Shahid and Kareena Kapoor Breakup Reason : ১৮ বছৰ পূৰ্বে কিয় প্ৰেমত ফাঁট মেলিছিল চাহিদ কাপুৰ আৰু কৰীনা কাপুৰৰ? | Why did Bollywood couple shahid kareena kapoor breakup 18 years ago Assam news - Assam Tv9

Shahid and Kareena Kapoor Breakup Reason : ১৮ বছৰ পূৰ্বে কিয় প্ৰেমত ফাঁট মেলিছিল চাহিদ কাপুৰ আৰু কৰীনা কাপুৰৰ?

Published: 

09 Mar 2025 13:46 PM

২০০৭ চনৰ ‘জব উই মেট’ ছবিখনত চাহিদ কাপুৰ আৰু কৰীনা কাপুৰৰ যুটিক সকলোৱে ভাল পাইছিল। অৱশ্যে এই ছবিখনৰ লগে লগে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কৰ অন্ত পৰিল। তিনি বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক থকাৰ পিছতো কিয় দুয়োৰে বিচ্ছেদ হৈছিল?

1 / 6চাহিদ কাপুৰ আৰু কৰীনা কাপুৰ এসময়ত বলীউডৰ অন্যতম জনপ্ৰিয় প্ৰেমিক যুটি আছিল। দুয়োজনে তিনি বছৰ ধৰি ইজনে সিজনৰ লগত ডেটিং কৰিছিল। ইয়াৰ পিছত দুয়োৰে প্ৰেমৰ সম্পৰ্কৰ মাজত ফাঁট মেলে। কিন্ত বৰ্তমান দুয়োগৰাকী আকৌ এবাৰ আহিছে বাতৰিৰৰ শিৰোনামত।

চাহিদ কাপুৰ আৰু কৰীনা কাপুৰ এসময়ত বলীউডৰ অন্যতম জনপ্ৰিয় প্ৰেমিক যুটি আছিল। দুয়োজনে তিনি বছৰ ধৰি ইজনে সিজনৰ লগত ডেটিং কৰিছিল। ইয়াৰ পিছত দুয়োৰে প্ৰেমৰ সম্পৰ্কৰ মাজত ফাঁট মেলে। কিন্ত বৰ্তমান দুয়োগৰাকী আকৌ এবাৰ আহিছে বাতৰিৰৰ শিৰোনামত।

2 / 6

যোৱা ৮ মাৰ্চত জয়পুৰত অনুষ্ঠিত IIFA 2025 ত একেলগে দেখা গৈছিল কৰীনা আৰু চাহিদ কাপুৰক। দুয়োজনে ইজনে সিজনক সাৱটি ধৰিছে আৰু কথা পাতিছে। তাৰ পিছত তেওঁলোকৰ লগত জড়িত সকলো পুৰণি কথা আকৌ এবাৰ আলোচনা হ’বলৈ ধৰিলে।

3 / 6

যদিও কৰীনা আৰু চাহিদে বহু ছবিত একেলগে কাম কৰিছে, কিন্তু ২০০৪ চনত মুক্তি পোৱা ‘ফিদা’ ছবিত এই যুটিক প্ৰথম একেলগে দেখা গৈছিল। এই ছবিখনৰ শ্বুটিং স্থলীত দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল আৰু ২০০৭ চনলৈকে তেওঁলোকৰ সম্পৰ্ক চলিছিল। ‘জব ৱী মেট’ নামৰ এখন ছবিখনৰ পিছত দুয়োজনেই ইজনে সিজনৰ পৰা আঁতৰি আহে। দুয়োজনে কেতিয়াও ব্ৰেকআপৰ কাৰণ প্ৰকাশ কৰা নাছিল।

4 / 6

বলীউডৰ খবৰ অনুসৰি, কৰীনাই শ্বাহিদক প্ৰতাৰণা কৰিছিল। তেওঁ আন কোনো অভিনেতাৰ সৈতে শ্বুটিংৰ বাবে ক’ৰবাত ওলাই গৈছিল। সেই অভিনেতা আৰু কৰীনাৰ মাজত এটা গোপন প্ৰেমৰ সম্পৰ্ক আৰম্ভ হৈছিল। শ্বুটিং কৰি কৰীনা মুম্বাই পোৱাৰ সময়লৈকে চাহিদে এই বিষয়ে ইতিমধ্যে জানিব পাৰিছিল।

5 / 6

চাহিদে কৰীনাৰ গোপন প্ৰেমৰ কথা গম পোৱাৰ লগে লগে তেওঁলোকৰ সম্পৰ্ক শেষ হৈ যায় আৰু দুয়োৰে মাজত বিচ্ছেদ ঘটে। তেওঁলোকৰ তিনি বছৰীয়া সম্পৰ্ক পলকতে শেষ হৈ গ'ল। আজিও দুয়োৰে পুৰণি প্ৰেম কাহিনীবোৰ চৰ্চাত আছে।

6 / 6

‘ফিদা’ৰ পিছত চাহিদ আৰু কৰীনাই ‘চুপ চুপ কে’ আৰু ‘৩৬ চাইনা টাউন’ ছবিতো একেলগে কাম কৰিছিল। অৱশ্যে ‘জব উই মেট’ত এই যুটিটোক বেছি ভাল পাইছিল দৰ্শকে। ইমতিয়াজ আলীৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত চাহিদে আদিত্যৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু কৰীনাই গীতৰ চৰিত্ৰত অভিনয় কৰিছিল।

এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...
ফাইনেলত জয়ী হোৱাৰ পাছতো ভাৰতে চেম্পিয়নছ ট্ৰফী দেশলৈ আনিব নোৱাৰে, কাৰণ জানেনে?