Yoga for hair loss: চুলি সৰাৰ সমস্যাত ভুগিছে নেকি? তেন্তে কৰক এই যোগাসন, পাব সুফল... | yoga for hair loss do this 6 yoga hair loss will be stop Assam news - Assam Tv9

Yoga for hair loss: চুলি সৰাৰ সমস্যাত ভুগিছে নেকি? তেন্তে কৰক এই যোগাসন, পাব সুফল…

Published: 

27 Nov 2024 16:50 PM

Yoga for hair loss: শৰীৰ আৰু মনৰ বাবে অতি জৰুৰী যোগাসন। দৈনিক যোগাসন কৰাৰ অভ্যাস গঢ়ি তুলিলে শৰীৰৰ লগতে মনো শান্ত হৈ থাকে। চুলি সৰা সমস্যা ৰোধ কৰাৰ বাবেও যোগাসন উত্তম উপায়।

1 / 6শশাকাসন: চুলি সৰা পৰা পৰিত্ৰাণ পাবলৈ দৈনিক শশাকাসম কৰিব পাৰে। এই যোগ আসন কৰিলে মূৰৰ ফালে ৰক্ত সঞ্চালন উন্নত হয়, যাৰ ফলত চুলি সৰা কম হোৱাৰ লগতে মন শান্ত হয়। এই আসন কৰিলে ডিঙি, কান্ধ, পিঠিৰ পেশীৰ বিষ আৰু জঠৰতাৰ পৰা উপশম পোৱা যায় আৰু পেটৰ চৰ্বি কমোৱাতো ই সহায়ক। (AzmanL/E+/Getty Images)

শশাকাসন: চুলি সৰা পৰা পৰিত্ৰাণ পাবলৈ দৈনিক শশাকাসম কৰিব পাৰে। এই যোগ আসন কৰিলে মূৰৰ ফালে ৰক্ত সঞ্চালন উন্নত হয়, যাৰ ফলত চুলি সৰা কম হোৱাৰ লগতে মন শান্ত হয়। এই আসন কৰিলে ডিঙি, কান্ধ, পিঠিৰ পেশীৰ বিষ আৰু জঠৰতাৰ পৰা উপশম পোৱা যায় আৰু পেটৰ চৰ্বি কমোৱাতো ই সহায়ক। (AzmanL/E+/Getty Images)

2 / 6

শিৰ্ষাসনঃ এই আসনে চুলি সৰা কম কৰাৰ লগতে ছালকো উপকৃত কৰে। ইয়াৰোপৰি শিৰ্ষাসন কৰিলে চকু সুস্থ হৈ থাকে আৰু শৰীৰ লগত জড়িত বহু সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়। ই মানসিক চাপ কমোৱাত সহায় কৰে। Jose Martinez/Getty Images

3 / 6

মৎস্যাসনঃ এই আসনে হৰম’নৰ ভাৰসাম্যহীনতা শুধৰোৱাত সহায় কৰে, যিয়ে চুলি সৰা ৰোধ কৰাত সহায় কৰে। ইয়াৰ উপৰিও এই যোগ আসন কৰিলে মগজুত ৰক্ত সঞ্চালন উন্নত হয়, যাৰ ফলত মানসিক চাপৰ পৰা সকাহ পোৱা যায়। ইয়াৰ ফলত চুলি ভাল হয়। মাহেকীয়া সমস্যাৰ বাবে এই যোগাসন উপকাৰী। AzmanL//E+/Getty Images

4 / 6

অধো মুখ স্বনাসনঃ এই আসন দৈনিক সমগ্ৰ শৰীৰৰ ৰক্ত সঞ্চালন উন্নত হয়।এই যোগ আসন কৰিলে চুলিৰ লগতে ছালো ভাল হয়। ইযাৰ ফলত ছালৰ উজ্বলতা বৃদ্ধি পায়। এই আসনে পেটৰ চৰ্বি হ্ৰাস কৰাৰ লগতে ভৰি, গোৰোহা আদিৰ পেশীবোৰক নমনীয় কৰি তোলে, যাৰ ফলত বিষৰ পৰা সকাহ পোৱা যায়।

5 / 6

উত্তৰাসনঃ এই আসন দৈনিক কৰিলে চুলি সৰা কমে। এই আসন কৰিলে চুলি সৰা ৰোধ কৰাত সহায় হোৱাৰ লগতে মূৰৰ বিষ আৰু অনিদ্ৰাৰ দৰে সমস্যাও হ্ৰাস পায়। এই যোগ আসনে ৰক্ত সঞ্চালন উন্নত কৰাৰ লগতে মনক শান্ত কৰি ৰখাত সহায় কৰে। ইয়াৰ ফলত পিঠি আৰু কঁকালৰ পেশীবোৰো নমনীয় হৈ পৰে।AzmanJaka/Getty Images

6 / 6

প্ৰণায়মঃ যোগৰ বাহিৰেও চুলি সৰা ৰোধ কৰিবলৈ দৈনিক কিছু সময় প্ৰাণায়াম কৰিব লাগে। এই প্ৰাণায়ামে হৰম’নৰ ভাৰসাম্যহীনতা উন্নত কৰাত ফলপ্ৰসূ । হৰম’নৰ ভাৰসাম্যহীনতাও চুলি সৰাৰ এটা প্ৰধান কাৰণ।এই আসনে শ্বাস-প্ৰশ্বাসতন্ত্ৰ শক্তিশালী কৰা, ৰক্ত শুদ্ধ কৰা, অক্সিজেনৰ প্ৰবাহ উন্নত কৰা, একাগ্ৰতা বৃদ্ধি কৰা, মানসিক চাপ হ্ৰাস কৰা, পাচনতন্ত্ৰৰ উন্নতি কৰা আদিতো ফলপ্ৰসূ।Deepak Sethi/E+/Getty Images

মহাকাশত মহাকাশচাৰীসকলৰ বাবে কিদৰে খাদ্যৰ ব্যৱস্থা কৰা হয়?
বুধবাৰৰ দিনটোত নকৰিব বিত্তীয় লেনদেন, খালী হ'ব ধনৰ ভঁৰাল!
কাউৰী ঘৰলৈ আহিলে কি সংকেত পোৱা যায়? জানক কি কয় বাস্তু শাস্ত্ৰই...
শনি দোষৰ পৰা মুক্তি পাবলৈ শিৱ লিংগত অৰ্পন কৰক এই ৫ বস্তু...