Today’s horoscope: আজি ২ জানুৱাৰী, কোনে পাব চাকৰি, কাৰ হ’ব আৰ্থিক উন্নতি? চাওক আজিৰ ৰাশিফল…
আজি নতুন বছৰৰ দ্বিতীয় দিন। জ্যোতিষ শাস্ত্ৰত প্ৰতিটো দিনৰ বিষয়ে উল্লেখ থাকে। জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশি ১২ টা আৰু প্ৰতি দিনে প্ৰতি ৰাশিৰ বেলেগ বেলেগ যোগ থাকে।
আজি ২ জানুৱাৰী, ২০২৫। হিন্দু ধৰ্মত জ্য়োতিষ শাস্ত্ৰৰ বিশেষ মহত্ব আছে। জ্য়োতিষ শাস্ত্ৰই আমাৰ প্ৰতি দিনৰ বিষয়ে ভৱিষ্যত বাণী কৰে। গ্ৰহ- নক্ষত্ৰ আদিৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি এয়া নিৰ্ধাৰণ কৰা হয়। জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব। চাওক আজিৰ ৰাশিফল-
মেঘ ৰাশিঃ আজি আপুনি পৰিয়ালৰ দায়িত্ব ভালদৰে পূৰণ কৰিব। সম্পত্তি সম্পৰ্কীয় কিবা সিদ্ধান্ত লোৱাৰ আগতে চিন্তা কৰিব। শিশুৰ সৈতে জড়িত কোনো সমস্যা আহিব পাৰে। ভাই-ভনীৰ লগত সম্পৰ্ক ভাল কৰাৰ চেষ্টা কৰিব। ব্যৱসায়ৰ লগত জড়িত সমস্যা দূৰ হ’ব। চাকৰি কৰা সকলৰ ভ্ৰমণৰ যোগ আছে। পৰিয়ালৰ সৈতে ভাল। মূৰৰ বিষ হ’ব পাৰে।
বৃষ ৰাশিঃ পাবলগীয়া পইচা ঘূৰাই পাব। বিদ্যাৰ্থীসকলৰ সমস্যা দূৰ হ’ব। বিবাদৰ পৰা আঁতৰি থাকক। ব্যৱসায়ত গুৰুত্ব দিব, সমস্যা হোৱাৰ সম্ভাৱনা আছে। চাকৰি কৰা সকলে সতীৰ্থক ভাল ব্যৱহাৰ কৰিব। বিপৰীত লিংগৰ সংগীৰ পৰা দূৰত থাকক। নিজৰ ওপৰত বিশ্বাস ৰাখি আগুৱাই যাওক। স্বাস্থ্য ভালে যাব।
মিথুন ৰাশিঃ যি লক্ষ্য স্থানত উপনীত হোৱাৰ চেষ্টা কৰি আছিল সেয়া লাভ কৰিব। দিনটোত কোনো অশুভ খবৰ লাভ কৰাৰ সম্ভাৱনা আছে।ঘৰৰ ডাঙৰজনৰ কথা শুনি আগবাঢ়িব । ব্যৱসায়ীসকল ব্যস্ত থাকিব। অত্যাধিক খৰচ হোৱাৰ সম্ভাৱনা। সাহস ৰাখিব। পৰিয়ালৰ সমৰ্থন লাভ কৰিব। স্বাস্থ্যত সমস্যা আহিব পাৰে।
কৰ্কট ৰাশিঃ দীৰ্ঘদিন ধৰি চেষ্টা কৰি থকা কামৰ ফল লাভ কৰিব। সম্পদ ক্ৰয় কৰাৰ সম্ভাৱনা আছে। কোনো সতীৰ্থই সহযোগ কৰিব। বিদ্যাৰ্থীসকলৰ দিনটো ভাল। কেৰিয়াৰৰ ক্ষেত্ৰত দিনটো বৰ বিশেষ ভাল নহয়। সৰু কথাত বিবাহ হ’ব পাৰে। সংগীৰ লগত সমস্যা হোৱাৰ সম্ভাৱনা আছে, যাৰ প্ৰভাৱ পৰিয়ালত পৰিব। স্বাস্থ্যৰ সমস্যা হ’ব পাৰে।
সিংহ ৰাশিঃ সমস্যা সমাধান হ’ব। দীৰ্ঘদিন ধৰি কৰিব বিচৰা কাম কৰিব পাৰিব। আৰ্থিক দিশত সমস্যা আহিব পাৰে। অত্যাধিক খৰচ হোৱাৰ সম্ভাৱনা আছে।ব্যৱসায়ত কোনো লোকচান হোৱাৰ সম্ভাৱনা আছে। চাকৰিৰ ক্ষেত্ৰতো সৰু সুৰা সমস্যা আহিব পাৰে। সংগীৰ লগত ভালে যাব দিন। স্বাস্থ্যত গুৰুত্ব দিয়ক।
কন্যা ৰাশিঃ সামাজিক বা ৰাজনীতিৰ কামত জড়িত হ’ব পাৰে। সমাজত গুৰুত্ব বৃদ্ধি পাব। অচিনাকী মানুহৰ লগত কোনো পৰিকল্পনা শ্বেয়াৰ নকৰিব। প্ৰলোভনত ভোল নাযাব। ব্যৱসায়ত ভাল। দিনটো ব্যস্ত থাকিব। চাকৰিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। পৰিয়ালৰ অৱস্থা ভালে থাকিব, সুখী থাকিব। স্বাস্থ্য গুৰুত্ব দিয়ক।
তুলা ৰাশিঃ দিনটো ব্যস্ত থাকিব। পৰিয়ালৰ সৈতে কৰবাত যাব পাৰে। কোনো প্ৰতিষ্ঠিত ব্যক্তিক লগ পাব পাৰে।নেতিবাচক মানুহৰ পৰা দূৰত থাকক। ব্যৱসায়ত পৰিবৰ্তন হোৱাৰ সম্ভাৱনা। ঋণৰ সমস্যা সৃষ্টি হ’ব পাৰে। সংগীৰ মনোভাৱক সন্মান কৰিব। ডিঙিৰ কোনো সমস্যাত ভুগিব পাৰে।
বৃশ্চিক ৰাশিঃ আপোনসকলৰ লগত ভাল সময় কটাব। নিজৰ সামৰ্থতকৈ অধিক ঋণ নল’ব। মানসিক শান্তিৰ ওপৰত গুৰুত্ব দিব। খৰচত গুৰুত্ব দিব। কোনো ভাল সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। ব্যৱসায়ৰ পৰিকল্পনা কাৰো আগত শ্বেয়াৰ নকৰিব। ভাল কাম লাভ কৰাৰ সম্ভাৱনা। প্ৰেমত শুভ। পেটৰ লগত জড়িত কোনো সমস্যা হ’ব পাৰে।
ধনু ৰাশিঃ কোনো প্ৰভাৱশালীলোকৰ পৰা সহায় লাভ কৰাৰ সম্ভাৱনা। অৱশ্যে কিছুমানৰ কামত বাধা আহিব পাৰে। কিন্তু চিন্তা নকৰিব,ভালদৰে কাম কৰি আগুৱাই যাওক। ব্যক্তিগত বা সামাজিক কামত ব্যস্ত থাকিব। দিনটো কোনো কথাত খং উঠি থাকিব পাৰে। নিজক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰক। ব্যৱসায়ত ব্যস্ত থাকিব। প্ৰেমত শুভ। স্বাস্থ্য ভালে যাব।
মকৰ ৰাশিঃ আজি আপুনি অধিক আত্মবিশ্বাস অনুভৱ কৰিব। কোনো গুৰুত্বপূৰ্ণ খবৰ লাভ কৰিব পাৰে। সফলতা লাভ কৰাৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে। ব্যৱসায়ত ভাল। চাকৰি কৰা সকলে কামত মন দিয়া দৰকাৰ। পদোন্নতিৰ যোগ আছে। পতি-পত্নীৰ মাজত সমস্যা আহিব পাৰে। মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়ক।
কুম্ভ ৰাশিঃ কোনো কামত ভাল ফলাফল লাভ কৰিব। চাকৰিৰ বাবে দিয়া সাক্ষাৎকাৰত সফলতা লাভ কৰিব। আত্মবিশ্বাস বৃদ্ধি পাব। বিশ্বাস কৰাৰ আগতে চিন্তা কৰিব। লেনদেনত সাৱধানতা অৱলম্বন কৰিব।ব্যৱসায়ত নতুন সুযোগ লাভ কৰিব পাৰে। চাকৰি কৰা সকলে সমস্যা পাব পাৰে। স্বাস্থ্যত গুৰুত্ব দিয়ক।
মীন ৰাশিঃ আজি দিনটো সুখেৰে পাৰ হ’ব। ৰাজনীতিৰ সৈতে জড়িতসকলে ভাল খবৰ লাভ কৰিব পাৰে। খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। বিবাদৰ পৰা আঁতৰি থাকক। ব্যৱসায়ত ভালে যাব। চাকৰি কৰা সকলৰ বেছি কষ্ট হোৱাৰ সম্ভাৱনা। আপোনজনক লগ পোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে।