5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’

অসমীয়া সাহিত্যৰ বাবে ভাল খবৰ। যশস্বী সাহিত্যিক য়েছে দৰজে ঠংচিলৈ ২০২৪ বৰ্ষৰ অসম প্ৰকাশন পৰিষদৰ সাহিত্য বঁটা৷ বৃহস্পতিবাৰে সংবাদমেলযোগে অসম প্ৰকাশন পৰিষদে সদৰী কৰে এই তথ্য।

trishna-kalita
Trishna Kalita | Updated On: 26 Dec 2024 17:41 PM
সাহিত্যিক য়েছে দৰজে ঠংচিলৈ আগবঢ়োৱা হৈছে এই বর্ষৰ অসম প্রকাশন পৰিষদ সাহিত্য বঁটা। 'ধাৰ আৰু অন্যান্য গল্প' গ্ৰন্থৰ বাবে সাহিত্যিকগৰাকীলৈ এই সন্মান৷

1 / 5
এই বঁটাত আছে নগদ ৫ লাখ টকা, প্ৰশস্তি-পত্ৰ, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা৷ বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিৰ ‘ধাৰ আৰু অন্যান্য গল্প’ গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে গুৱাহাটীৰ ‘বনলতা’ই৷

2 / 5
বনলতালৈও আগবঢ়োৱা হৈছে অসম প্ৰকাশন পৰিষদৰ প্ৰকাশক বঁটা৷ প্ৰকাশকৰ বঁটাত আছে নগদ ৩ লাখ টকা, মানপত্ৰ, অংগবস্ত্ৰ আৰু কিতাপৰ টোপোলা৷

3 / 5
গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কাইলৈৰ পৰা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া
 অসম গ্ৰন্থমেলা, গুৱাহাটীৰ বাকৰিত আজি এক সংবাদমেল আয়োজন কৰা হয়। সংবাদমেলতে এই ঘোষণা প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাৰ৷

গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কাইলৈৰ পৰা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া অসম গ্ৰন্থমেলা, গুৱাহাটীৰ বাকৰিত আজি এক সংবাদমেল আয়োজন কৰা হয়। সংবাদমেলতে এই ঘোষণা প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাৰ৷

4 / 5
এই সন্দৰ্ভত সামাজিক মাধ্যমযোগে অভিনন্দন জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়,  "প্রথিতযশা সাহিত্যিক শ্রদ্ধাৰ য়েছে দৰজে ঠংচি ডাঙৰীয়ালৈ আগবঢ়োৱা হৈছে এই বর্ষৰ অসম প্রকাশন পৰিষদ সাহিত্য বঁটা। ‘ধাৰ আৰু অন্যান্য গল্প’ শীর্ষক সংকলনৰ বাবে স্বনামধন্য গল্পকাৰ তথা ঔপন্যাসিকগৰাকীক প্ৰদান কৰা হ'ব এই সন্মান । ইয়াৰ লগতে গ্রন্থখনৰ প্রকাশক ‘বনলতা’ই লাভ কৰিব এই বর্ষীয় প্রকাশকৰ বঁটা।"

5 / 5
Latest Stories