02 Jun 2024 12:37 PM
পশ্চিমোত্তনাসনঃ এই যোগ আসন কৰিলে মেৰুদণ্ড শক্তিশালী হয় আৰু লগতে পিঠি আৰু কান্ধৰ পেশীবোৰো নমনীয় হয়। এই যোগ আসন কৰিলে শ্বাস-প্ৰশ্বাসৰ ক্ষমতা বৃদ্ধি হোৱাৰ লগতে মানসিক চাপ,ভাগৰ,মূৰৰ বিষ আদি সমস্যাৰ পৰাও সকাহ পোৱা যায়। ই আপোনাৰ মনটোক শান্ত কৰে আৰু মনোযোগ বৃদ্ধি কৰাত সহায় কৰে।
চাউল্ড প'জ অৰ্থাৎ বালাসন অনুশীলন কৰাটোও আপোনাৰ মগজুৰ বাবে উপকাৰী। এই আসনে মানসিক চাপ, হতাশা আৰু অনিদ্ৰা আদি সমস্যাৰ পৰা যথেষ্ট সকাহ দিয়ে। ইয়াৰ উপৰিও বালাসন কৰিলে কঁকাল, পিঠি আৰু কান্ধৰ বিষৰ পৰাও সকাহ পোৱা যায়। চুলি সৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈও এই যোগ আসন ফলপ্ৰসূ বুলি গণ্য কৰা হয়।
সৰ্বাংগাসনঃ এই যোগ আসন পেশীৰ শক্তি আৰু নমনীয়তা বৃদ্ধিৰ বাবে অতি উপকাৰী। এই আসন কৰিলে ডিঙি, কান্ধ,মেৰুদণ্ডৰ নমনীয়তা বৃদ্ধি পায়। এই আসনৰ সময়ত তেজৰ সোঁত ওপৰলৈ হয়, যাৰ ফলত মগজুৰ উপকাৰ হয়। ইয়াৰ উপৰিও আপোনাৰ মুখৰ ছাল আৰু চুলিও সুস্থ হৈ উঠে।
চক্ৰাসনঃ এই আসনখন অতি কঠিন আসন যদিও ইয়াৰ উপকাৰো কম নহয়। এই আসন কৰিলে হাওঁফাওঁ শক্তিশালী হয় আৰু হাত,ভৰি,পেট আৰু পিঠিৰ পেশীৰ মূল পেশীবোৰ সুস্থভাৱে টানিব পৰা যায়, যাৰ ফলত শৰীৰটো নমনীয় হৈ পৰে। এই আসনে মানসিক চাপ কমাই একাগ্ৰতা বৃদ্ধিত সহায় কৰে।
হলাসনঃ যদি আপুনি মানসিক স্বাস্থ্যৰ উন্নতি কৰিব বিচাৰে তেন্তে দৈনন্দিন হলাসনা কৰিব পাৰে। এই যোগ আসন কৰিলে মানসিক চাপৰ পৰা সকাহ পোৱাৰ লগতে জ্ঞানমূলক কাৰ্য্যক্ষমতা (চিন্তা, বুজা আৰু মনত ৰখাৰ ক্ষমতা) উন্নত হয়। এই আসন কৰিলে মানসিক স্পষ্টতা বাঢ়ি যায় আৰু আপুনি যিকোনো কাম ভালকৈ কৰিবলৈ সক্ষম হয়।