5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Yoga for Hair: চিন্তা নাই! এই যোগাসন কৰিলে সমাধান হ’ব চুলি সৰা সমস্যা…

Yoga for hair problem: যোগাসনে শৰীৰৰ লগতে মনটোও শান্ত কৰি ৰাখে। বহু আসন আছে যিয়ে শৰীৰৰ বিভিন্ন সমস্যা সমাধান কৰে। এনে কেইটামান আসন তলত উল্লেখ কৰা হ'ল যিয়ে চুলি সৰা বন্ধ কৰাত সহায় কৰে।

barasha-sarma
Barasha Sarma | Published: 24 Sep 2024 13:10 PM
শশাকাসন: চুলি সৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ দৈনন্দিন জীৱনত শশাকাসন অৰ্থাৎ শহাপহুৰ ভংগীমা কৰক। এই আসন কৰিলে আঁঠুত ধৰি মূৰতো আগলৈ বেকা কৰি মাটিত ৰাখিব লাগে। এই যোগ আসন কৰিলে মূৰৰ ফালে ৰক্ত সঞ্চালন উন্নত হয়, যাৰ ফলত চুলি সৰা কম হয়। লগতে মানসিক সমস্যাও সমাধান হয়। ইয়াৰ ফলত ডিঙি, কান্ধ,পেশীৰ বিষ আদি কম হয়।  (AzmanL/E+/Getty Images)

1 / 5
শীৰ্ষাসনঃ  এই আসন কৰিলে চুলি সৰা সমস্যা কম হোৱাৰ লগতে চুলি দীঘল হোৱাত সহায় কৰে। এই আসন কৰিলে চকুও সুস্থ হৈ থাকে। লগতে ই মানসিক শান্তি দিয়ে। হৃদৰোগৰ ক্ষেত্ৰতো এই আসন ভাল। (Jose Martinez/Getty Images)

2 / 5
মৎস্যাসন: এই আসনে হৰম’নৰ ভাৰসাম্যহীনতা শুধৰোৱাত সহায় কৰে, যিয়ে চুলি সৰা ৰোধ কৰাত সহায় কৰে। এই যোগাসনৰ ফলত মগজুত ৰক্ত সঞ্চালন উন্নত হয় আৰু মানসিক চাপৰ পৰা সকাহ পোৱাত সহায় হয়। মাহেকীয়াৰ লগত জড়িত সমস্যাও ই সমাধান কৰে। ( AzmanL//E+/Getty Images)

3 / 5
অধো মুখ স্বনাসনঃ এই আসন কৰিলেও চুলি সৰা সমস্যা বহু পৰিমাণে ৰোধ হয়। ই চুলিৰ লগতে ছালত এক গ্লো আনে। এই আসনে পেটৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰাৰ লগতে ভৰি, গোৰোহা আদিৰ পেশীবোৰক নমনীয় কৰি তোলে। যাৰ ফলত বিষৰ পৰা পৰিত্ৰাণ পোৱা যায়। (Portra/Getty Images)

4 / 5
উত্তৰাসনঃ এই যোগাসন কৰিলে চুলি সৰা সমস্যা কম হয়। লগতে মূৰৰ বিষ আৰু অনিদ্ৰাৰ সমস্যাৰ পৰাও সকাহ পোৱা যায়। ই শৰীৰৰ ৰক্ত সঞ্চালন উন্নত কৰাৰ লগতে মন শান্ত কৰি ৰাখে। (AzmanJaka/Getty Images)

5 / 5
Follow Us
Latest Stories