শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Horoscope Today: দৈনিক ৰাশিফল, কেনে যাব আজি আপোনাৰ দিনটো?

ৰাশিচক্ৰত থকা ১২ ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য প্ৰতিদিনে বেলেগ হয়। আজিৰ দিনটোত আৰ্থিক দিশত, ব্যৱসায়, শিক্ষা, প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব সকলো ৰাশিৰ জাতক-জাতিকাই?

Horoscope Today: দৈনিক ৰাশিফল, কেনে যাব আজি আপোনাৰ দিনটো?
দৈনিক ৰাশিফল, কেনে যাব আজি আপোনাৰ দিনটো?Image Credit source: Canva Images Creative
barasha-misra
Barasha Misra | Updated On: 10 Jan 2025 06:35 AM

কেনে যাব আজি আপোনাৰ দিনটো? আৰ্থিক দিশত, ব্যৱসায়, শিক্ষা, প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব সকলো ৰাশিৰ জাতক-জাতিকাই? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল…

মেষ ৰাশি

আজিৰ দিনটোত আপোনাক সৰু সৰু যাত্ৰা আৰু সামাজিক অনুষ্ঠান আদিয়ে সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব। ধনৰ আগমণে আপোনাক বহুত আৰ্থিক সকাহ দিব। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে ,তেওঁলোকৰ সৈতে কথা -বতৰা আৰু সম্পৰ্ক ভাল হ’ব। প্ৰেমত আপোনাৰ ব্যৱহাৰৰ বাবে ক্ষমা খুজিব লগা হ’ব পাৰে।

বৃষ ৰাশি

যদি আপুনি পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম নকৰে তেন্তে অপুনি বহু ভাগৰুৱা অনুভৱ কৰিব। আজি আপুনি ঘৰৰ জ্যেষ্ঠজনৰ পৰা আৰ্থিক উপদেশ ল’ব পাৰে আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীবনত আগবাঢ়িব পাৰে। আজি গৃহ প্ৰৱেশৰ বাবে এটা শুভ দিন। আপোনাৰ প্ৰিয়জনৰ অস্থিৰ ব্যৱহাৰে আপোনাৰ মন বেয়া কৰিব পাৰে। আজিৰ দিনটো আপুনি বহুত ব্যস্ত থাকিব কিন্তু গধূলিৰ সময়ত আপুনি নিজৰ পচন্দৰ কাম কৰিবৰ বাবে পৰ্যাপ্ত সময় পাব।

মিথুন ৰাশি

বহু দিনৰ পৰা চলি থকা হেঁচা আৰু অশান্তিৰ পৰা আজি আপুনি আৰাম পাব। এই সমস্যা সমূহৰ পৰা স্থায়ী ভাৱে পৰিত্ৰাণ পাবৰ বাবে জীৱন-শৈলীত সাল-সলনি কৰাৰ প্ৰয়োজন আছে। আপোনাৰ পিতৃৰ পৰামৰ্শমতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধন লাভৰ যোগ আছে। আপুনি চকু মুদি বিশ্বাস কৰা ব্যক্তিয়ে  আপোনাৰ বিশ্বাস ভাঙিব পাৰে। আপোনাৰ বাবে প্ৰিয়জনৰ পৰা দূৰত থকাটো বহুত অসহনীয় হ’ব। অংশীদাৰী ব্যৱসায়ত বিনিয়োগ কৰাৰ পৰা বিৰত থাকক,কাৰণ অংশীদাৰসকলে আপোনাৰ বেয়াকৈ ভাৱে লাভ উঠাব পাৰে। আপোনাৰ জীৱন সংগীৰ মাজত বাদ-বিবাদ হ’ব পাৰে।

কৰ্কট ৰাশি

মানসিক ভাৱে আজি আপুনি অস্থিৰ হৈ থাকিব আৰু সেইবাবে আনৰ লগত ব্যৱহাৰ কৰোতে বা কথা পতোতে সজাগ থাকিব। আজি আপোনাৰ অৰ্থ খৰচ কৰাৰ দৰকাৰ নহ’ব, কাৰণ ঘৰৰ কোনোবা ডাঙৰ জনে আপোনাক পইচা দিব পাৰে। জীৱন-সংগী জীৱনত পৰিৱৰ্তন অনাত সহায় কৰিব। নিজকে এজন প্ৰকৃত আৰু ভাল মানুহ হিচাপে গঢ় দিয়ক ,যি কষ্ট আৰু জীৱনৰ পৰা শিকি আজি এই পদ লাভ কৰিছে, এই বাটত আহিব লগা বাধা আৰু সমস্যা সমূহৰ বাবে মন বেয়া নকৰিব। নতুন উদ্যোগৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক আৰু প্ৰয়োজন হ’লে সেই ব্যক্তিৰ পৰামৰ্শ লওক যি আপোনাৰ বহুত ঘনিষ্ঠ। প্ৰেমত শুভ।

সিংহ ৰাশি

আপোনাৰ দয়াবান প্ৰকৃতি আপোনাৰ এক আশীৰ্বাদ স্বৰূপে প্ৰকাশ পাব, কাৰণ এই আশীৰ্বাদে আপোনাক সন্দেহ , অনৈতিকতা, লোভ আৰু হিংসা আদি বেয়া শক্তিৰ পৰা বচাই ৰাখিব। বাকী থকা ধন আপুনি ঘুৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি আহিব। আপোনাৰ নতুন পৰিযোজনাসমূহক লৈ পিতৃ-মাতৃক বিশ্বাসত লোৱাৰ এয়াই সঠিক সময়। আপোোনাৰ প্ৰিয়জনৰ অবিহনে আপুনি সময় অতিবাহিত কৰাত সমস্যাৰ অনুভৱ কৰিব।

কন্যা ৰাশি

বন্ধুৰ লগত আবেলি সময়খিনি ভালদৰে অতিবাহিত হ’ব, কিন্তু অধিক খোৱা আৰু মাদক দ্ৰব্যৰ পৰা বিৰত থাকক। পিতৃ-মাতৃৰ সহায়ৰ বাবদ আপুনি আৰ্থিক লোকচানৰ পৰা বাহিৰ ওলাব পাৰিব। ঘৰৰ সংবেদনশীল বিষয়সমূহক সমাধান কৰিবলৈ আপুনি আপোনাৰ প্ৰভাৱ আৰু বুদ্ধিৰ প্ৰয়োগ কৰি সমাধান কৰিব পাৰিব। প্ৰেমৰ অনুভূতি অনুভৱ কৰিবলৈ আপুনি কোনোবা নতুন ব্যক্তিক লগ পাব। ভ্ৰমণৰ সুযোগ হাতৰ পৰা ওলাই যাব নিদিব।

তুলা ৰাশি

নিজৰ স্বাস্থ্যৰ যত্ন লওক। যিসকল লোক আপোনাক চিনি পায় ,তেওঁলোকৰ জৰিয়তে আপুনি নতুন উৎসৰ পৰা ধন পাব পাৰে। পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবলৈ আপোনাৰ পৰিয়ালৰ সহায় লওক। বিবাদক অধিক বঢ়োৱাৰ বিপৰীতে তাক বন্ধুত্ব সূলভ পদ্ধতিৰে ভাল কৰাৰ চেষ্টা কৰক। আজি আপুনি জীৱনসংগীক ফুৰাব লৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে, কিন্তু তেওঁৰ গা বেয়া হোৱাৰ সম্ভাৱনা আছে ।

বৃশ্চিক ৰাশি

জটিল পৰিস্থিতিক সন্মুখীন হোৱাৰ বাবে ভয় নাখাব । ধনৰ আগমণে আপোনাক বহুত আৰ্থিক সকাহ দিব। আপোনাৰ জ্ঞান আৰু পৰিহাস আপোনাৰ ওচৰৰ চাৰিওফালৰ থকা লোককো প্ৰভাৱিত কৰিব। কোনোবা তৃতীয় ব্যক্তিৰ হস্তক্ষেপ আপোনাৰ আৰু প্ৰিয়জনৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে। সহকৰ্মী আৰু বৰিষ্ঠজনৰ পূৰ্ণ সহায় সহযোগিতাৰ বাবে অফিচত আপোনাৰ কাম বহুত দ্ৰুত গতিত সম্পূৰ্ণ হ’ব। আজি আপোনাৰ অতীতৰ এটা কথাই জীৱন সংগীক নিৰাশ কৰিব পাৰে।

ধনু ৰাশি

আপোনাৰ ধনাত্মক ব্যৱহাৰৰ বাবে ওচৰ পাজৰৰ লোকসমূহ বহুত প্ৰভাৱিত হ’ব। আপুুনি কাৰোবাক দিয়া ঋণ উভতাই পাব। পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ মহত্ব আছে। অফিচত কোনোোবা বিশেষ ব্যক্তিৰ লগত আপোনাৰ দেখা হ’ব পাৰে। আপোনাৰ জীৱন সংগীৰ কিছু কামৰ বাবে আপুনি অন্যৰ আগত অসহজ অনুভৱ কৰিব পাৰে । কিন্তু পিছত আপুনি অনুভৱ কৰিব যে, যি হৈছে ভালৰ বাবে হৈছে।

মকৰ ৰাশি

পূৰণি পৰিকল্পনাসমূহত লাভ কৰা সফলতাই আপোনাক আত্মবিশ্বাসী কৰি তুলিব। প্ৰেমত শুভ দিন। যদি আপুনি নিজৰ পৰিকল্পনা সমূহ বেলগৰ আগত প্ৰকাশ কৰে, তেন্তে আপুনি সমস্যাত পৰিব পাৰে। আজি টিভি বা মোবাইলত চিনেমা চাওঁতে ইমানেই ব্যস্ত হৈ যাব যে জৰুৰী কাম কৰিবও পাহৰি যাব। আপোনাৰ জীৱন লগৰীৰ সৌন্দৰ্য বাহ্যিক ফালেৰেও অনুভৱ কৰিব পাৰিব।

কুম্ভ ৰাশি

আজি নিজৰ স্বাস্থ্য আৰু মুখ মণ্ডলৰ যত্ন ল’বৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। আৰ্থিক দিশত আপোনাৰ উন্নতি হ’ব। কোনো পূৰণা বন্ধুৰ লগত আজি হঠাৎ সাক্ষাতকাৰ হ’ব পাৰে, যাৰ বাবে পূৰণি ধুনীয়া স্মৃতি আকৌ সতেজ হৈ পৰিব। প্ৰেমৰ শক্তিয়ে আপোনাক প্ৰেম কৰাৰ এক কাৰণ দিব। আজি আপুনি দিনযোৰা ব্যস্ততাৰ পিছতো নিজৰ বাবে সময় উলিয়াব পাৰিব আৰু খালী সময়ত পৰিয়ালৰ লগত কথা-বতৰা পাতিব পাৰে।

মীন ৰাশি

ধৈৰ্য ধৰি থাকাকক , কাৰণ আপোনাৰ বুজাৰ শক্তি আৰু প্ৰয়াস আপোনাক সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব। যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়া শুনা অথবা চাকৰি কৰিছে, তেন্তে সেইবোৰ মানুহৰ পৰা দূৰত থাকক যাৰ বাবে আপোনাৰ সময় আৰু ধনৰ অপচয় হয়। যদিও প্ৰেমৰ নিৰাশা হ’ব পাৰে, কিন্তু ভাঙি নপৰিব কাৰণ শেষত গৈ জয় সচাঁ প্ৰেমৰে হয়। আজি আপুনি এক পৰিকল্পনা সম্পূৰ্ণ কৰি স্বস্তিৰ নিশ্বাস ল’ব পাৰিব ,যি কাম আপুনি বহুত দিন আগতে আৰম্ভ কৰিছিল।

 

Latest News