Yoga For Mental Health: এই ৫টা যোগাসন কৰি দূৰ কৰক মানসিক চাপ… – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

Yoga For Mental Health: এই ৫টা যোগাসন কৰি দূৰ কৰক মানসিক চাপ…

Updated On: 

22 Jun 2024 11:44 AM

আপুনিও ভুগিছে নেকি মানসিক চাপত ? আজিৰ ব্যস্ত সময়ত মানসিক চাপৰ সন্মুখীন হোৱাতো প্ৰায় সাধাৰণ কথা। কিন্তু প্ৰতিদিনে যোগাসন কৰিলে আপুনি কিছু পৰিমাণে মানসিক চাপৰ পৰা পৰিত্ৰাণ পাব পাৰে।

1 / 5জীৱনশৈলী বা ব্যস্ততাৰ বাবে মানুহে নিজকে সময় দিব নোৱাৰে। যাৰ বাবে চিন্তা বা মানসিক চাপ বৃদ্ধি পায়। কিন্তু আপুনি নিয়মিত যোগাসন কৰিলে মানসিক চাপৰ পৰা মুক্ত হ'ব পাৰে। শৰীৰৰ লগতে ই মানসিক স্বাস্থ্যতো ইতিবাচক প্ৰভাৱ পেলায়।

জীৱনশৈলী বা ব্যস্ততাৰ বাবে মানুহে নিজকে সময় দিব নোৱাৰে। যাৰ বাবে চিন্তা বা মানসিক চাপ বৃদ্ধি পায়। কিন্তু আপুনি নিয়মিত যোগাসন কৰিলে মানসিক চাপৰ পৰা মুক্ত হ'ব পাৰে। শৰীৰৰ লগতে ই মানসিক স্বাস্থ্যতো ইতিবাচক প্ৰভাৱ পেলায়।

2 / 5

বালাসনঃ বালাসন কৰিবলৈ গোৰোহাত বহিব লাগে। তাৰ পাছত আগলৈ বেকা হৈ হাত দুখন মেলি দিব লাগে। লগতে কপালখনে মাটি স্পৰ্শ কৰিব লাগে। কিছু সময় এই ভংগীমাত থাকিব লাগে। এনেদৰে ৩ বাৰ কৰিব লাগে। ইয়ে মানসিক চাপ কম কৰাত সহায় কৰে।

3 / 5

সেতু বন্ধাসনঃ যোগাসনৰ মেটত আপুনি পিঠিত ভৰ দি শুৱক। তাৰ পাছত শৰীৰৰ দুয়োফালে হাতৰ তলুৱা তললৈ মুখ কৰি ৰাখক। এতিয়া আঁঠু দুটা বেঁকা কৰক। ভৰি দুখনৰ মাজত অলপ দূৰত্ব ৰাখক। তাৰ পাছত কাণ্ডত ভৰ দি শৰীৰটো ওপৰলৈ উঠাই দিয়ক। এই আসন শৰীৰৰ লগতে মানসিক স্বাস্থ্য উন্নত হোৱাত সহায় কৰে।

4 / 5

শৱাসন - এই আসনটো কৰিবলৈ ওপৰৰ ফালে মুখ কৰু শুব লাগে। ভৰি দুখনৰ মাজত সামন্য ব্যৱধান ৰাখিব লাগে। হাতৰ তলুৱা ওপৰলৈ ৰাখক। তাৰ পাছত চকু মুদি কেইমিনিটমান এনেদৰে থাকিব লাগে।

5 / 5

উত্তনাসন - এই আসন কৰিবলৈ পোন হৈ থিয় দিয়ক। ইয়াৰ পিছত আগলৈ বেকা হৈ আহি হাত দুখন পিছলৈ লৈ ভৰি দুখন পিছফালৰ পৰা ধৰি ৰাখক। কিছু সময় এনেকৈ থাকিব লাগে। এনে আসন কৰিলে আপুনি মানসিক চাপৰ পৰা কিছু পৰিমাণে হ'লেও সকাহ পাব।

চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে
সকলোৰে প্ৰিয় মাখানাৰ উপকাৰিতাৰ বিষয়ে জানেনে?