নিজৰ মগজুক কেনেদৰে ব্যৱহাৰ কৰে তাৰ ওপৰত।

প্ৰায়ে হয় নেকি বেমাৰ-আজাৰ? শিৱলিংগত অৰ্পন কৰক এই বস্তু...
প্ৰতিদিনে আলু খাই নেকি? তেন্তে সাৱধান...
প্ৰতিদিনে লাল চাহ খোৱাৰ অভ্যাস আছে নেকি? ইয়াৰ লাভৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনি...
স্বাস্থ্য উপকাৰী মূলা হ’ব পাৰে ক্ষতিৰো কাৰণ, এইসকল লোকে মূলা খোৱাৰ পূৰ্বে হওক সাৱধান!