শীতকালত কষ্ট হয় নেকি উশাহ-নিশাহ লোৱাত? তেন্তে প্ৰতিদিনে কৰক এই সহজ কাম... | yoga for breathing problem do this yoga everyday will be get relief from respiratory details in assamese Assam news - Assam Tv9

শীতকালত কষ্ট হয় নেকি উশাহ-নিশাহ লোৱাত? তেন্তে প্ৰতিদিনে কৰক এই সহজ কাম…

Published: 

13 Jan 2025 07:05 AM

Yoga for breathing problem: শীতকালত ছৰ্দি বা কাহ হোৱা স্বাভাৱিক কথা। কিন্তু বহু সময়ত কিছুমানৰ ইয়াৰ লগতে শ্বাস- প্ৰশ্বাসজনিত সমস্যা বৃদ্ধি হয়। বতৰৰ বাবে সাধাৰণতে এনে হয়। এনে পৰিস্থিতিত আগৰ পৰা ৰোগ থকা কিছুমানৰ বাবে সময় কঠিন হৈ পাৰে।

1 / 5ভুজংগাসন: শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ পৰা উপশম পাবলৈ বা হাওঁফাওঁ শক্তিশালী কৰিবলৈ আপুনি প্ৰতিদিনে ভুজংগাসন কৰিব পাৰে। প্ৰথম অৱস্থাত আপুনি এই যোগাসন দৈনিক ১-২ মিনিট কৰিব পাৰে। অৱশ্যে সময়ৰ লগে লগে ইয়াৰ সময়সীমা বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত বুকু, হাওঁফাওঁ, পেট আৰু কান্ধৰ পেশী শক্তিশালী হয় আৰু লগতে মেৰুদণ্ডকো নমনীয় কৰি তোলে।

ভুজংগাসন: শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ পৰা উপশম পাবলৈ বা হাওঁফাওঁ শক্তিশালী কৰিবলৈ আপুনি প্ৰতিদিনে ভুজংগাসন কৰিব পাৰে। প্ৰথম অৱস্থাত আপুনি এই যোগাসন দৈনিক ১-২ মিনিট কৰিব পাৰে। অৱশ্যে সময়ৰ লগে লগে ইয়াৰ সময়সীমা বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত বুকু, হাওঁফাওঁ, পেট আৰু কান্ধৰ পেশী শক্তিশালী হয় আৰু লগতে মেৰুদণ্ডকো নমনীয় কৰি তোলে।

2 / 5

উত্তৰাসনঃ শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে উত্তৰাসন এক উত্তম উপায়। দৈনিক কিছু সময় এই আসন কৰি শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ পৰা উপশম পাব পাৰিব। এই আসনে হাওঁফাওঁ শক্তিশালী কৰি ৰখাত সহায় কৰে। এই যোগাসন কৰিলে পিঠি আৰু কঁকালৰ বিষৰ পৰা উপশম পোৱা যায় আৰু লগতে পেটৰ পেশীবোৰো মজবুত হয়।

3 / 5

অৰ্ধমত্যেন্দ্ৰাসনঃ এই আসনক ইংৰাজীত ‘Half Spinal Twist’ বুলি কোৱা হয়। এই যোগাসন কৰিলে হাওঁফাওঁলৈ অক্সিজেনৰ যোগান ভাল হয়। ইয়াৰোপৰি এই যোগাসনসমূহে পিৰিয়ড, কান্ধৰ লগত জড়িত সমস্যাসমূহ কমোৱাত সহায় কৰে। ইয়াৰ উপৰিও পিঠিৰ ওপৰৰ অংশ আৰু ডিঙিৰ পেশীৰ সমস্যা হ্ৰাস কৰে।

4 / 5

গৌমুখাসনঃ শ্বাস-প্ৰশ্বাসজনিত সমস্যা থকা লোকৰ বাবে গৌমুখাসন অতি উপকাৰী। হাপানী ৰোগত আক্ৰান্তসকলে এই যোগাসন কৰিব পাৰে। ইয়াৰ ফলত যথেষ্ঠ সকাহ পোৱা যায়। ইয়াৰ লগতে ই নিতম্ব আৰু কঁকালৰ বিষ, কান্ধৰ জঠৰতা, ডিঙিৰ বিষ আদি কম কৰাত সহায় কৰে। ইয়াৰ ফলত মানসিক স্বাস্থ্যও ভাল হয়।

5 / 5

প্ৰাণায়মঃ শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ পৰা হাত সাৰিবলৈ দৈনিক প্ৰাণায়ম কৰিব পাৰে। শীতকালত বাৰে বাৰে উশাহ-নিশাহৰ সমস্যাৰ সৃষ্টিত বাধা দিবলৈ কপালাভতী, নদী শোধন প্ৰাণায়াম, অনুলোম-ভিলোম, আৰু ভ্ৰামাৰী আদি কৰিব পাৰি। ই শৰীৰৰ লগতে মানুহৰ মানসিক স্বাস্থ্যও উন্নত কৰে।

উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!
কোনসকল লোকে মধুৰিআম খাব নালাগে?
মাঘ বিহুত কিয় জ্বলোৱা হয় মেজি? ইয়াৰ নিয়ম সম্পৰ্কে জানক...