নিশা শোৱাৰ পূৰ্বে ফোন, লেপটপ আদি ইলেক্ট্ৰিক গেজেট ব্যৱহাৰ কৰিলে টোপনিৰ ক্ষেত্ৰত কুপ্ৰভাৱ পৰে। সেয়ে শোৱাৰ পূৰ্বে পৰাপক্ষত এনে সামগ্ৰী ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগে।
সঠিক সময়ত শোৱা আৰু টোপনিৰ পৰা উঠাটো যথেষ্ট গুৰুত্বপূৰ্ণ। শুবলৈ যোৱাৰ পূৰ্বে পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে। ডিহাইড্ৰেচনৰ ফলত হৰম’নৰ ভাৰসাম্যহীনতা আৰু শাৰীৰিক ক্লান্তি বাঢ়িব পাৰে আৰু ইয়াৰ ফলত টোপনি ভাল হ’লেও দিনটো ভাগৰুৱা ভাৱ থাকিব পাৰে।
অধিক মানসিক চাপত ভূগিলে ১০ ঘণ্টা সময় শুলেও শাৰীৰিক বা মানসিক ক্লান্তি কম নহয়। মানসিক চাপে ষ্ট্ৰেছ হৰম’ন কৰ্টিছল শৰীৰত নিৰ্গত হয়। এই ষ্ট্ৰেছ হৰম’নবোৰে টোপনিৰ গুণগত মান আৰু সময়সীমাও হ্ৰাস কৰে।
থাইৰয়ডৰ দৰে হৰম’নৰ ভাৰসাম্যহীনতাৰ সমস্যাৰ বাবে টোপনি বেয়া হয়। টোপনি আহিলেও এই সমস্যাই আমাক ক্লান্ত কৰি ৰাখে। যিকোনো হৰম’নৰ সমস্যাই আমাক দুৰ্বল কৰি তোলে। ইয়াৰ ফলত ভাল টোপনিৰ পিছতো সতেজতা অনুভৱ নহয়।
ভিটামিন ডি, আইৰণৰ দৰে পুষ্টিকৰ উপাদানৰ অভাৱত শাৰীৰিক ক্লান্তি বৃদ্ধি পায়। এনে উপাদানসমূহৰ অভাৱত শৰীৰত শক্তিৰ মাত্ৰা হ্ৰাস পায়। সেয়ে ভাল টোপনিৰ পিছতো ভাগৰুৱা যেন অনুভৱ হয়।