5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

YOGA: হৃদযন্ত্ৰক সুস্থ কৰি ৰাখিবলৈ কৰক এই যোগাসন, মানসিক চাপো থাকিব নিয়ন্ত্ৰণত

পূৰ্বতে নিৰ্দিষ্ট এক বয়সৰ পাছত সাধাৰণতে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগে দেখা দিছিল। কিন্তু এতিয়া যুৱক-যুৱতীৰ মাজতো এই ৰোগ দেখা যায়। দিনক দিনে এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। খাদ্যভাস বা জীৱনশৈলীৰ বাবে এই সমস্যা বৃদ্ধি হোৱা দেখা যায়। কিন্তু এনে কেইটামান যোগাসন আছে যি কৰিলে স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী।

barasha-sarma
Barasha Sarma | Published: 15 Sep 2024 08:23 AM
ব্ৰীজ প'জ বা সেতুবন্ধাসনঃ এই যোগাসনে মানসিক চাপৰ হৰম’ন কমোৱাত সহায় কৰে আৰু লগতে তেজৰ সঞ্চালন উন্নত কৰে। এই যোগ আসন কৰিলে ৰক্তচাপও নিয়ন্ত্ৰণত থাকে। সেয়েহে হৃদয় আৰু মগজু দুয়োটাই শান্ত অৱস্থাত থাকে। ইয়াৰ উপৰিও এই যোগ আসনে পিঠি, কান্ধ, কঁকাল আদিৰ বিষৰ পৰাও উপশম দিয়ে। Photo: Ankit Sah/getty image

1 / 5
কেট প'জ বা মাৰ্জাৰীৰ আসনঃ এই যোগ আসনত শৰীৰটোক মেকুৰীৰ দৰে আকৃতিত ধৰি ৰাখিব লাগে। এই আসন অনুশীলনে হৃদৰোগ ৰোধ কৰাৰ লগতে কঁকালৰ বিষৰ সমস্যা ৰোধ কৰাতো সহায় কৰে। photo: AscentXmedia/E+/Getty Images

2 / 5
ভুজংগাসন বা কোব্ৰা প’জ: এনেধৰণৰ যোগাসন কৰিলে বুকু, পেট, হাওঁফাওঁৰ পেশীবোৰ প্ৰসাৰিত হয় আৰু লগতে শৰীৰৰ মানসিক চাপও কমি যায়। এই যোগাসনে পেটৰ চৰ্বি কমোৱাতো সহায় কৰে, যিয়ে আপোনাৰ হৃদযন্ত্ৰ আৰু যকৃতকো উপকৃত কৰে। এই যোগ আসন কৰিলে ৰক্ত সঞ্চালন উন্নত হয় আৰু লগতে কঁকালৰ বিষ, মাহেকীয়াৰ সময়ত পেটৰ বিষ, পাচনতন্ত্ৰৰ সমস্যা আদিৰ পৰাও সকাহ পোৱা যায়। Photo: Westend61/Westend61/Getty Images

3 / 5
ষ্টেণ্ডিং ফৰৱাৰ্ড বেণ্ড অৰ্থাৎ উত্তনাসন: এই যোগ আসন কৰিলে মগজুত অক্সিজেনৰ ভাল প্ৰবাহ হয়, যাৰ ফলত মানসিক চাপ  কমে। ই উচ্চ ৰক্তচাপও নিয়ন্ত্ৰণত ৰাখে যি হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ প্ৰয়োজনীয়। এই আসনে মূৰৰ বিষ, অনিদ্ৰা, পাচনতন্ত্ৰৰ সমস্যা, হাঁপানী আদিৰ পৰাও উপশম পোৱাত সহায় কৰে। Photo: AzmanJaka/getty image

4 / 5
ৱাৰিয়ৰ পজ বা  বীৰাভদ্ৰাসনঃ এই  যোগ আসন  নিয়মিতভাৱে কৰিলে সমগ্ৰ শৰীৰৰ উপকাৰ হয় আৰু মানসিক স্বাস্থ্যও সুস্থ হৈ থাকে। এই যোগ আসন কৰিলে টোপনি উন্নত হোৱাৰ লগতে স্মৃতি শক্তিও বৃদ্ধি পায়।  ই বুকু আৰু হাওঁফাওঁতো প্ৰভাৱ পেলাই যাৰ বাবে হৃদযন্ত্ৰও সুস্থ হৈ থাকে। Photo: Mayur Kakade/getty image

5 / 5
Follow Us
Latest Stories