কোষ্ঠকাঠিন্য আৰু গেছৰ সমস্যাত ভুগিছে নেকি? এই ৫ যোগাসন কৰিলে লগে লগে পাব পৰিত্ৰাণ... | yoga for f constipation and gas problem do this 5 yoga everyday know in details Assam news - Assam Tv9

কোষ্ঠকাঠিন্য আৰু গেছৰ সমস্যাত ভুগিছে নেকি? এই ৫ যোগাসন কৰিলে লগে লগে পাব পৰিত্ৰাণ…

Published: 

19 Nov 2024 14:55 PM

শৰীৰ আৰু মন সুস্থ কৰি ৰাখিবলৈ যোগাসন এক উত্তম উপায়। আজিৰ সময়ত ব্যস্ত জীৱনৰ বাবে মানুহে বিভিন্ন সমস্যাত ভোগে। সঠিক সময়ত খোৱা বোৱা নকৰা বা বিভিন্ন কাৰণত প্ৰায়ভাগ মানুহে কোষ্ঠকাঠিন্য আৰু গেছৰ সমস্যাত ভোগে। অৱশ্যে এনে সমস্যাৰ পৰা যোগাসনৰ দ্বাৰা কিছু সকাহ পাব পাৰি।

1 / 5পৱনমুক্তাসনঃ

পৱনমুক্তাসনঃ পেটৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ পৱনমুক্তাসন কৰিব পাৰে। এই যোগাসন দৈনিক কৰিলে কোষ্ঠকাঠিন্য আৰু পেটৰ গেছ উপশম হয়, লগতে পাচনতন্ত্ৰও শক্তিশালী হয়। সঘনাই পেটৰ সমস্যাত ভুগি থকা লোকসকলে এই আসন কৰিব পাৰে। এই আসন শৰীৰৰ বাবে অত্যন্ত উপযোগী। Photo_ Anastassiya Bezhekeneva/getty image

2 / 5

মালাসনঃ নিয়মিতভাৱে মালাসন অভ্যাস কৰিলে পাচনতন্ত্ৰ সক্ৰিয় হয় আৰু কেইদিনমানৰ ভিতৰতে কোষ্ঠকাঠিন্যৰ পৰা উপশম পোৱা যায়। এই আসন মহিলাৰ বাবে উপকাৰী। এই আসন কৰিলে মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষৰ পৰা পৰিত্ৰাণ পোৱা যায়। লগতে ই মুড ঠিক কৰে আৰু পেলভিক শক্তিশালী কৰে। গৰ্ভাৱস্থাতো এই আসন কৰিব পাৰে। photo_ FilippoBacci/gettyimage

3 / 5

ব্ৰজাসনঃ এই আসন খাদ্য খোৱাৰ পাছতেই কৰিব পাৰে। এই আসনটো কৰিলে খাদ্য সহজে হজম হয়। যদি আপুনি খোজ কাঢ়িবলৈ সময় নাপায়, তেন্তে খাদ্য খোৱাৰ পিছত কিছু সময় বজ্ৰাসনত বহিব পাৰে। ইয়াৰ বাহিৰেও নিয়মিতভাৱে এই আসন অনুশীলন কৰিলে গেছ, কোষ্ঠকাঠিন্য, বদহজম আদি সমস্যাৰ পৰা সকাহ পোৱা যায়। photo: Westend61/Westend61/Getty Images

4 / 5

মন্দুকাসনঃ এই আসম পেটৰ বাবে অতি উপকাৰী। এই আসনৰ দ্বাৰা কোষ্ঠকাঠিন্য, বদহজম আদি পাচনতন্ত্ৰৰ সমস্যাৰ পৰা সকাহ পোৱা যায়। লগতে এই আসন নিয়মিত কৰিলে মানসিক চাপ কমোৱা,ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰা আদিত সহায় কৰে। এই আসনৰ পদ্ধতি অতি সহজ। photo: IndiaPix/IndiaPicture-gettyimage

5 / 5

ভূজংগাসনঃ এই আসন শৰীৰৰ বাবে অতি উপকাৰী। ভূজংগাসন কৰিলে যকৃত, বৃক্ক, হৃদযন্ত্ৰ আৰু হাওঁফাওঁ আদিৰ উপকাৰ হোৱাৰ লগতে ই হজম শক্তিও ভাল কৰে। এই আসনৰ দ্বাৰা মহিলাসকলে মাহেকীয়াৰ লগত জড়িত সমস্যাৰ পৰা সকাহ পায়। আনহাতে এই যোগ আসনে শক্তিও দিয়ে। যদি আপুনি নিজক ফিট, সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে প্ৰতিদিনে এই আসন কৰিব পাৰে। মেৰুদণ্ডত নমনীয়তা আনে, যাৰ ফলত কঁকালৰ বিষৰ পৰা পৰিত্ৰাণ পোৱা যায়। Photo: Westend61/gettyimage

ঠাণ্ডা দিনত কমলা খাব লাগে নে নাই? কি কয় বিশেষজ্ঞই...
ভুলতো ঘৰত নাৰাখিব এইসমূহ দেৱ-দেৱীৰ মূৰ্তি বা প্ৰতিমা...
পৃথিৱীৰ এনে এখন দেশ, য’ত নাই এখনো কাৰাগাৰ! ক’ত ৰখা হৈছে বন্দীসকলক?
ঘৰত থকা তুলসী গছ শুকাই গৈছে নেকি! তেন্তে লগে লগে কৰক এই কাম, অন্যথা হ’ব পাৰে আৰ্থিক সংকট