5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

জীৱনৰ ৫৩তম বসন্তত ভৰি দিলে জুবিন গাৰ্গেঃ জন্মদিনত ঘোষণা কৰিলে নতুন ছবিৰ বিষয়ে…

জুবিন গাৰ্গ- নাম নহয়, যেন এটা অনুষ্ঠান। ‘শিশু’ৰ পৰা বৃদ্ধলৈকে সকলোকে কণ্ঠৰে নিগৰা ‘মায়াৱিনী’ ‘শব্দ’ৰে মোহাচ্ছন্ন কৰি ৰাখিব পৰা এটি নাম জুবিন। যাৰ শব্দত মন্ত্ৰমুগ্ধ হৈ উঠিব যেন নিৰ্জীৱ ‘যন্ত্ৰ’ও! তিনি দশকতকৈয়ো অধিক সময় কণ্ঠৰ ‘মায়া’ৰে সংগীতপ্ৰেমীৰ ‘মনৰ নিজানত’ বহি ৰোৱা জুবিন গাৰ্গে আজি উদযাপন কৰিছে জীৱনৰ ৫৩তম জন্মদিন।

monjit-dutta
Monjit Dutta | Published: 18 Nov 2024 11:25 AM
আজি জীৱনৰ ৫২টা বসন্ত অতিক্ৰমি ৫৩ বৰ্ষত ভৰি দিলে অসমীয়া সংগীত জগতৰ ভোটাতৰা জুবিন গাৰ্গে। সুদীৰ্ঘ প্ৰায় তিনিটা দশক অসমৰ কেইবাটাও প্ৰজন্মৰ মন নিজৰ কণ্ঠৰ মায়াজালেৰে আলোড়িত কৰি ৰখা জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে অনুৰাগীৰ মাজত দেখিবলৈ পোৱা গৈছে অত্যন্ত উছাহ।

1 / 5
প্ৰিয় কণ্ঠশিল্পীগৰাকীৰ জন্মদিন উপলক্ষে যোৱা নিশাৰ পৰা মহানগৰীৰ জোনালিস্থিত জুবিন গাৰ্গৰ ষ্টুডিঅ’ত অজস্ৰ অনুৰাগীয়ে ভিৰ কৰে। হাতে হাতে কেক লৈ জন্মদিন উদযাপনৰ বাবে ষ্টুডিঅ’ত সমবেত হোৱা এই অনুৰাগীসকলক নিৰাশ নকৰিলে জুবিন গাৰ্গেও।

2 / 5
অনুৰাগীৰ উছাহ, মৰম আৰু শ্ৰদ্ধাৰ মাজত কেক কাটি জন্মদিন উদযাপন কৰিলে কণ্ঠশিল্পীগৰাকীয়ে। প্ৰিয় ব্যক্তিজনক কাষতে পাই স্বাভাৱিকতেই পৰম আহ্লাদিত হৈ পৰে প্ৰতিগৰাকী অনুৰাগী। আনহাতে এই বিশেষ দিনটোত লাভ কৰা এনে মৰম আৰু আদৰৰ বাবে অনুৰাগীসকলকো ধন্যবাদ জনাই কৃতজ্ঞতা প্ৰকাশ কৰে জুবিন গাৰ্গে।

3 / 5
এই ক্ষণটিত জুবিনৰ সৈতে ডিজাইনাৰ, প্ৰযোজক তথা জুবিনৰ পত্নী গৰিমা শইকীয়াকো কাষত দেখা পোৱা যায়। জন্মদিনৰ কেক কাটি জুবিন গাৰ্গে তেওঁৰ নতুন কাম সন্দৰ্ভতো ঘোষণা কৰে। অনুৰাগীৰ সৈতে জন্মদিন উদযাপন কৰিয়েই জুবিনে ‘ৰৈ ৰৈ বিনালে’ শীৰ্ষক নতুন অসমীয়া চলচ্চিত্ৰখনৰ বিষয়ে আনুষ্ঠানিক ঘোষণা কৰে।

4 / 5
এই বিশেষ দিনটোত পূৰ্বৰ দৰেই সামাজিক কামত ব্যস্ত থাকিব বুলি জানিবলৈ দিয়ে অনুৰাগীৰ হিয়াৰ আমঠু কণ্ঠশিল্পীগৰাকীয়ে। অসমীয়া সংগীত জগতক নিজৰ সুৰৰ মায়াজালেৰে সমৃদ্ধ কৰি ৰখা জুবিন গাৰ্গক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ প্ৰতিগৰাকী অনুৰাগীয়ে জনাইছে উষ্ম শুভেচ্ছা।

5 / 5
Latest Stories