Daily Horoscope: হোলীৰ দিনটোত ৫টা ৰাশিয়ে ধন লাভ কৰিব, জানক দৈনিক ৰাশিফল

আজি ৰঙৰ উৎসৱ ফাকুৱা। জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি কিছুমান ৰাশিৰ লোকৰ উদয় হ’ব ভাগ্য। ইয়াৰোপৰি কিছুমানে আজি বাহন বা সম্পত্তি ক্ৰয় কৰিব পাৰিব। জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

Daily Horoscope: হোলীৰ দিনটোত ৫টা ৰাশিয়ে ধন লাভ কৰিব, জানক দৈনিক ৰাশিফল

কেনে যাব আজি আপোনাৰ দিনটো?

Published: 

14 Mar 2025 06:00 AM

কেনে যাব আজি আপোনাৰ দিনটো? আৰ্থিক দিশত, ব্যৱসায়, শিক্ষা, প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব সকলো ৰাশিৰ জাতক-জাতিকাই? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল…

মেষ ৰাশি

ক্ষনিক আবেগত ভাহি কোনো নিৰ্ণয় নল’ব ,ই আপোনাৰ সন্তানৰ হানি কৰিব পাৰে। দিনৰ দ্বিতীয় প্ৰহৰত আপোনাৰ আৰ্থিক লাভ হ’ব পাৰে । যিসকল লোক প্ৰতিযোগীমূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে ,তেওঁলোকে মগজু শান্ত ৰখাৰ প্ৰয়োজন আছে। আজি আপোনাৰ জীৱন সংগী আপোনাক খং ৰূপ দেখুৱাব পাৰে।

বৃষ ৰাশি

হাঁহিমুখে আত্মীয়বোৰৰ লগত সময় অতিবাহিত কৰিলে আপোনাৰ হতাশা কম হ’ব। আজি আপুনি কোনোবা নতুন এটা আৰ্থিক যোজনাৰ লগত পৰিচিত হ’ব। আপোনাৰ প্ৰিয়মানুহে দায়িত্বহীনতা আৰু অনিশ্চিত ব্যৱহাৰৰ বাবে খং কৰিব পাৰে। প্ৰেমৰ দৃষ্টিকোণেৰে আজিৰ দিনটো আপোনাৰ বাবে বিশেষ বুলি প্ৰমাণিত হ’ব। কামৰ দিশত আপোনাৰ দিন আজি ধনাত্মক ভাৱে অতিবাহিত হ’ব।

মিথুন ৰাশি

আৰ্থিক অভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিকল্পিত যোজনা মতে চলক। বন্ধু সন্ধিয়া সময়ৰ বাবে এটা ভাল পৰিকল্পনা বনাই আপোনাৰ দিন আৰু সুখী কৰি তুলিব। যদি আপুনি আজি নিজৰ অনুভৱ তথা মনৰ ভাৱনা সমূহ প্ৰকাশ কৰে ,তেনেতে আপোনাৰ প্ৰেমত এক ৰূপ পাব। আপোনাৰ অন্ংশীদাৰৰ লগত সম্পৰ্ক ধৰি ৰখাটো খুবেই কঠিন কাম হ’ব।

কৰ্কট ৰাশি

আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ পল লৈ আহিব। আজি ওচৰ চুবৰীয়াৰ কোনোবা এজন আপোনাৰ ওচৰত ধন বিচাৰি আহিব পাৰে। আত্মীয় লগত আপোনাৰ সম্বন্ধৰ আকৌ সতেজতা কৰাৰ আজি ভাল দিন আহিব। আপোনাৰ প্ৰিয়জনৰ লগত আজি ভাল ব্যৱহাৰ কৰক। আজি আপোনাৰ মনোযোগ অফিচৰ কামত নালাগিব। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰ জন আপোনাৰ সহায় কৰিব পাৰে । আপোনাৰ জীৱন সংগী আজি নিজকে আপোনাৰ জীৱনত গুৰুত্বহীন বুলি ভাৱিব পাৰে ।

সিংহ ৰাশি

প্ৰভাৱশালী লোক সকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব। আজি আপোনাৰ সহোদৰ আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে আৰু সিহতঁৰ সহায় কৰি আপুনি আৰ্থিক বিপদত পৰিব পাৰে যদিও অৱস্থা সোনকালে ভাললৈ আহিব। সন্ধিয়াৰ বেছিভাগ সময় আত্মীয়ৰ লগত অতিবাহিত হব। প্ৰিয়জনৰ পৰা লাভ কৰা যিকোনো ভাল খবৰ অথবা বাৰ্তাই আপোনাৰ উৎসাহ দুগুণ কৰিব পাৰে। দীঘল পৰিযোজনা সম্পূৰ্ণ কৰাৰ দিশত আগ বাঢ়িব । এই ৰাশিৰ জাতকসকল আজি এনে বহি থকা সময়ত আধ্যত্মিক কিতাপৰ অধ্যয়ন কৰা ভাল। এনেকুৱা কৰিলে আপোনাৰ বহুত সমস্যা সমাধান হব পাৰে। আজি আপুনি সচাঁ প্ৰেমৰ অনুভূতি লাভ কৰিব।

কন্যা ৰাশি

শাৰীৰিক অসুস্থতাৰ ঠিক হোৱাৰ বহত সম্ভাৱনা আছে আৰু এই বাবে আপুনি অতি সোনকালে খেলা ধুলাত অংশ গ্ৰহণ কৰিব পাৰিব। যি লোকসকলে ভেটি-মাটি কিনিছিল আৰু এতিয়া সেই মাটী বিক্ৰী কৰিব বিচাৰে , সিহঁতে আজি ভাল ক্ৰেতাৰ সন্ধান পাব যাৰ ফলত সিহঁতৰ প্ৰচুৰ পৰিমানৰ ধন লাভ হব। এক পাৰিবাৰিক আয়োজনত আপোনাৰ সকলো ধ্যান কেন্দ্ৰীভূত হব। আজি প্ৰেমৰ সম্পৰ্কৰ বাবে আপুনি সকলো সামাজিক বন্ধন ভাঙি দিব। ব্যৱসায়ী সকলৰ বাবে আজি বহুত ভাল দিন ,কাৰণ সিহঁত হঠাতকৈ লাভান্বিত হব পাৰে। এই ৰাশিৰ জাতক সকল আজি ভাই – ভনীৰ লগত ঘৰত চিনেমা অথবা খেল দেখিব পাৰে।এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। আজি আপোনাৰ জীৱন সংগী আপোনাক তেখেতৰ ৰুক্ষ ৰূপ দেখুৱাব পাৰে।

তুলা ৰাশি

আবেলিৰ সময়ত অলপ আৰাম কৰক। আজি আপুনি ধন আয় কৰিব-কিন্তু দৈনন্দিন জীৱনত হোৱা অতিৰিক্ত খৰচৰ বৃদ্ধিয়ে আপোনাৰ সময় অধিক জটিল কৰি তুলিব। পঢ়া-শুনাক প্ৰাধান্য নিদি বাহিৰা গতিবিধিত অধিক সময় ব্যয় কৰিলে আপুনি আপোনাৰ মা-দেউতাৰ খঙৰ স্বীকাৰ হ’ব পাৰে। কেৰিয়াৰৰ যোজনা বনোৱাৰ লগতে খেলা-ধুলা কৰাও সিমানেই আৱশ্যক। কাম-কাজত আহি থকা পৰিৱৰ্তনৰ বাবে আপুনি লাভান্বিত হ’ব। আজি কিছু নতুন আৰু সৃজনাত্মক কাম কৰিব বাবে ভাল দিন । প্ৰয়োজনৰ সময়ত আপোনাৰ জীৱন সংগী আপোনাৰ মা-দেউতাতকৈ নিজৰ মা-দেউতাক অধিক গুৰুত্ব প্ৰদান কৰাটো আপোনাৰ পৰিলক্ষিত হ’ব।

বৃশ্চিক ৰাশি

আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব। পাৰিবাৰিক সমস্যা সমাধান কৰিবলৈ আপোনাৰ শিশুসুলভ ব্যৱহাৰে বহুত ডাঙৰ অৰিহণা যোগাব। আপোনাৰ ভাগৰুৱা আৰু হতাশাৰ জীৱনত আপোনাৰ জীৱন সংগী অশান্তিৰ সৃষ্টি কৰিব পাৰে। নতুন অংশীদাৰ আজিৰ বাবে বহুত ফলদায়ক হ’ব। আপুনি যি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব তাতেই আপোনাৰ প্ৰতিযোগী স্বভাৱ আপোনাক জয়ী কৰাত মূল ভূমিকা গ্ৰহণ কৰিব। আপোনাৰ জীৱন সংগী সম্ভৱত কাম-কাজক কৈ অধিক ব্যস্ত হৈ পৰিব আৰু এয়াই আপোনাৰ উদাস মনৰ কাৰণ হ’ব।

ধনু ৰাশি

আপোনাৰ সাহসী আৰু স্পষ্ট চিন্তাধাৰাই আপোনাৰ বন্ধুক দুখ দিব পাৰে। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। যিসকল লোকৰ লগত আপুনি থাকে সিহঁত আপোনাৰ লগত ইমান সুখী নহ’ব ,তাৰ কৰণে আপুনি যিমানেই চেষ্টা নকৰক কিয় !! আপোনাৰ সাহসিকতা আপোনাক প্ৰেমত কৃতকাৰ্য হোৱাত সহায় কৰিব। প্ৰেমত শুভ।

মকৰ ৰাশি

নিজৰ শক্তি আৰু উৰ্জা আনৰ সহায় কৰিবলৈ ব্যৱহাৰ কৰক। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব-অন্য লোকক আগতে দিয়া পইচা আজি ঘুৰাই পাব পাৰে অথবা যিকোনো নতুন পৰিযোজনাত পইচা লগাই ধন আৰ্জিব পাৰে। নাতি-পুতিৰ বাবে আজি আপুনি বহুত সুখ প্ৰাপ্ত কৰিব । অনাকাংক্ষিত ভাৱে হোৱা ৰোমান্টিক সাক্ষাৎকাৰ আপোনাৰ গোটেই দিনটোকে সজীৱ কৰি তুলিব। যদি আপুনি ব্যৱসায়ত কোনোবা নতুন অংশীদাৰক যোগ কৰাৰ কথা ভাৱি আছে তেন্তে আৱশ্যক হ’ব যে তেখেতক প্ৰতিশ্ৰুতি দিয়াৰ আগতে আপুনি সকলো তথ্য এবাৰ ভাল কৈ জানি বুজি লওক।

কুম্ভ ৰাশি

স্বাস্থ্যৰ লগত জড়িত কাৰ্যক্ৰম আৰম্ভ কৰাৰ বাবে আজি ভাল দিন। আজি অকল বহি নাথাকি এনেকুৱা কিবা কৰক যি আপোনাৰ আয় দুগুণ বৃদ্ধি কৰিব পাৰে। আপোনাৰ মা-দেউতাৰ স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আজি আপুনি সামগ্ৰী কিনিবলৈ বাহিৰলৈ ওলায়, তেন্তে নতুন পোছাক এযোৰ ল’ব পাৰে। আপোনাৰ চিনাকি মানুহৰ কিছু কামৰ বাবে আপোনাৰ জীৱন সংগী আকৌ আপোনাৰ প্ৰেমত পৰি যাব পাৰে।

মীন ৰাশি

আপোনাৰ সন্তানৰ উন্নতমানৰ প্ৰদৰ্শনে আপোনাক আনন্দিত কৰিব। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হ’ব। নতুুন ৰূপ-ৰং, নতুন কাপোৰ ,নতুন বন্ধু-বান্ধৱ আজিৰ দিনটোক বিশেষ কৰি তুলিব। আপোনাৰ জীৱনত অতি সোনকালে ভাল খবৰ আহিব পাৰে। কাম-কাজৰ বিষয় সমূহ সমাধান কৰিবলৈ নিজৰ বুদ্ধিমত্তা আৰু সাহসিকতাৰ ব্যৱহাৰ কৰিব। আজি এনেকুৱা বহুত বস্তু সংঘটিত হ’ব ,যিবোৰৰ পিনে অতি সোনকালে গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সচাঁ হয় ,আপোনাৰ জীৱনৰ লগৰীয়ে আপোনাৰ প্ৰকৃত প্ৰেয়সী।

ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...
ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ
এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ