শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ৰাষ্ট্ৰপতি হিচাপে ট্ৰাম্পৰ শপত গ্ৰহণৰ পাছতেই পুনৰ আৰম্ভ হ’ব টিকটক!

আমেৰিকাত পুনৰ জনতাই ব্যৱহাৰ কৰিব পাৰিব টিকটক! আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে ড'নাল্ড ট্ৰাম্পে। তাৰ পাছতেই টিকটক সন্দৰ্ভত কোনো নিৰ্দেশনা জাৰি কৰিব পাৰে।

barasha-sarma
Barasha Sarma | Published: 20 Jan 2025 11:16 AM
আমেৰিকাত পুনৰ আৰম্ভ হ'ব ছ'চিয়েল মিডিয়া প্লেটফৰ্ম টিকটক। শেহতীয়াকৈ টিকটক কৰ্তৃপক্ষই কয় যে, আমেৰিকাত টিকটকৰ সেৱা পুনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত প্ৰক্ৰিয়া চলি আছে। উল্লেখ কৰা প্ৰয়োজন যে, ইয়াৰ পূৰ্বে ফেডাৰেল আইন কাৰ্যকৰী হোৱাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে এই এপটো আমেৰিকাত বন্ধ কৰি দিয়া হৈছিল।

1 / 5
টিকটক সেৱা পুনৰ আৰম্ভ কৰাৰ বাবে টিকটক কৰ্তৃপক্ষই আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পক ধন্যবাদ জ্ঞাপন কৰে।  টিকটকে কয় যে, ৰাষ্ট্ৰপতি হিচাপে ট্ৰাম্পে শপত গ্ৰহণৰ পাছত এই সন্দৰ্ভত কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰাৰ পৰিকল্পনা কৰা হৈছে। গতিকে শীঘ্ৰেই পুনৰ আমেৰিকাৰ জনতাই ব্যৱহাৰ কৰিব পাৰিব টিকটক।

2 / 5
আমেৰিকাত পুনৰ টিকটকৰ ব্যৱহাৰ বাহাল কৰা সিদ্ধান্তক জনতাই আদৰণি জনাইছে। একাংশৰ মতে এয়া ভাল পদক্ষেপ।  উল্লেখ্য যে, শনিবাৰে মাজনিশা আমেৰিকাত হঠাতে টিকটক বন্ধ হৈ পৰিছিল।  ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশৰ ওপৰত লক্ষ্য ৰাখি এই নিষেধাজ্ঞা জাৰি কৰা হৈছিল। আমেৰিকাই অভিযোগ উত্থাপন কৰিছিল যে চীনৰ কোম্পানী টিকটকে নিজৰ এপৰ যোগেদি আমেৰিকাৰ গোপন তথ্য সংগ্ৰহ কৰে।

3 / 5
উল্লেখ্য যে, আজি ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। ইয়াৰ পাছতে টিকটক সন্দৰ্ভত ট্ৰাম্পে কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। খবৰ অনুসৰি চৰ্ত সাপেক্ষে ট্ৰাম্পে টিকটকৰ বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। ট্ৰাম্পে বিচাৰিছে টিকটক ৫০ শতাংশ বিনিয়োগ অমেৰিকাৰ বিনিয়োগকাৰীৰ হওক।

4 / 5
জানিব পৰা মতে, শনিবাৰে সন্ধিয়া স্থানীয় সময় অনুসৰি নিশা ৯ বজাত টিকটক আৰু কেপকাট দুয়োটা এপতে এটা সতৰ্কবাণী ওলাই আৰু পৰৱৰ্তী সময়ত ই বন্ধ হৈ পৰে। গতিকে পৰৱৰ্তী নিৰ্দেশ জাৰি নোহোৱা পৰ্যন্ত আমেৰিকাত বন্ধ থাকিব টিকটক।

5 / 5
Latest Stories