5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আজিৰ দিনটোৰ ৰাশিফল, জানক কোন ৰাশিৰ জাতক-জাতিকাৰ কপাল ফুলিব

Daily Horoscope: কেনে যাব আজি আপোনাৰ দিনটো? ৰাশিফলত ইয়াৰ সবিশেষ বৰ্ণনা কৰা হয়। ৰাশিফলত আপোনাৰ চাকৰি, বিবাহ, ব্যৱসায়, লেনদেন, পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক, স্বাস্থ্য আৰু গোটেই দিনটো সংঘটিত হোৱা শুভ আৰু অশুভ ঘটনাৰ বিষয়ে এক ভৱিষ্যতবাণী প্ৰদান কৰা হয়। আজি জানো আহক কোনটো ৰাশিৰ কি আছে ভাগ্যত?

আজিৰ দিনটোৰ ৰাশিফল, জানক কোন ৰাশিৰ জাতক-জাতিকাৰ কপাল ফুলিব
কেনে যাব আজি আপোনাৰ দিনটো?
barasha-misra
Barasha Misra | Published: 23 Nov 2024 06:00 AM

দৈনিক ৰাশিফল হৈছে দিনটোৰ শুভ আৰু অশুভ ঘটনাবোৰৰ বিৱৰণ। কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল…

মেষ ৰাশি

এনেকুুৱা গতিবিধিৰ লগত সংযোগ ৰাখক ,যি আপোনাক সতেজতা প্ৰদান কৰে। সোনকালে কোনো ধৰণৰ নিৰ্ণয় নলয় যেন, বিশেষকৈ অতি গুৰুত্বপূৰ্ণ আৰ্থিক বিষয়ত নিৰ্ণয় লোৱাৰ সময়ত। আজিৰ দিনাখন অন্যৰ কথা শুনাত আৰু সেইবোৰত অমল কৰাত গুৰুত্ব প্ৰদান কৰক। ভুল সংবাদ অথবা ভুল বুজাবুজিয়ে আপোনাৰ দিন বেয়া কৰিব পাৰে। আপুনি এই কথা সদায় মনত ৰখা উচিত যে ভগৱান অথবা আল্লাহ তাৰেই সহায় কৰে যি নিজৰ সহায় নিজে কৰিব জানে। জীৱন সংগীৰ অসুুস্থতাৰ বাবে আপোনাৰ কাম-কাজত বেয়া প্ৰভাৱ পৰিব পাৰে।

বৃষ ৰাশি

জটিল পৰিস্থিতিক সন্মুখীন হোৱাৰ পৰা ভয় নাখাব । আপোনাৰ সুখ সমূহৰ সঠিক মূল্য নিৰ্ধাৰণ কৰিব পাৰে । আপোনাৰ মুড সলনি কৰিবলৈ যিকোনো সামাজিক আয়োজনত অংশগ্ৰহণ কৰক। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। প্ৰয়োজনৰ সময়ত আপোনাৰ বন্ধুৰ সহযোগ লাভ কৰিব। আপোনাৰ প্ৰিয়জনৰ লগত বাহিৰত যাওতে তেওঁক ভাল ব্যৱহাৰ কৰক। সময়ৰ গতিৰ লগত চলা লগতে নিজকো সময় দিয়া উচিত। এই কথাটো আপোনাৰ আজি অনুভৱ হ’ব কিন্তু তথাপিও আপোনাৰ ঘৰৰ মানুহৰ বাবে হাতত সময়ৰ নাটনি হ’ব। আপোনাৰ কাৰণে এয়া এক ধুনীয়া ৰোমাণ্টিক দিন ,কিন্তু স্বাস্থ্যৰ বাবে অলপ সমস্যাৰ সন্মুখীন হ’ব পাৰে। কোনোব ঘনিষ্ঠ এজনক লৈ আপুনি আজি নিৰাশ হ’ব পাৰে।

মিথুন ৰাশি

নিজকে সৃজনাত্মক কামৰ লগত জড়িত কৰক ,আপোনাৰ এই বহি থাকি কৰা কামৰ বাবে মানসিক্ভাৱে আপোনাক শান্ত কৰিব পাৰে। অনুভৱী ব্যক্তিৰ পৰামৰ্শ অবিহনে এনে একো কাম নকৰিব যাৰ ফলত আৰ্থিক হানি হয়। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোয়ে আটাইতকৈ ভাল সুযোগ,যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। আজিৰ প্ৰেমৰ দিন বহুত বিবাদিত থাকিব। আজি সময়ৰ গতিৰ প্ৰতি লক্ষ্য ৰাখি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিব।কিন্তু অফিচৰ এটা কাম হঠাৎ আহি যোৱা বাবে আপুনি আৰু সময় নাপাব। প্ৰয়োজনৰ সময়ত আপোনাৰ জীৱন সংগী আপোনাৰ মা-দেউতাতকৈ নিজৰ মা-দেউতাক অধিক গুৰুত্ব প্ৰদান কৰাটো আপোনাৰ পৰিলক্ষিত হ’ব। জীৱন আপোনাৰ মতে তেতিয়াই চলিব যেতিয়া আপুনি শুদ্ধ বিচাৰ আৰু ভাল সংগৰ লগত থাকিব।

কৰ্কট ৰাশি

আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক,যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়।মস্তিষ্ক জীৱনৰ দুৱাৰ কাৰণ সকলো গতি বিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তা-ধাৰা দি মানুহক আলোকিত কৰিব পাৰে। আজি আপোনাৰ কোনো অজ্ঞাত উৎসৰ পৰা পইচা প্ৰাপ্ত হ’ব পাৰে, যাৰ বাবে আপোনাৰ বহুতো আৰ্থিক সমস্যা দূৰ হ’ব পাৰে। কোনোবা দূৰৰ আত্মীয়ৰ পৰা হঠাৎ পোৱা খবৰে আপোনাৰ দিন ভাল কৰি দিব পাৰে। আপোনাৰ এই চমৎকৃত আৰু উজ্বল চকু দুযোৰে আপোনাৰ প্ৰিয়জনৰ এন্ধাৰ ৰাতিও পোহৰ কৰি তুলিব পাৰে। আজি এনেকুৱা এটা দিন হয় যিদিনা আপুনি বিচৰা মতে আপোনাৰ একো কাম সম্পূৰ্ণ হৈ নুঠিব । এই সময় জীৱনত আপোনাক বৈবাহিক সম্পৰ্কৰ বাবে অধিক সুখ তথা আনন্দ প্ৰদান কৰিব।

সিংহ ৰাশি

আপোনাৰ সহজ ভাৱে লব পৰা যিকোনো সমাধান সমূহে আপোনাৰ সমস্যাসমূহ সমাধান কৰিব। আপোনাৰ অতিৰিক্ত ধন সমূহ সুৰক্ষিত ঠাইত জমা কৰি ৰাখক ,যি আহিব লগা সময়ত আপুনি আকৌ ঘুৰাই পাব পাৰে। পৰিয়ালত আপুনি এক মধ্যস্থতাকাৰী হিচাপে দায়িত্ব পালন কৰিব,সকলোৰে সমস্যাৰ ওপৰত গুৰুত্ব প্ৰদান কৰক যাতে সময় থাকোতে সমস্যাৰ ওপৰত নিয়ন্ত্ৰণ পাব পাৰে। নিজৰ প্ৰিয়জনৰ সৰু-সুৰা ভুল সমূহক এৰাই চলক। আজিৰ আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও নাছিল। আজিৰ দিনাখন হতাশাৰ পৰা বাচি থকাৰ চেষ্টা কৰক, এইকাৰণে আৰাম কৰাত প্ৰাধান্য দিয়ক।

কন্যা ৰাশি

ব্যস্ত দিনযোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব। কিন্তু সদায় এনেকৈ থাকিব বুলি আপুনি অলিক নাথাকিব, নিজৰ জীৱন আৰু স্বাস্থ্যৰ সন্মান কৰক। আজি বিনা কাৰণত পইচা খৰচ কৰাৰ পৰা নিজকে বচাই চলক নহ’লে লগা সময়ত আপোনাৰ তাত পইচাৰ নাটনি হ’ব পাৰে। যেতিয়া আপুুনি বিনিয়োগ কৰাৰ প্ৰশ্ন সন্মুখত আহিব ,তেতিয়া স্বতন্ত্ৰ হোৱাৰ চেষ্টা কৰক আৰু নিজৰ নিৰ্ণয় নিজে লওক। আপোনাৰ জীৱনত প্ৰেমত উন্নত , আপুনি অকল সতৰ্ক থকাৰ হে প্ৰয়োজন কাৰণ কোন কেতিয়া আহিব আপুনি নাজনিবও পাৰে। কথা বাৰ্তাত থকা আপোনাৰ কৌশল আজি আপোনাৰ পক্ষত ভালকৈয়ে কাম কৰিব।

তুলা ৰাশি

আপুনি নিজৰ ভাৱনাৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ আৱশ্যক আছে। যদি আপুনি দীঘলীয়া সময়ৰ পৰা নিৱেশ কৰে তেন্তে ভাল আৰ্থিক লাভ হব পাৰে। কিছুমান লোকৰ বাবে পৰিয়ালত আনন্দ আৰু উল্লাস ৰ মুহুৰ্ত লৈ আহিব। জীৱনত এক নতুনত্ব আহিব পাৰে ,যি প্ৰেম আৰু ৰোমাঞ্চক এক নতুনত্ব প্ৰদান কৰিব পাৰে। আপুনি যদি বিচাৰে সমস্যা সমূহৰ হাহিঁমুখে সমাধান কৰিব আৰে অথবা তাৰ মাজত পৰি চিন্তিত হব পাৰে , ইয়াৰ নিৰ্ণয় আপুনিয়ে ল’ব। এই সময় জীৱনত আপোনাক বৈবাহিক সম্পৰ্কৰ বাবে অধিক সুখ তথা আনন্দ প্ৰদান কৰিব। ভাল টোপনী ভাল স্বাস্থ্যৰ বাবে খুব জৰুৰী , আপুনি অলপ অধিক সময় শুব পাৰে।

বৃশ্চিক ৰাশি

অলপ বিশ্ৰাম কৰক আৰু কামৰ মাজত যিমান পাৰে সিমান বেছি আৰাম কৰক। ঘৰৰ সৰু সৰু বস্তুৰ ওপৰত আপোনাৰ আজি বহুত ধন খৰচ হৈ যাব পাৰে যাৰ ফলত আপুনি মানসিক অশান্তিত ভূগিব পাৰে। আপুনি আপোনাৰ জীৱন-সংগীৰ ব্যক্তিগত জীৱনত অধিক হস্তক্ষেপ কৰা বাবে তেখেত অশান্তি অনুভৱ কৰে। খঙক নিয়ন্ত্ৰণত ৰাখক নহ’লে কথা অধিক বেয়াৰ পিনে ঢাল খাব পাৰে , আৰু শান্ত ভাৱে এই কথা সমাধান কৰক। আজিৰ দিনটো ৰোমাঞ্চেদি ভৰপুৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যদি আপোনাৰ এনে অনুভৱ হয় যে কিছুমান মানুহৰ সংগ আপোনাৰ সময়ৰ অপচয় কৰি আছে ,তেন্তে আপুনি তেখেতসকলৰ পৰ দুৰত থকাই শ্ৰেয়। আজি আপুনি আকৌ এবাৰ সময়ৰ সোতঁত পিছলৈ গৈ বিয়া হোৱাৰ প্ৰাৰম্ভিক দিন সমূহত থকা প্ৰেম আৰু ভালপোৱাৰ সুখানুভ বোৰ আকৌ ৰোমন্থন কৰিব পাৰিব।

ধনু ৰাশি

জীৱন সংগীৰ স্বাস্থ্যৰ ওপৰত ভাল ভাৱে ধ্যান দিয়ক আৰু যত্নৰ আৱশ্যক আছে। নিকটতম আত্মীয়ৰ ঘৰত ফুৰিব গলে আজি আপোনাৰ আৰ্থিক হানি হব পাৰে। পত্নীৰ লগত সমন্ধ মজবুত কৰিবলৈ আজি এটা শান্তিপ্ৰিয় দিন, সম্বন্ধৰ এই কোমল যোৰ টোক সবল বনাবলৈ দুয়োজনে সমঅৰ্পিত হব লাগে আৰু দুয়োজনৰ মাজৰ প্ৰেম আৰু বিশ্বাস হব লাগে ,পৰিস্থিতি ঠিক কৰিবৰ দায়িত্ব নিজৰ ওপৰত ন্যস্ত কৰক আৰু আপোনাৰ পৰিয়ালৰ লোকৰ সহায় হওক। বহুত ধুনীয়া আৰু মৰমীয়াল ব্যক্তিৰ লগত সাক্ষাৎকাৰ হোৱাৰ প্ৰবল সম্ভাৱনা আছে। আজিৰ দিনাখন ঘটনা সমূহ ভাল হ’ব কিন্তু সেই হিচাপে আপোনাক অশান্তিও প্ৰদান কৰিব ,যাৰ বাবে আপুনি ভাগৰ আৰু অসুবিধা অনুভৱ কৰিব। যেতিয়া আপোনাৰ জীৱন সংগী সকলো মতানৈক্য পাহৰি আপোনাৰ ওচৰলৈ ঘুৰি আহিব ,তেতিয়া জীৱন অধিক ধুনীয়া হৈ পৰিব।

মকৰ ৰাশি

আজিৰ দিনটোত আপোনাক ফুৰ্ত্তিৰ সৰু সৰু যাত্ৰাবোৰ আৰু সামাজিক মেল মিটিং আদিয়ে সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব। আপোনাৰ বহুত উৎসৰ পৰা লাভ হব। আপোনাৰ জীৱন-সংগীৰ লগত কিছুমান গোপনীয় কথা আলোচনা কৰাৰ আগতে এবাৰ ভালকৈ ভাৱি লওক।যদি সম্ভৱপৰ হয় তেন্তে ইয়াৰ পৰা বাচক কাৰণ এইবোৰ কথা বাহিৰত যোৱাৰ সম্ভাৱনা আছে ইয়াৰ ফলত ভিন্ন বিপদ কাষ চাপিব পাৰে। নিজৰ প্ৰিয়জনৰ সৰু-সুৰা ভুল সমূহক এৰাই চলক। অচিনাকি লোকৰ লগত কথা পতা ভাল কিন্তু তেখেতক ভাল্কৈ নজনাকৈ নিজৰ জীৱনৰ কথা কৈ আপুনি অকল নিজৰ সময়হে অপচয় কৰিব।

কুম্ভ ৰাশি

সৰু সৰু বস্তুসমূহক নিজৰ বাবে সমস্যাৰ সৃষ্টি কৰিব নিদিব। সাৱধানেৰে আৰ্থিক নিৱেশ কৰক। আপোনাৰ বিচাৰ তথা চিন্তা-ধাৰা আপোনাৰ বন্ধু আৰু আত্মীয়ৰ ওপৰত নিক্ষেপ কৰিব চেষ্টা নকৰিব ,কাৰণ এয়া কৰাটো আপোনাৰ বাবে কোনোও লাভদায়ক বুলি প্ৰমাণিত নহ’ব আনকি এনেকুৱা কৰা বাবে সিহঁতে আপোনাক বেয়া পাব পাৰে। প্ৰেমৰ কোনো সীমনা নাই, ই সকলো সীমাতকৈ উৰ্ধত; আপুনি এই কথা আগতে শুনিছিল চাগে, কিন্তু আজি সেই দিন যেতিয়া আপুনি বিচাৰিলে এই ভাৱনা সমূহ অনুভৱ কৰিব পাৰে। আজি ঘৰত অধিকতম সময় আপুনি শুই কটাব পাৰে । সন্ধিয়া সময়ত আপুনি অনুভৱ কৰিব যে আপুনি নিজৰ মুল্যৱান সময় বৰবাদ কৰি দিলে। এগৰাকী ধুনীয়া ব্যক্তিত্ব সম্পন্ন জীৱন লগৰীৰ লগত জীৱন সচাঁকৈয়ে বহুত অদ্ভুত হৈ পৰে আৰু আজি আপুনি এই কথা ভালকৈয়ে অনুভৱ কৰিব। আপোনাৰ গুণবোৰে আজি আপোনাক বেলেগৰ মাজত প্ৰশংসাৰ পাত্ৰ কৰি তুলিব পাৰে।

মীন ৰাশি

জীৱন সংগীৰ স্বাস্থ্যৰ ওপৰত ভাল ভাৱে ধ্যান দিয়ক আৰু যত্নৰ আৱশ্যক আছে। যদি আজি আপুনি অলপ জানি বুজি কাম কৰে তেন্তে আৰ্থিক লাভ হব পাৰে। আপোনাৰ বেছিভাগ সময় বন্ধু আৰু পৰিয়ালৰ লগত অতিবাহিত হব। নিজৰ কথা প্ৰমাণ কৰিব গৈ আজি আপুনি আপোনাৰ সংগীৰ লগত কাজিয়া হব পাৰে। অৱশ্যে আপোনাৰ সংগীৰ বুজোৱাত আপুনি শান্ত হব। আজি যিমান পাৰে লোকৰ পৰা দুৰত থাকক। বেলেগক সময় দিয়াতকৈ নিজক সময় দিওঁক। আপোনাৰ জীৱন সংগী আজি আপোনাক সকলোধৰণৰ ভাল অনুভুতি বোৰ দেখুৱাব, আজি তেখেতে আপোনাক বহুত মৰম দেখুৱাব অতীতত হোৱা সকলো ঘটনাৰ পৰিৱৰ্তে।

Latest News