ধনুৰাসনঃ ধনুৰাসন শৰীৰ আৰু মনৰ বাবে অতি উপযোগী। দীৰ্ঘদিন ধৰি হাপানী ৰোগত আক্ৰান্ত লোকসকলে এই আসন কৰিব পাৰে। দৈনিক এই আসন কৰিলে বহু সমস্যাৰ পৰা পৰিত্ৰাণ হোৱা যায় লগতে হাপানীৰ সমস্যাৰ পৰাও কিছু সকাহ পোৱা যায়। এই আসন কৰাৰ সময়ত উশাহ নিশাহ লোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে।