Will the implementation of 8th Pay Commission provide advantages to the employees of Government of Assam | অসম চৰকাৰৰ কৰ্মচাৰীও লাভান্বিত হ'ব নেকি অষ্টম দৰমহা আয়োগৰ দ্বাৰা ? Assam news - Assam Tv9

8th pay commision: কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰে কপাল ফুলিব নেকি অসম চৰকাৰৰ কৰ্মচাৰীৰো ?

Published: 

17 Jan 2025 18:42 PM

অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ । বৃদ্ধি পাব কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীৰ দৰমহা । অসম চৰকাৰৰ কৰ্মচাৰীও লাভান্বিত হ'ব নেকি অষ্টম দৰমহা আয়োগৰ দ্বাৰা ? চাওক সবিশেষ-

1 / 9অধীৰ অপেক্ষাৰ অন্তত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে মোদী চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন জনালে । এই খবৰে সুখী কৰি তুলিছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক ।

অধীৰ অপেক্ষাৰ অন্তত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে মোদী চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন জনালে । এই খবৰে সুখী কৰি তুলিছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক ।

2 / 9

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমান্তৰালকৈ অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলেও এই অনুমোদনৰ পাছত বৰ্ধিত দৰমহা লাভৰ বাবে আশা কৰিছে । কিন্তু সেয়া সম্ভৱ হ'ব নে নাই তাক লৈ জল্পনা-কল্পনা চলি আছে । কেন্দ্ৰীয় চৰকাৰৰ বাজেট অধিবেশনৰ পূৰ্বেই কেন্দ্ৰীয় কেবিনেটে অষ্টম দৰমহা আয়োগ গঠনৰ বাবে দিয়া অনুমোদন এটা ডাঙৰ খবৰ ।

3 / 9

অষ্টম দৰমহা আয়োগখন তিনিজন সদস্যৰে গঠিত হ'ব । এজন অধ্যক্ষ আৰু দুজন সদস্য থাকিব এই আয়োগত । তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰি অৱগত কৰিব চৰকাৰক । অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ লেভেল ১ ৰ কৰা লেভেল ৯ লৈ প্ৰায় ৪৯ লাখ কৰ্মচাৰী আৰু ৬৫ লাখ পেঞ্চনাৰ লাভান্বিত হ'ব ।

4 / 9

কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন অনুসৰি ২০২৬ চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হ'ব অষ্টম দৰমহা আয়োগ । সপ্তম দৰমহা আয়োগক প্ৰতিবেদন প্ৰস্তুত কৰোতে ১৮ মাহ সময় লাগিছিল । কিন্তু অষ্টম দৰমহা আয়োগক প্ৰতিবেদন দাখিলৰ বাবে কোনো সময়সীমা নিৰ্ধাৰণ কৰি দিয়া নাই চৰকাৰে ।

5 / 9

অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ন্যূনতম দৰমহা ৩৫ হাজাৰৰ পৰা ৫১ হাজাৰ টকা পৰ্যন্ত আৰু সৰ্বোচ্চ দৰমহা ৫ লাখ টকা পৰ্যন্ত হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ পূৰ্বে সপ্তম দৰমহা আয়োগত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ন্যূনতম দৰমহা ১৮ হাজাৰ টকা আৰু সৰ্বোচ্চ দৰমহা ২.৫ লাখ টকা আছিল । ষষ্ঠ দৰমহা আয়োগত ন্যূনতম দৰমহা ৭ হাজাৰ টকা আৰু সৰ্বোচ্চ দৰমহা ১.৮ লাখ টকা আছিল ।

6 / 9

কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন অনুসৰি ২০২৬ চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হ'ব অষ্টম দৰমহা আয়োগ । সপ্তম দৰমহা আয়োগক প্ৰতিবেদন প্ৰস্তুত কৰোতে ১৮ মাহ সময় লাগিছিল । কিন্তু অষ্টম দৰমহা আয়োগক প্ৰতিবেদন দাখিলৰ বাবে কোনো সময়সীমা নিৰ্ধাৰণ কৰি দিয়া নাই চৰকাৰে ।

7 / 9

দৰমহা গণনাৰ ক্ষেত্ৰত ফিটমেণ্ট ফেক্টৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়ে নিৰ্ধাৰণ কৰে যে দৰমহা আৰু পেঞ্চন কিমান বৃদ্ধি হ’ব। বৰ্তমানৰ দৰমহা আয়োগৰ ফিটমেণ্ট ফেক্টৰ ২.৫৭ ৰখা হৈছে । অষ্টম দৰমহা আয়োগ গঠনত অনুমোদনৰ লগে লগে মনে মনে দৰমহা বৃদ্ধিৰ আশা জাগিছে অসম চৰকাৰৰ কৰ্মচাৰীৰ মনতো । অসম চৰকাৰেও অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰিব নেকি বুলি আলোচনা আৰম্ভ হৈছে ।

8 / 9

বৰ্তমান অসম চৰকাৰৰ কৰ্মচাৰীয়ে ভাস্কৰ বৰুৱা দৰমহা আয়োগৰ পৰামৰ্শ মতেই লাভ কৰে দৰমহা । কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমহাৰত অসম চৰকাৰৰ কৰ্মচাৰীয়েও লাভ কৰি আছে দৰমহা । ভাস্কৰ বৰুৱা ৰাজ্যিক দৰমহা আয়োগে ৰাজ্য চৰকাৰক ভৱিষ্যতে ৰাজ্যিক দৰমহা আয়োগ গঠন নকৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছিল । কেন্দ্ৰীয় চৰকাৰৰ পৰৱৰ্তী দৰমহা আয়োগৰ সমপৰ্যায়ত অসম চৰকাৰৰ কৰ্মচাৰীয়ে দৰমহা লাভ কৰাৰ সম্ভাৱনা আছে ।

9 / 9

কিন্তু এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অসম চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই । কিন্তু ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীয়ে অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ মতেই দৰমহা লাভৰ বাবে আশা পুহি ৰাখিছে । চৰকাৰে সেয়া কাৰ্যকৰী কৰিলে অসম চৰকাৰৰ কৰ্মচাৰীৰ দৰমহাও বহুগুণ বৃদ্ধি পাব ।

ছেইফ আলী খানৰ মুম্বাইৰ ঘৰৰ দাম কিমান? য'ত কৰা হৈছিল আক্ৰমণ
বেগত হালধি টুকুৰা ৰাখিলে কি হয় জানেনে?
মহাকুম্ভ মেলাৰ আঁৰৰ আধ্যাত্মিক তাৎপৰ্যৰ বিষয়ে জানেনে?
ঠাণ্ডাত শৰীৰ গৰম কৰি ৰাখিবলৈ নাগা সন্ন্যাসীসকলে কি খায়?