5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Yoga for Good health: বয়স বৃদ্ধিৰ লগে লগে দেখা দিছে নেকি বিভিন্ন সমস্যাই? তেন্তে কৰক এই যোগাসন…

Yoga for good health: শৰীৰ আৰু মন সুস্থ কৰি ৰখাৰ যোগাসন এক উত্তম উপায়। বয়স যিমানেই বাঢ়ি যায় সিমানে শৰীৰতো ইয়াৰ প্ৰভাৱ পৰে। এই সময়খিনিত দৈনিক যোগাসন কৰিলে বহু বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি আৰু শৰীৰ- মন সুস্থ হৈ থাকে।

barasha-sarma
Barasha Sarma | Published: 27 Oct 2024 14:05 PM
উত্তাসনঃ   বয়স বৃদ্ধিৰ প্ৰভাৱ ভৰিৰ ওপৰতো পৰিবলৈ আৰম্ভ কৰে।  উদাহৰণ স্বৰূপে খোজকঢ়াত সমস্যা, ভাগৰুৱা, আঁঠুৰ বিষ আদি। গতিকে প্ৰতিদিনে উত্তাসন কৰক। ইয়াৰ ফলত গোৰোহা, উৰু, মেৰুদণ্ড, আঁঠুৰ শক্তি বৃদ্ধি পায়। ই হজম শক্তিও ভাল কৰে। হৃদযন্ত্ৰ ভালে থাকে।  Pic Credit: Pexels

1 / 6
বীৰভদ্ৰাসনঃ এই যোটগাসন কৰিলে শৰীৰ শক্তিশালী হয়।এই আসনৰ ফলত কান্ধ. গোৰোহা, পিঠি, ভৰিৰৰ পেশী শক্তিশালী হোৱাৰ লগতে কঁকালৰ বিষ, গাঁঠিৰ বিষ আদিৰ পৰা সকাহ পোৱা যায়। ই  মানসিক একাগ্ৰতা বৃদ্ধিতো সহায় কৰে।   Pic Credit: Pexels

2 / 6
ভুজংগাসনঃ বয়স বৃদ্ধিৰ প্ৰভাৱ হৃদযন্ত্ৰতো পৰে। গতিকে এই যোগাসন কৰিলে হৃদযন্ত্ৰ আৰু হাওঁফাওঁ সুস্থ থাকে। ই মেৰদণ্ডত শক্তি প্ৰদান কৰে। ঋতুস্ৰাৱৰ সমস্যাত ভুগি থকা মহিলাসকলেও এই যোগাসন কৰিব পাৰে। এই আসনে ভাগৰ নাইকীয়া কৰে আৰু শৰীৰক সুস্থ কৰি ৰাখে।  Pic Credit: Pexels

3 / 6
বালাসনঃ এই আসন অতি সহজ আৰু উত্তম। ই শৰীৰৰ লগতে মগজুকো সুস্থ কৰি ৰাখে। এই আসন কৰিলে গোৰোহা আৰু উৰু শক্তিশালী হয়। এই যোগাসনৰ ফলত তেজৰ সঞ্চালন ভাল হয় যাৰ ফলত চুলি সৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰিব। অলপ সময় এই যোগাসন কৰাৰ পাছতেই শৰীৰে বহু সকাহ অনুভৱ কৰে। Pic Credit: Pexels

4 / 6
তাদাসনঃ এই আসন প্ৰাপ্তবয়স্কলোকৰ লগতে শিশুৰ বাবেও উপকাৰী। এই আসনৰ পৰা বহু উপকাৰ লাভ কৰিব পাৰি। বয়স বৃদ্ধিৰ লগে লগে কান্ধ, পিঠি আদিত সমস্যাই দেখা দিয়ে। দৈনিক এই আসন কৰিলে শৰীৰ শক্তিশালী হৈ থাকে ।এই আসনে পিঠি, কঁকাল আৰু উৰুৰ মাংসপেশীৰ জঠৰতাৰ ফলত হোৱা বিষ ৰোধ কৰে। Pic Credit: Pexels

5 / 6
ধ্যানঃ বয়স বৃদ্ধিৰ লগে লগে মানসিক চাপো বৃদ্ধি হয়।এনে সমস্যাৰ পৰা আঁতৰি থাকিবলৈ আৰু মন সুস্থ কৰি ৰাখিবলৈ দৈনিক ধ্যান কৰক। ই শৰীৰৰ বাবে বহু উপকাৰী। ভাল টোপনি অহা, স্মৃতিশক্তি উন্নত কৰাত সহায় কৰে। Pic Credit: Pexels

6 / 6
Latest Stories