Yoga for Eyes: আছে নেকি চকুৰ সমস্যা? তেন্তে আৰম্ভ কৰক এই যোগাসন
যোগাসন আমাৰ দেহৰ বাবে অত্যন্ত জৰুৰী। ই আমাৰ শাৰীৰিক- মানসিক সকলো ক্ষেত্ৰতে সহায় কৰে। কেৱল ইমানেই নহয় চকুৰ সমস্যা আদি সমাধানৰ ক্ষেত্ৰতো যোগাসনে বহু পৰিমাণে কাম কৰে।
![যোগাসন আমাৰ দেহৰ বাবে অত্যন্ত জৰুৰী। ই আমাৰ শাৰীৰিক- মানসিক সকলো ক্ষেত্ৰতে সহায় কৰে। কেৱল ইমানেই নহয় চকুৰ সমস্যা আদি সমাধানৰ ক্ষেত্ৰতো যোগাসনে বহু পৰিমাণে কাম কৰে।](https://images.assamtv9.com/uploads/2024/06/image-156.png?w=1280)
1 / 5
![চক্ৰাসনঃ এই আসন কৰিবলৈ ভৰি আৰু হাতৰ ওপৰত হেঁচা দি উঠিব লাগিব। এই সময়ত আপোনাৰ পেটটো ওপৰৰ ফালে থাকিব আৰু বেকা হৈ হাতৰ তলুৱাৰে মাটি চুই থাকিব। তাৰ পাছতে দীঘলীয়াকৈ উশাহ লওক। পিছলৈ চাওক আৰু লাহে লাহে মূৰটো পিছলৈ হেলনীয়া কৰি ডিঙিটো শিথিল কৰক। কিছু সময় এই ভংগীমাত থাকি পুনৰ একে অৱস্থালৈ ঘূৰি আহিব।](https://images.assamtv9.com/uploads/2024/06/H4PaQiBa.webp)
2 / 5
![হালাসনা – এই আসন কৰিবলৈ পিঠিৰ ওপৰত শুৱক। তাৰ পাছতে দুয়োকাষে হাতৰ তলুৱা ৰাখত। পেটৰ পেশী ব্যৱহাৰ কৰি ভৰি দুখন ৯০ ডিগ্ৰী ওপৰলৈ তুলি লওক। মজিয়াত হাতৰ তলুৱা দুখন জোৰকৈ টিপি ভৰি দুখন মূৰৰ পিছফালে যাবলৈ দিয়ক। কিছু সময় এই ভংগীমাত থাকি পুনৰ একে অৱস্থালৈ ঘূৰি আহিব।](https://images.assamtv9.com/uploads/2024/06/fnQ3dC2j-1.webp)
3 / 5
![বকাসন –এই আসন কৰিলে শৰীৰৰ সমগ্ৰ ওজন হাতৰ ওপৰত পৰে। ভাৰসাম্য বজাই ৰাখি এই আসন কৰাৰ চেষ্টা কৰক। এই আসনেও চকুৰ দৃষ্টিশক্তিৰ লগতে আন সমস্যা সমাধানত সহায় কৰে ।](https://images.assamtv9.com/uploads/2024/06/0Unytn9S.webp)
4 / 5
![সৰ্বাংগাসন – এই আসন কৰিবলৈ প্ৰথমে ওপৰৰে মুখ কৰি শুৱক। পাছত ভৰি দুখন লাহে লাহে উঠাবলৈ চেষ্টা কৰক। ভৰি সম্পূৰ্ণ চিধাকৈ দিয়াৰ সমান্তৰালভাৱে পিঠিখন হাতৰে ধৰি ৰাখক। এনে কৰিলেও চকুৰ বহু সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়।](https://images.assamtv9.com/uploads/2024/06/0ikoK2K1.webp)
5 / 5