Horoscope Today: দিনটোৰ ৰাশিফলঃ আজি এই ৰাশিৰ লোকৰ মুখত বিৰিঙিব হাঁহি.. | 21 October Horoscope today check today's astrological predictions in assamese Assam news - Assam Tv9

Horoscope Today: দিনটোৰ ৰাশিফলঃ আজি এই ৰাশিৰ লোকৰ মুখত বিৰিঙিব হাঁহি..

আজি ২১ অক্টোবৰ। জ্যোতিষ চৰ্চাৰে বিভিন্ন ৰাশিৰ লোকসকলৰ আজিৰ দিনটো কেনেদৰে যাব পাৰে তাৰ এক পূৰ্বানুমান কৰা হৈছে। জ্যোতিষৰ প্ৰতি আগ্ৰহী হ’লে আপুনিও এই ৰাশিফলৰ দ্বাৰা আজিৰ দিনটো আপোনাৰ কিদৰে যাব পাৰে, তাৰ এক সম্ভাৱ্য বিৱৰণ চাব পাৰে।

Horoscope Today: দিনটোৰ ৰাশিফলঃ আজি এই ৰাশিৰ লোকৰ মুখত বিৰিঙিব হাঁহি..

দিনটোৰ ৰাশিফল

Updated On: 

21 Oct 2024 06:20 AM

আজি ২১ অক্টোবৰ। জ্যোতিষ চৰ্চাৰে বিভিন্ন ৰাশিৰ লোকসকলৰ আজিৰ দিনটো কেনেদৰে যাব পাৰে তাৰ এক পূৰ্বানুমান কৰা হৈছে। জ্যোতিষৰ প্ৰতি আগ্ৰহী হ’লে আপুনিও এই ৰাশিফলৰ দ্বাৰা আজিৰ দিনটো আপোনাৰ কিদৰে যাব পাৰে, তাৰ এক সম্ভাৱ্য বিৱৰণ চাব পাৰে।

মেষ ৰাশিঃ এই ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো ভালদৰেই যোৱাৰ সম্ভাৱনা আছে। ভাতৃ-ভগ্নীৰ আগত নিজৰ চিন্তা-চৰ্চা প্ৰকাশ কৰিব পাৰে। বহুদিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পাব পাৰে। বিদেশত পঢ়িব বিচৰা ছাত্ৰ-ছাত্ৰীসকলে হয়তো এটা ভাল সুযোগ পাব। কোনো শত্ৰুৱে আপোনাক অসুবিধা দিবলৈ চেষ্টা কৰিব পাৰে।

বৃষ ৰাশিঃ বহুদিন ধৰি বাকী থকা কোনো কাম আজি সম্পূৰ্ণ হ’ব পাৰে। পৰিয়ালৰ সৈতে দূৰ ভ্ৰমণৰ সুযোগ অহাৰ সম্ভাৱনা আছে। মনৰ কিছু বিভ্ৰান্তিৰ বাবে আপুনি অশান্তি অনুভৱ কৰিব পাৰে। সৰু সৰু লাভৰ পৰিকল্পনাত গুৰুত্ব দিয়া উচিত হ’ব।

মিথুন ৰাশিঃ এই ৰাশিৰ লোকসকলৰ বাবে আজি প্ৰগতিৰ নতুন পথ মুকলি হ’ব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত আজি উচিত যেন অনুভৱ কৰা সিদ্ধান্ত ল’ব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ বিষয়েও আলোচনা হ’ব পাৰে। কিছুমান বিশেষ ব্যক্তিক লগ পোৱাৰ সুযোগ পাব। ঘৰলৈ নতুন অতিথি অহাৰ সম্ভাৱনা আছে।

কৰ্কট ৰাশিঃ কোনো বিশেষ কামৰ বাবে ভ্ৰমণৰ প্ৰয়োজনীয়তা আহিব পাৰে। সন্মান লাভৰ সম্ভাৱনা আছে। পত্নীৰ লগত কিছু মতানৈক্য হ’ব পাৰে। সন্তানৰ ক্ষেত্ৰত থকা বাধা আঁতৰিব। যদি আপুনি কোনো কামৰ বাবে আন কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰে তেন্তে আপুনি অসুবিধাৰ সন্মুখীন হ’ব পাৰে।

সিংহ ৰাশিঃ এই ৰাশিৰ লোকসকল আজি সতৰ্ক হোৱা উচিত। স্বাস্থ্য সম্পৰ্কীয় কিছুমান সমস্যাৰ সন্মুখীন হ’ব পাৰে। বাহন ব্যৱহাৰ কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰক। মাতৃৰ সৈতে কিছু মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। আপুনি হয়তো পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ পাব।

কন্যা ৰাশিঃ এই ৰাশিৰ লোকসকলো আজি বাহন চলাওঁতে সাৱধান হওক। কোনো বিষয়ত তাৎক্ষণিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। বৌদ্ধিক আৰু মানসিক বোজাৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে সকাহ পাব। বাকী থকা কোনো কাম সম্পূৰ্ণ কৰিব পাৰে।

তুলা ৰাশিঃ কথা কওঁতে আৰু নিজৰ আচৰণত সংযম বজাই ৰাখক। বিবাদৰ পৰা আঁতৰি থাকিব লাগিব। দীৰ্ঘদিন ধৰি বাকী থকা লেনদেন আজি সম্পূৰ্ণ হ’ব পাৰে। সম্পত্তিৰ সৈতে জড়িত গোচৰত আপুনি জয়ী হ’ব পাৰে। কামৰ বাবে অপ্ৰত্যাশিত ভ্ৰমণলৈ যাবলগীয়া হ’ব পাৰে, অৱশ্যে এই ভ্ৰমণ আপোনাৰ বাবে উপকাৰী হ’ব।

বৃশ্চিক ৰাশিঃ কোনো বিষয়ক লৈ পত্নীৰ লগত কিছু মতানৈক্য হ’ব পাৰে। যদি আপুনি কাৰোবাৰ পৰা ধন ধাৰে লৈছে তেন্তে ঘূৰাই দিব লাগিব। বাহিৰত থকাৰ সময়তে কোনো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে। নিজৰ অত্যাৱশ্যকীয় কামবোৰত মনোনিৱেশ কৰক। অচিনাকি মানুহক বিশ্বাস কৰাৰ পৰা বিৰত থাকক।

ধনু ৰাশিঃ আপোনাৰ নিজস্ব চিন্তা চেতনা তথা শক্তিক উৎপাদনশীল কামত ব্যৱহাৰ কৰিলে ভাল ফল পাব। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলোৱাসকলে হয়তো এটা ভাল সুযোগ পাব। বহুদিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পোৱাৰ সুযোগ পাব পাৰে।

মকৰ ৰাশিঃ এই ৰাশিৰ লোকসকলে নতুন পৰিকল্পনা আৰম্ভ কৰিব পাৰে। আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ’ব। যিকোনো বাকী থকা কাম সম্পূৰ্ণ হ’ব পাৰে। পুৰণি বন্ধুৰ সৈতে সাক্ষাৎ হ’ব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ লগত কিছু বিবাদ হ’ব পাৰে।

কুম্ভ ৰাশিঃ কোনো কামত সমস্যাৰ সন্মুখীন হ’ব পাৰে, গতিকে ফলপ্ৰসূ পৰিকল্পনা কৰি কামত আগবঢ়া উচিত হ’ব। কৰ্মক্ষেত্ৰত ভুল কৰাৰ পৰা বিৰত থাকক। পৰিয়ালৰ সদস্যৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰিব। চৰকাৰী আঁচনিৰ পৰা আপুনি সম্পূৰ্ণ সুবিধা লাভ কৰিব।

মীন ৰাশিঃ আপোনাৰ অগ্ৰগতিৰ ক্ষেত্ৰত থকা যিকোনো বাধা দূৰ হ’ব। কৰি অহা প্ৰচেষ্টাই সফলতাৰ মুখ দেখিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে সফলতা লাভৰ বাবে অধিক প্ৰচেষ্টা চলোৱাৰ প্ৰয়োজন। হয়তো বাহিৰলৈ ওলাই গৈ আনন্দ উপভোগ কৰাৰ সুযোগ পাব।

(স্পষ্টীকৰণঃ ওপৰোক্ত তথ্যৰ সত্যাসত্য আমাৰ হাতত নাই। জ্যোতিষ শাস্ত্ৰৰ মান্যতা আৰু  বিশ্বাস অনুসৰি এই কথা লিখা হৈছে।)

এই ৪ ৰাশিৰ যুৱকে কেতিয়াও নকৰে বিশ্বাসঘাটকতা, সদায় পত্নীক ৰাখে সুখত...
ক'লা হৰিণ আৰু সাধাৰণ হৰিণৰ মাজত কি কি পাৰ্থক্য থাকে?
পাকিস্তানেই নহয়, ঘৰুৱা মাটিত টেষ্টত ভাৰতৰো হৈছে একেই গতি!
পুষ্পা ২ৰ আইটেম চঙত দেখা যাব ৮০০ কোটি টকা উপাৰ্জন কৰা বলীউডৰ অভিনেত্ৰীক!