মই আগতে গণেশগুৰিৰ লোকেল গুণ্ডা আছিলোঁ... ক'ত এইদৰে মন্তব্য কৰিলে জুবিন গাৰ্গে? | Zubeen Garg's concert comment in Ganeshguri goes viral Assam news - Assam Tv9

মই আগতে গণেশগুৰিৰ লোকেল গুণ্ডা আছিলোঁ… ক’ত এইদৰে মন্তব্য কৰিলে জুবিন গাৰ্গে?

Published: 

15 Apr 2025 21:14 PM

জুবিনৰ কণ্ঠৰ যাদু! গণেশগুৰিত গীতেৰে দৰ্শকক মুহিলে হাৰ্টথ্ৰ'ব জুবিন গাৰ্গে। সংগীতানুষ্ঠানৰ মাজতে জুবিনে কলে, মোৰ মন গ'লে গাম, মন নগ'লে নাগাও, গণেশগুৰিত এনেকুৱা নকৰোঁ।

1 / 5জুবিন মানেই যেন চৰ্চা! প্ৰায়ে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে জুবিনৰ মন্তব্য বা ফটো। নিজৰ মনৰ কথাখিনি ক’বলৈ কাকো ভয় নকৰে জুবিনে।

জুবিন মানেই যেন চৰ্চা! প্ৰায়ে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে জুবিনৰ মন্তব্য বা ফটো। নিজৰ মনৰ কথাখিনি ক’বলৈ কাকো ভয় নকৰে জুবিনে।

2 / 5

গৰুবিহুৰ নিশাৰ গণেশগুৰিত সংগীতানুষ্ঠান কৰিছে জুবিন গাৰ্গে। সেই অনুষ্ঠানৰ মাজৰে এটা অংশ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

3 / 5

সংগীতানুষ্ঠানৰ মাজতে জুবিনে ক'লে, মোৰ মন গ'লে গাম, মন নগ'লে নাগাও, গণেশগুৰিত এনেকুৱা নকৰোঁ নিজৰ ঠাই। মই আগতে ইয়াৰে লোকেল গুণ্ডা আছিলোঁ।' ইয়াৰ পিছতে ভাইৰেল জুবিনৰ মন্তব্য।

4 / 5

গণেশগুৰিৰ বিহুত জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত এইদৰে কোৱাৰ পিছতে অনুৰাগীয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰি আছে প্ৰিয় কণ্ঠশিল্পীজনৰ ভিডিঅ'। দৰ্শকৰ লগত কিছু ধেমালি তাৰ পিছত পুনৰ গালে 'মায়াবিনী'।

5 / 5

কিছুদিনৰ পৰা নতুন অসমীয়া চলচ্চিত্ৰ ‘ৰৈ ৰৈ বিনালে’ৰ শ্বুটিঙত ব্যস্ত হৈ আছে জুবিন গাৰ্গ। সামাজিক মাধ্যমত প্ৰতিটো আপডেট দি আছে পত্নী গৰিমা।

গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?
ভগৱান হনুমানক পূজা কৰাৰ শুভ সময় কেতিয়া? সঠিক নিয়ম জানক