Yoga For Health: বিচাৰিছে নেকি ভাল স্মৃতি শক্তি? তেন্তে আৰম্ভ কৰক এই কাম | Yoga For Health 5 YOGA POSES FOR SHARP MEMORY IN ASSAMESE Assam news - Assam Tv9

Yoga For Health: বিচাৰিছে নেকি ভাল স্মৃতি শক্তি? তেন্তে আৰম্ভ কৰক এই কাম

Published: 

27 Aug 2024 15:07 PM

যোগাসন কৰা আমাৰ শৰীৰ আৰু মনৰ বাবে অতি জৰুৰী। কিছুমান যোগাসন আছে যি কৰিলে মানসিক শান্তি পোৱাৰ লগতে স্মৃতিশক্তি বৃদ্ধিত সহায় কৰে। এই যোগাসনৰ প্ৰভাৱ শৰীৰৰ লগতে মনৰ ওপৰতো পৰে।

1 / 5পাচ্চিমোট্টাসনঃ

পাচ্চিমোট্টাসনঃ এই আসন কৰিলে মেৰুদণ্ড শক্তিশালী হয় আৰু পিঠি, কান্ধৰ পেশীবোৰ শক্তিশালী হয়। এই যোগাসন কৰিলে শ্বাস- প্ৰশ্বাসৰ সমস্যা ভাল হোৱাৰ লগতে মানসিক চাপ, ভাগৰ, মূৰৰ বিষ আদিৰ পৰা সকাহ পোৱা যায়। এই আপোনাৰ মনক শান্তি কৰি মনোগ বৃদ্ধিত সহায় কৰে।

2 / 5

চাইল্ড প'জঃ এই যোগাসন কৰিলে মগজু শান্ত হৈ থাকে। ইয়াক বালাসন বুলিও কোৱা হয়। ই অনিদ্ৰাৰ সমস্যাৰ পৰা মুক্তি দিয়াৰ লগতে কঁকাল, পিঠি, কান্ধ আদিৰ বিষৰ পৰাও সকাহ দিয়ে।ইয়াৰ দ্বাৰা চুলি সৰা সমস্যাও নিয়ন্ত্ৰণ হয় আৰু মনোযোগ বৃদ্ধিৰ বাবেও ই ফলপ্ৰসূ।

3 / 5

সৰ্বাংগাসন:এই আসন কৰিলে পেশীৰ শক্তি আৰু নমনীয়তা বৃদ্ধি হয়। এই আসন কৰিলে ডিঙি, কান্ধ, নিতম্ব আৰু মেৰুদণ্ডৰ নমনীয়তা বৃদ্ধি পায়। এই আসনৰ সময়ত তেজৰ সোঁত ওপৰলৈ হয়, যাৰ ফলত মগজুৰ উপকাৰ হয়। ইয়াৰ উপৰিও আপোনাৰ মুখৰ ছাল আৰু চুলিও সুস্থ হৈ উঠে।

4 / 5

চক্ৰাসনঃ এই আসন কঠিন আসন যদিও ইয়াৰ উপকাৰো কম নহয়। এই আসন কৰিলে হাওঁফাওঁ শক্তিশালী হয় আৰু হাত, ভৰি, নিতম্ব, পেট আৰু পিঠিৰ পেশীৰ মূল পেশীবোৰ মজবুত হয়। এই আসনে মানসিক চাপ কমাই একাগ্ৰতা বৃদ্ধিত সহায় কৰে।

5 / 5

হালাসনাঃ এই আসনো শৰীৰৰ বাবে অত্যন্ত লাভজনক। এই যোগ আসন কৰিলে মানসিক চাপৰ পৰা সকাহ পোৱাৰ লগতে জ্ঞানমূলক কাৰ্য্যক্ষমতা (চিন্তা, বুজা আৰু মনত ৰখাৰ ক্ষমতা) উন্নত হয়। এই আসন কৰিলে মানসিক স্পষ্টতা বৃদ্ধি হয়।

Follow Us On
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version