যোগ আমাৰ দেহৰ বাবে অত্যন্ত আৱশ্যক। ই আমাৰ শাৰীৰিক, মানসিক আদি সকলো দিশ সুস্থভাৱে ৰখাত সহায় কৰে। বহু ৰোগ যোগে প্ৰতিৰোধ কৰাত সহায় কৰে। সেয়ে নিয়মীয়া যোগাসন কৰাতো ভাল।
ভাল স্বাস্থ্যৰ বাবে আমাক ভাল টোপনিৰ প্ৰয়োজন। আজিকালি অধিকাংশৰ মাজতে টোপনি কমকৈ অহা এক সমস্যাই গা কৰি উঠিছে। কিন্তু কিছুমান যোগ কৰিলে আপোনাৰ টোপনি অহাত সহায় হ'ব। ভাল টোপনি আমাৰ শৰীৰ, মন দুয়োটাৰে বাবে প্ৰয়োজন।
বিপৰীত কৰণীঃ এই আসন কৰিলে আপোনাৰ টোপনি অহাত সহায় হ'ব।এই আসন কৰিবলৈ পিঠিৰ ওপৰত শুই ভৰি কেইখন ওচৰলৈ দাঙি দিব লাগে। ই আমাৰ তেজৰ সঞ্চালন ভাল হোৱাত সহায় কৰে।
শৱাসনঃ শৱাসন মানে শুই থকাৰ দৰে আসন। ইয়াৰ বাবে সমতল ঠাইত শুই গোটেই শৰীৰটো ঢিলা কৰি ৰাখক। ইয়াৰ পিছত দীঘলীয়াকৈ দীঘলকৈ উশাহ এটা লওক। এনে কৰিলে আপোনাৰ শৰীৰটো শিথিল হ’ব আৰু আপোনাৰ কিছু ভাগৰ কমিব।
ব্ৰজাসনঃ এই আসনে খাদ্য হজম কৰাত সহায় কৰিলে। অত্যন্ত সহজ এই আসন। এই আসনত অলপ সময় থাকি উশাহ ল'ব লাগে। ই আপোনাৰ হজম শক্তি ভাল, মনটো শান্ত কৰি টোপনি অহাত সহায় কৰিব।