Daily Horoscope: কেনে যাব আজি আপোনাৰ দিনটো? জানক কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য

আজি ২৮ ফেব্ৰুৱাৰী, জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি কিছুমান ৰাশিৰ লোকৰ উদয় হ’ব ভাগ্য। ইয়াৰোপৰি কিছুমানে আজি বাহন বা সম্পত্তি ক্ৰয় কৰিব পাৰিব। জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

Daily Horoscope: কেনে যাব আজি আপোনাৰ দিনটো? জানক কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হব ভাগ্য

কেনে যাব আজি আপোনাৰ দিনটো?

Updated On: 

28 Feb 2025 08:08 AM

কেনে যাব আজি আপোনাৰ দিনটো? আৰ্থিক দিশত, ব্যৱসায়, শিক্ষা, প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব সকলো ৰাশিৰ জাতক-জাতিকাই? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল…

মেষ ৰাশি

আপোনাৰ জীৱন সংংগীৰ লগত পাৰিবাৰিক সমস্যাবোৰৰ সমাধান কৰক আৰু পৰস্পৰে পৰস্পৰক বুজাৰ চেষ্টা কৰক। দুয়োজনে একেলগে সময় অতিবাহিত কৰিব। পইচা আজি আপোনাৰ হাতৰ পৰা অধিক কৈ খৰচ হ’ব, কিন্তু আপোনাৰ কুণ্ডলীত থকা ভাল নক্ষত্ৰ সমূহৰ বাবে আপোনাৰ অভাৱ নহয়। প্ৰেমত শুভ ফল লাভ কৰিব।

বৃষ ৰাশি

হতাশাৰ পৰিৱেশ আপোনাক খঙ উঠাব পাৰে। আজি আপোনাৰ শৰীৰৰ সমস্যা বৃদ্ধি হব পাৰে । ধনৰ অভাৱ হ’ব পাৰে আৰু  ঋণ লোৱা অৱস্থা আহিব পাৰে। আজি কোনো চিঠি অথবা ই-মেইলে গোটেই পৰিয়ালৰ বাবে ভাল খবৰ কঢ়িয়াই লৈ আহিব। আজি আপোনাৰ প্ৰেমাস্পদক লৈ কৰবাত ফুৰিব যাব পাৰে। নতুন পৰিযোজনাত কাম কৰাৰ আগতে ভাল কৈ ভাৱি চিন্তি লওক।

মিথুন ৰাশি

শাৰীৰিক আৰু মানসিক লাভৰ বাবে ধ্যান আৰু যোগ কৰাটো আপোনাৰ বাবে উপযোগী । আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ লৈ আগবাঢ়িব পাৰে। সামাজিক স্থানত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। আজি প্ৰিয়জনৰ এক নতুন দিশ আপুনি দেখিব পাৰিব। প্ৰেমত শুভ।

কৰ্কট ৰাশি

আঘাত পোৱাৰ পৰা বাচিবলৈ নিজৰ বিশেষ যত্ন লওক। আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থা সুদৃঢ় হ’ব। বন্ধুৰ লগত ফুৰিব যাব পাৰে। কিন্তু বেছি খৰছ নকৰিব, নহ’লে আপুনি খালী পকেট লৈ ঘৰলৈ ঘুৰি আহিব। আপোনাৰ প্ৰিয়জনৰ পৰা অহা এক ফোনে আপোনাৰ গোটেই দিন ধুনীয়া কৰি তুলিব।

সিংহ ৰাশি

আপোনাৰ সন্মুখত বহুত বাধা আহিব পাৰে। আজি আৰ্থিক বিনিয়োগৰ যি নতুন নতুন সুযোগ হাতত আহিব তাৰ অতি ভালদৰে বিবেচনা কৰক। কিন্তু ধন তেতিয়াই বিনিয়োগ কৰক যেতিয়া আপুনি সেই যোজনা সমূহক ভালকৈ অধ্যয়ণ কৰি ল’ব। প্ৰেম আৰু দাম্পত্য জীৱনত শুভ ফল লাভ কৰিব।

কন্যা ৰাশি

আপোনাৰ শক্তিশালী গুণসমূহে আপোনাৰ মানসিক ক্ষমতাৰ বৃদ্ধি কৰিব। যিকোনো পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবৰ বাবে এই দ্ৰুত গতিক বাহাল ৰাখক । আপোনাৰ যধে মধে খৰচ কৰাৰ অভ্যাসৰ পিনে চাই আপোনাৰ মা দেউতা চিন্তিত হ’ব পাৰে। সামাজিক গতিবিধিয়ে আপোনাকে ধৰি সকলোকে সুখী কৰিব। কাৰোবাৰ প্ৰেমত সফলতা লাভ কৰিব। আজিৰ দিনটোত প্ৰেমত শুভ।

তুলা ৰাশি

মানসিক শান্তিৰ বাবে দান পূণ্যৰ কামত সহযোগিতা কৰক। আপোনাৰ অস্থাৱৰ সম্পত্তি কোনোবাই আজি চুৰি কৰিব পাৰে সেইবাবে যিমান পাৰে গুৰুত্ব দিব। আজিৰ দিনটো আনন্দৰে ভৰা হ’ব ,কাৰণ আপোনাৰ জীৱন সংগী আপোনাক আজি সুখ দিবলৈ প্ৰয়াস কৰিব। ভাৱনাৰ বিশৃংখলতাই আপোনাক চিন্তিত কৰি তুলিব পাৰে। কৰ্ম ক্ষেত্ৰত শুভ। জীৱন সংগীৰ স্বাস্থ্য আজি অলপ বেয়াৰ ফালে ঢাল খাব পাৰে।

বৃশ্চিক ৰাশি

আজি আপোনাৰ কোনোবা পূৰণি বন্ধুয়ে ব্যৱসায়ত সহায় কৰিব পাৰে। সেই উপদেশ মানি চলিলে ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত। পাৰিবাৰিক সমস্যা থাকিব পাৰে। আপোনাৰ সহযোগীৰ লগত ব্যৱসায়িক কৰা পৰিকল্পনা ইত্যাদি বাস্তৱত ৰূপায়িত কৰিব পাৰে । এই ৰাশিৰ জাতক-জাতিকাই ভাই -ভনীৰ লগত ঘৰত চিনেমা অথবা খেল দেখিব পাৰে।এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। আত্মত্মীয় সমূহক লৈ আজি আপোনাৰ আৰু জীৱন সংগীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে।

ধনু ৰাশি

আপোনাৰ উদাৰ স্বভাৱে সুখৰ মুহূৰ্ত লৈ আহিব। ঘৰৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি আজি আপুনি আপোনাৰ জীৱনসংগীৰ লগত আলোচনা কৰি মূল্যৱান বস্তু ক্ৰয় কৰিব পাৰে। আজি আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে। বিবাদ,মতভেদ আৰু বেলেগৰ আপোনাক সমালোচনা কৰাৰ অভ্যাস টোক গুৰুত্ব নিদিব। আপোনাৰ প্ৰেম-প্ৰসংগৰ বিষয়ে বেছি ইফালে-সিফালে কথা কৈ নুফুৰিব। আপোনাৰ কাম আৰু প্ৰাথমিকতাত ধ্যান একাগ্ৰ কৰক।

মকৰ ৰাশি

ঘৰুৱা সমস্যা আপোনাক মানসিক অশান্তি দিব পাৰে। যিকোনো ডাঙৰ যোজনা আৰু বিচাৰ আপোনাৰ মন আকৰ্ষিত কৰিব পাৰে । যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগত সেই ব্যক্তিৰ বিষয়ে ভালকৈ সোধ পোছ কৰি লোৱাটো ভাল হ’ব। ঘৰুৱা জীৱনত কিছু হতাশাৰ সন্মুখীন হ’ব পাৰে। আজি আপুনি চাৰিওফালে প্ৰেম আৰু প্ৰেমে বিলাই ফুৰিব। সহকৰ্মী আপোনাক বহুত সহায় সহযোগ কৰিব আৰু অফিচত বিশ্বাসৰ ভেটিত নতুন সম্বন্ধৰ আৰম্ভণি হব। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰ জন আপোনাৰ সহায় কৰিব পাৰে । আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সচাঁ হয় ,আপোনাৰ জীৱনৰ লগৰীয়ে আপোনাৰ প্ৰকৃত প্ৰেয়সী।

কুম্ভ ৰাশি

আজিৰ দিনটোত আপুনি সৰু সৰু কথাত সোনকালে অস্তিৰ হৈ পৰিব। প্ৰেমে আজি বাৰুকৈয়ে আপোনাক আগুৰি ধৰিব। ঘৰৰ মানুহৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে কিন্তু আপুনি নিজৰ পৃথিৱীতেই মচগুল হৈ থাকিব। আজি খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সচাঁকৈ আনন্দ লাভ কৰিব পাৰে। আপোনাৰ বৈবাহিক জীৱনৰ লগত জড়িত কিবা ভাল লগা বস্তু আপোনাৰ সন্মুখত আহিব তেতিয়া আপুনি ভাবুক হৈ পৰিব পাৰে।

মীন ৰাশি

নিয়মিত ব্যায়ামৰ মাধ্যমেৰে শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখক। জীৱন সংগী আৰু সন্তানৰ পৰা অতিৰিক্ত স্নেহ আৰু সহযোগ লাভ কৰিব। ঘৰত সমস্যাৰ সৃ্ষ্টি হ’ব পাৰে কিন্তু আপুনি জীৱন সংগীক সৰু সৰু বস্তুৰ বাবে কথা শুনোৱা বন্ধ কৰক। যদি আপুনি এদিনৰ বাবে ছুটী ল’ব বিচাৰে তেন্তে চিন্তা নকৰিব, আপোনাৰ অনুপস্থিতিত সকলো কাম ভাল ভাৱে চলিব । জীৱন সংগীৰ বেয়া ব্যৱহাৰ আপোনাৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলাব পাৰে।

ইতিহাস প্ৰসিদ্ধ চৰাইদেউ মৈদামৰ আছে বহু ৰহস্য, মৈদাম কি জানেনে?
আপোনাৰ পাৰ্ছত ৰাখক এই সামগ্ৰী, কেতিয়া নহ'ব ধনৰ অভাৱ!
সমগ্ৰ বিশ্বত কিমান সনাতনী লোক আছে?
কোন দেশৰ লোকে সবাতোকৈ বেছি গো মাংস খায়? জানক সবিশেষ...