শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Amarnath yatra 2025: ৩ জুলাইৰ পৰা আৰম্ভ হ’ব অমৰনাথ যাত্ৰা, পূৰ্বতকৈ যাত্ৰাৰ দিন হ্ৰাস প্ৰশাসনৰ…

Amarnath yatra 2025: সমূহ ভক্তপ্ৰাণ ৰাইজলৈ ভাল খবৰ। পুনৰ আৰম্ভ হ'ব অমৰনাথ যাত্ৰা। ইতিমধ্যে অমৰনাথ যাত্ৰাৰ দিন নিৰ্ধাৰণ কৰা হৈছে। এইবাৰ মাত্ৰ ৩৮ দিনৰ বাবে হ'ব এই যাত্ৰা।

Amarnath yatra 2025: ৩ জুলাইৰ পৰা আৰম্ভ হ’ব অমৰনাথ যাত্ৰা, পূৰ্বতকৈ যাত্ৰাৰ দিন হ্ৰাস প্ৰশাসনৰ…
অমৰনাথ যাত্ৰা Image Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 05 Mar 2025 17:44 PM

ধৰ্মপ্ৰাণ ৰাইজৰ বাবে এক ভাল খবৰ। পুনৰ আৰম্ভ হ’ব অমৰনাথ যাত্ৰা (Amarnath yatra 2025)। ইতিমধ্য অমৰনাথ যাত্ৰাৰ বাবে সময়সূচী জাৰি কৰে বিভাগীয় কৰ্তৃপক্ষই। জাননী অনুসৰি ৩ জুলাইৰ পৰা ৮ আগষ্টলৈকে ভক্তসকলে অমৰনাথ যাত্ৰা কৰিব পাৰিব। এই পবিত্ৰ তীৰ্থযাত্ৰাৰ বাবে নিৰ্ধাৰিত মুঠ সময়সীমা ৩৮ দিন। শ্ৰী অমৰনাথ শ্ৰাইন ব’ৰ্ডৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। কৰ্তৃপক্ষই লগতে কয় যে, শীঘ্ৰেই এই যাত্ৰাৰ বাবে আৰম্ভ হব পঞ্জীয়ন। গতিকে অমৰনাথ যাত্ৰা কৰিব বিচৰাসকল নিজৰ পৰিকল্পনা প্ৰস্তুত কৰিব পাৰে।

অমৰনাথ শ্ৰাইন ব’ৰ্ডৰ অধ্যক্ষ তথা জম্মু-কাশ্মীৰৰ ৰাজ্যপাল মনোজ সিনহাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত জম্মু-কাশ্মীৰৰ ডিজিপি নলিন প্ৰভাত, মুখ্য সচিব অটল ধুল্লুকে ধৰি বহু জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰে। এই বৈঠকত অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি আৰু ইয়াৰ সময়সূচীৰ বিষয়ে আলোচনা কৰা হয় আৰু পৰৱৰ্তী সময়ত দিন নিৰ্ধাৰণ কৰা হয়। গতিকে ভক্তসকলে ৩ জুলাইৰ পৰা ৯ আগষ্টলৈকে বাবা বৰফনীৰ দৰ্শন কৰিব পাৰিব।

যাত্ৰা

প্ৰতি বছৰে অমৰনাথ যাত্ৰা ৪৫ৰ পৰা ৬০ দিন চলে। কিন্তু এইবাৰ এই যাত্ৰাৰ সময়সীমা কমাই দিয়া হৈছে। ২০২৪ চনত ২৯ জুনৰ পৰা ১৯ আগষ্টলৈ ভক্তসকলে অমৰনাথ যাত্ৰা কৰিছিল। কিন্তু এইবাৰ মাত্ৰ ৩৮ দিনৰ বাবেহে অমৰনাথ যাত্ৰা হ’ব। এই যাত্ৰা ৰাখী বন্ধনৰ দিনা সম্পূৰ্ণ হ’ব।অমৰনাথ যাত্ৰা সন্দৰ্ভত ট্ৰাষ্ট আৰু চৰকাৰৰ দ্বাৰা ভক্তসকলৰ বাবে বিশেষ ব্যৱস্থা কৰা হ’ব। ইয়াৰোপৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে ভক্তৰ থকা-থোৱাৰ ব্যৱস্থা কৰা হ’ব।

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহে ভক্ত

আহাৰৰ পূৰ্ণিমাৰ পৰা আৰম্ভ হ’বলগীয়া অমৰনাথ যাত্ৰা শাওনৰ পূৰ্ণিমালৈ চলিব। প্ৰতিবছৰে দেশৰ বিভিন্ন প্ৰান্তৰ কোটি কোটি ভক্তই অমৰনাথ যাত্ৰা কৰা। অমৰনাথ যাত্ৰাক লৈ ভক্তসকলৰ মাজত যথেষ্ঠ উৎসাহ দেখা যায়। যোৱা বছৰ ১৭ এপ্ৰিলৰ পৰা অমৰনাথ যাত্ৰাৰ বাবে পঞ্জীয়ন আৰম্ভ হৈছিল। এই পঞ্জীয়ন অনলাইন আৰু অফলাইন দুই পদ্ধতিৰে কৰিব পাৰি। প্ৰতিবছৰৰ দৰে এইবাৰো একেদৰেই চলি আছে প্ৰস্তুতি। উল্লেখ কৰা প্ৰয়োজন যে, অমৰনাথ যাত্ৰাৰ বাবে পঞ্জীয়ন কৰিবলৈ আধাৰ কাৰ্ড, পাছপ’ৰ্ট, ভোটাৰ আইডি বা ড্ৰাইভিং লাইচেন্সৰ লগতে পাছপ’ৰ্টৰ আকাৰৰ ফটো লাগিব।

উল্লেখ্য যে, হিন্দু ধৰ্মৰ অন্যতম পবিত্ৰ তীৰ্থযাত্ৰা অমৰনাথ যাত্ৰা। যাৰ বাবে কঠিন পথক নেওচি ভক্তসকলে অমৰনাথত উপস্থিত হয়। অমৰনাথ ধাম ভগৱান শিৱৰ অন্যতম প্ৰধান তীৰ্থস্থান। অমৰনাথত মহাদেৱৰ বিৰল আৰু স্বাভাৱিক শিৱলিংগ দেখা যায়। অমৰনাথৰ লগত মানুহৰ বহু বিশ্বাস জড়িত হৈ আছে, যাৰ বাবে সকলো বাধা নেওচি এই যাত্ৰাৰ বাবে যায়।