শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Today’s horoscope: মঙলবাৰৰ দিনটোৱে সফলতা কঢ়িয়াই আনিব এই ৫ ৰাশিৰ জীৱনলৈ, চাওক আজিৰ ৰাশিফল…

Daily horoscope: জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশি ১২ টা। আজিৰ দিনটো মেঘ, বৃষ, কৰ্কট, ধনু ৰাশিকে ধৰি কিছু ৰাশিৰ লোকৰ বাবে ভাল। ইয়াৰ বিপৰীতে কিছু ৰাশিৰ লোকে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে।

Today’s horoscope: মঙলবাৰৰ দিনটোৱে সফলতা কঢ়িয়াই আনিব এই ৫ ৰাশিৰ জীৱনলৈ, চাওক আজিৰ ৰাশিফল…
ৰাশিফলImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 01 Apr 2025 06:00 AM

আজি ১ এপ্ৰিল, মঙলবাৰে। আজিৰ দিনটো মেঘ , কৰ্কট, বৃষ, ধনুকে ধৰি কিছুমান ৰাশিৰ লোকৰ বাবে অত্যন্ত ভাল। ইয়াৰ বিপৰীতে কিছু ৰাশিৰ লোকে দিনটো সাৱধানে চলিব লাগিব। আপোনাৰ ৰাশি কি? তলত আজিৰ ৰাশিফল আগবঢ়োৱা হ’ল-

 

মেঘ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। কোনো ভাল ফলাফল লাভ কৰিব। ঘৰুৱা সমস্যাৰ পৰা মুক্তি লাভ কৰিব। কেৰিয়াৰ উন্নতিৰ যোহ আছে। চাকৰিৰ অফাৰ লাভ কৰিব পাৰে। বেয়া পথেৰে ধন উপাৰ্জন নকৰিব। বাহন চলাওতে সাৱধান হ’ব। বিবাহৰ যোগ আছে। কোনো বন্ধুক লগ পাব। স্বাস্থ্য় ভালে যাব।

বৃষ ৰাশিঃ আজিৰ দিনটো আপোনাৰ সুখেৰে পাৰ হ’ব। খৰচৰ ওপৰত গুৰুত্ব দিব। কৰ্মক্ষেত্ৰত স্থিৰতা থাকিব। যিকোনো কাম কৰিলেই আপুনি সফলতা লাভ কৰিব। সামাজিক দিশটো ভাল। নতুন কাম কৰাৰ পৰিকল্পনা কৰিব। ঋণ পৰিশোধ কৰিব পাৰিব। ব্যৱসায়ত ভাল। স্বাস্থ্যত গুৰুত্ব দিব। কোনো বেমাৰ সৰু বুলি আওকান নকৰিব।

মিথুন ৰাশিঃ আজিৰ দিনটো আপুনি ব্যস্ত থাকিব। কাম বেছিকৈ থকা বাবে অশান্তিত ভুগিব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ বাধা দূৰ হ’ব। কোনো কথাত কোনো পৰামৰ্শ দিলে সেয়া ভাবি চিন্তি আগবাঢ়িব। ব্যৱসায়ত কোনো নতুন পৰিকল্পনা কৰিব পাৰে। সম্পত্তি সম্পৰ্কীয় দিশটোত সমস্যা আহিব পাৰে। খৰচত গুৰুত্ব দিব।

কৰ্কট ৰাশিঃ আজি আপুনি কোন নতুন কাম কৰাৰ সুযোগ লাভ কৰিব পাৰে। সন্তানে কোনো সফলতা লাভ কৰিব পাৰে। ঘৰত পূজা-পাঠৰ আয়োজনৰ সম্ভাৱনা আছে। বিদ্যাৰ্থীসকলে অধ্যয়নত গুৰুত্ব দিয়া দৰকাৰ। জ্যেষ্ঠজনৰ কথা মানি চলিব। কোনো কথাত মন অশান্ত হৈ থাকিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।

সিংহ ৰাশিঃ কোনো কথাক লৈ আপুনি চিন্তিত হ’ব পাৰে। উন্নতিৰ যোগ আছে। চাকৰিৰ ক্ষেত্ৰত পদোন্নতিৰ যোগ আছে। পৰিয়ালত কোনো শুভ কামৰ আয়োজন হ’ব পাৰে। ধন ধাৰলৈ লোৱাৰ সম্ভাৱনা আছে। বেংকিঙৰ লগত জড়িতসকলে কামত গুৰুত্ব দিব। কোনো বিশেষ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্য ভালে যাব।

কন্যা ৰাশিঃ কোনো কামত সৰু বুলি নাভাবিব। জ্যেষ্ঠজনৰ পৰামৰ্শই লাভ দিব। নতুন সম্পত্তি ক্ৰয় কৰাৰ সম্ভাৱনা আছে। ধন সম্পৰ্কীয় কোনো সমস্যা সমাধান হ’ব পাৰে। ঘৰলৈ আলহী আহিব পাৰে। পাৰিবাৰিক জীৱনত কোনো সমস্যা আহিব পাৰে। শিক্ষাৰ্থীসকলে অধ্যয়নত গুৰুত্ব দিয়া দৰকাৰ। স্বাস্থ্যত গুৰুত্ব দিব।

তুলা ৰাশিঃ আজি আপুনি নিজৰ কামত গুৰুত্ব দিয়া দৰকাৰ। আয় আৰু ব্যয়ৰ ওপৰত গুৰুত্ব দিব। অধিক খৰচ হোৱাৰ সম্ভাৱনা। কাৰোবাক প্ৰতিশ্ৰুতি দিয়াৰ আগতে চিন্তা কৰিব। কোনো বিশেষ ব্যক্তিক লগ পাব পাৰে। ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা। আনক বিশ্বাস নকৰিব। কাম সময়মতে সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিব।

বৃশ্চিক ৰাশিঃ আজিৰ দিনটো ব্যৱসায়ীসকলৰ বাবে ভাল। টকা বিনিয়োগ কৰিব পাৰে। চাকৰিয়াল সকলে ভাল খবৰ লাভ কৰিব পাৰে। জীৱনলৈ সফলতা আহিব। হাতলৈ কোনো নতুন কাম অহাৰ সম্ভাৱনা আছে। পাৰিবাৰিক দিশটো ভাল। কোনো সমস্যা সমাধান কৰাত সফল হ’ব। চাকৰিৰ ক্ষেত্ৰত ভ্ৰমণৰ যোগ আছে। স্বাস্থ্য ভালে যাব।

ধনু ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। কেৰিয়াৰত উন্নতিৰ যোগ আছে। আৰ্থিকস্থিতি ভাল হ’ব। চাকৰি বিচাৰি থকাসকলে ভাল খবৰ লাভ কৰিব। পুৰণি বন্ধুক লগ পাব পাৰে। বাহন চলাওতে সাৱধান হ’ব। কোনো নতুন কামৰ আৰম্ভণি কৰাৰ চেষ্টা কৰিব। সামাজিক ক্ষেত্ৰত ভাল। কোনো ডাঙৰ পদ লাভ কৰিব পাৰে। ধৰ্মীয় যাত্ৰাৰ সম্ভাৱনা। স্বাস্থ্যত গুৰুত্ব দিব।

মকৰ ৰাশিঃ আজিৰ দিনটো আপোনাৰ সুখ-শান্তিৰে পাৰ হ’ব। পেটৰ সমস্যাই দেখা দিব পাৰে, সেয়া খাদ্য খোৱাত সাৱধান হ’ব। পাবলগীয়া ধন হাতলৈ আহিব। ঘৰৰ বাবে কোনো সামগ্ৰী ক্ৰয় কৰিব পাৰে। চাকিৰৰ ক্ষেত্ৰত আবেদন কৰাৰ বাবে ভাল সময়। কোনো ভাল খবৰ লাভ কৰিব পাৰে। ভ্ৰমণৰ যোগ আছে। স্বাস্থ্যত গুৰুত্ব দিয়ক।

কুম্ভ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে বিশেষ হ’ব। নিজৰ কামত অধিক ব্যস্ত থাকিব। স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। ঘৰৰ পৰা কোনো ডাঙৰ দায়িত্ব লাভ কৰিব পাৰে। চাকৰিৰ ক্ষেত্ৰত জ্যেষ্ঠজনৰ কথা শুনিব। অন্যথা পদোন্নতিত প্ৰভাৱ পৰিব পাৰে। সন্তানৰ ওপৰত গুৰুত্ব দিয়া দৰকাৰ। ৰাজনীতিৰ লগত জড়িত সকলৰ বাবে দিনটো ভাল। স্বাস্থ্য ভালে যাব।

মীন ৰাশিঃ আজি কোনো কথাত আপুনি চিন্তিত থকাৰ সম্ভাৱনা। কেৰিয়াৰৰ বাবে অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজন, তেতিয়াহে সফলতা লাভ কৰিব। অচিনাকী লোকৰ ওপৰত বিশ্বাস নকৰিব। সমস্যাত পৰিব পাৰে। কামত গুৰুত্ব দিয়ক। পাৰিবাৰিক দিশটো ভাল। সংগীৰ সৈতে ভাল সময় কটাব। অৱশ্যে আৰ্থিকস্থিতি দুৰ্বল হোৱাৰ সম্ভাৱনা। স্বাস্থ্যত গুৰুত্ব দিয়ক।