ভূজংগাসনঃ এই আসন শৰীৰৰ বাবে অতি উপকাৰী। ভূজংগাসন কৰিলে যকৃত, বৃক্ক, হৃদযন্ত্ৰ আৰু হাওঁফাওঁ আদিৰ উপকাৰ হোৱাৰ লগতে ই হজম শক্তিও ভাল কৰে। এই আসনৰ দ্বাৰা মহিলাসকলে মাহেকীয়াৰ লগত জড়িত সমস্যাৰ পৰা সকাহ পায়। আনহাতে এই যোগ আসনে শক্তিও দিয়ে। যদি আপুনি নিজক ফিট, সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে প্ৰতিদিনে এই আসন কৰিব পাৰে। মেৰুদণ্ডত নমনীয়তা আনে, যাৰ ফলত কঁকালৰ বিষৰ পৰা পৰিত্ৰাণ পোৱা যায়। Photo: Westend61/gettyimage