5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ঠিকনা সলনি হ’ব জুবিন গাৰ্গৰ! ক’ত বনাইছে নতুন ঘৰ?

এতিয়াৰে পৰা জুবিন অনুৰাগীসকলে কাহিলীপাৰাত লগ নাপাব জুবিন গাৰ্গক। জুবিন গাৰ্গক লগ কৰিবলৈ যাব লাগিব নতুন ঠিকনালৈ। কাহিলীপাৰাৰ ভগদত্তপুৰৰ ছিনাৰ্জী এপাণ্টমেণ্ট এৰি শীঘ্ৰে নতুন ঘৰখন ল’ব জুবিনে।বোন্দাৰ চপাইদাঙত শুকুৰবাৰে নিশা সংগীতানুষ্ঠানৰ মাজতে এই কথা ক'লে হাৰ্টথ্ৰৱে।

trishna-kalita
Trishna Kalita | Published: 19 Oct 2024 17:22 PM
হাৰ্টথ্ৰৱ জুবিন গাৰ্গে আন ঠাইত নতুনকৈ সাজিছে আপোন ঘৰখন। মনে বিচৰা ধৰণে ঘৰটো নিৰ্মাণ কৰিছে  জুবিনে।

1 / 5
এতিয়াৰে পৰা জুবিন অনুৰাগীসকলে কাহিলীপাৰাৰ পৰিৱৰ্তে জুবিন গাৰ্গক লগ কৰিবলৈ যাব লাগিব নতুন ঠিকনালৈ। কাহিলীপাৰাৰ ভগদত্তপুৰৰ ছিনাৰ্জী এপাণ্টমেণ্ট এৰি শীঘ্ৰে নতুন ঘৰখন ল’ব জুবিনে।

2 / 5
শুকুৰবাৰে নিশা সংগীতানুষ্ঠানৰ বাবে বোন্দাত উপস্থিত হৈছিল জুবিন। অনুৰাগীসকলক উদ্দেশ্যি হাত জোকাৰি জুবিন উঠিছিল বোন্দা চপাইদাঙৰ মঞ্চত। জুবিনে গাই গ’ল ‘মায়া’, ‘অনামিকা’ৰ পৰা আৰম্ভ কৰি ইটোৰ পিছত সিটো জনপ্ৰিয় গীত। গান গোৱাৰ মাজে মাজে জুবিনৰ স্বভাৱসুলভ ধেমালি।

3 / 5
হঠাৎ জুবিনে অনুৰাগীক উদ্দেশ্যি ক’লে ‘মই নতুনকৈ ঘৰ বনালো। মই আৰু কাহিলীপাৰাত নাথাকো। মোক লগ কৰিবলৈ আহিলে এতিয়া নতুন ঘৰলৈ আহিব লাগিব?’ জুবিনৰ ঘোষণা শুনি উৎসুক বাঢ়িল অনুৰাগীসকলৰ। হাজাৰ হাজাৰ অনুৰাগীৰ মনত হাজাৰটা প্ৰশ্ন।

4 / 5
তাৰ পাছত জুবিনে ক’লে ‘খাৰঘূলিত ঘৰ বনালো আহিবি’।  ক’ভিডৰ সময়তে অসুস্থ হৈ পৰাৰ পিছত কাহিলীপাৰাৰ ভগদত্তপুৰৰ ফ্লেটত থাকিবলৈ লৈছিল জুবিন গাৰ্গ। খাৰঘূলিৰ জিৰ’ মাইলৰ পুৰণি জুবিন গাৰ্গৰ ঘৰটো ভাঙি পেলোৱা হৈছিল।  তাতেই এতিয়া নতুনকৈ ঘৰ সাজিলে জুবিন গাৰ্গে। এতিয়াৰে পৰা কাহিলীপাৰাৰ পৰিৱৰ্তে খাৰঘূলি হ’ব জুবিনৰ স্থায়ী ঠিকনা।

5 / 5
Latest Stories