5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আজি বিশ্ব পৰ্যটন দিৱসঃ অসমসহ উত্তৰ-পূবৰ এইসমূহ স্থানত প্ৰতিফলন ঘটিছে এইবাৰৰ ‘থিম’

আজি ২৭ ছেপ্টেম্বৰ, এই দিনটোত বিশ্বজুৰি উদযাপন কৰা হয় বিশ্ব পৰ্যটন দিৱস। এই দিৱসটিৰ জৰিয়তে জনসাধাৰণৰ মাজত পৰ্যটনৰ গুৰুত্ব প্ৰচাৰ কৰাৰ লগতে ইয়াৰ প্ৰতি সচেতন কৰি তুলিবলৈ এক প্ৰয়াস কৰা হয়। এইবাৰ পৰ্যটন দিৱসৰ থিম ৰখা হৈছে ‘ভ্ৰমণ আৰু শান্তি’। অসমৰ লগতে উত্তৰ-পূব ভাৰতৰ এই স্থানসমূহত প্ৰতিফলন ঘটিছে বিশ্ব পৰ্যটন দিৱস ২০২৪ৰ এই থিম, কিয়নো এই স্থানসমূহৰ শান্তিপূৰ্ণ পৰিবেশে মোহিত কৰি তুলিব দৰ্শনাৰ্থীৰ মন।

monjit-dutta
Monjit Dutta | Updated On: 27 Sep 2024 00:29 AM
এখন দেশৰ জনমূৰি আয়ত পৰ্যটনৰ যথেষ্ট অৰিহণা থাকে। তদুপৰি পৰ্যটনে বিশ্বজুৰি বহু সংস্কৃতি আৰু স্থানৰ মাজত সংযোগ স্থাপন কৰে। বিশ্ব পৰ্যটন দিৱস ২০২৪ৰ বিষয়বস্তু হৈছে পৰ্যটন আৰু শান্তি। এই বিষয়বস্তু সুন্দৰকৈ খাপ খাই পৰা অসমসহ উত্তৰ-পুব ভাৰতৰ এনে কেইটামান স্থানৰ বিষয়ে চাওঁ আহক।

1 / 5
প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰ দিনটো বিশ্ব পৰ্যটন দিৱস হিচাপে পালন কৰা হয়। জনসাধাৰণক পৰ্যটনৰ গুৰুত্ব বিষয়ে সজাগ কৰি তুলিবলৈ এই দিৱস পালন কৰা হয়। ১৯৭০ চনত বিশ্ব পৰ্যটন সংস্থা প্ৰতিষ্ঠা কৰা হয়। তাৰ ঠিক ১০ বছৰৰ পাছত ১৯৮০ চনত প্ৰথমবাৰৰ বাবে ২৭ ছেপ্টেম্বৰত বিশ্ব পৰ্যটন দিৱস পালন কৰা হয়।

2 / 5
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, অসমঃ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বাবে পৃথিৱী বিখ্যাত। বিশ্বৰ সৰ্বপ্ৰান্তৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কাজিৰঙা। ছাফাৰীৰ জৰিয়তে দৰ্শনাৰ্থীসকলে কাজিৰঙাৰ শান্তিপূৰ্ণ পৰিৱেশ উপভোগ কৰিব পাৰিব। কাজিৰঙাৰ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যই যিকোনো ব্যক্তিকে মুহূৰ্ততে মোহিত কৰি তোলে।

3 / 5
গেংটক, ছিকিমঃ উত্তৰ-পূব ভাৰতৰ অন্যতম সৌন্দৰ্যশালী অঞ্চল ছিকিম। হিমালয়ৰ সৌন্দৰ্যৰে আগুৰি থকা ছিকিমৰ ৰাজধানী হৈছে গেংটক । ইয়াত নিৰ্মল বতাহ আৰু সু-বিস্তীৰ্ণ সেউজীয়াৰ মাজত এক সুকীয়া শান্তি বিচাৰি পাব প্ৰতিগৰাকী লোকে।

4 / 5
শ্বিলং, মেঘালয়ঃ অনন্য প্ৰাকৃতিক সৌন্দৰ্যৰে আৱৰি থকা মেঘালয়ৰ ৰাজধানী শ্বিলং সদায়ে পৰ্যটকৰ বাবে আকৰ্ষণস্থলী।  সেউজীয়া পাহাৰ আৰু কেইবাটাও জলপ্ৰপাত থকা শ্বিলঙত পৰ্যটকসকেলে উপভোগ কৰে অনন্য মানসিক প্ৰশান্তি।

5 / 5
Follow Us
Latest Stories