ধন জমা কৰিব নোৱাৰে, হাতলৈ টকা আহিলে খৰচ বাঢ়ে ! এই সমস্যা দূৰ কৰিবলৈ ATM পিনত ৰাখক এই সংখ্যা…

জ্যোতিষীসকলে কয় যে, এটিএম পিন নম্বৰৰ ওপৰত আপোনাৰ ভাগ্যৰ বহু কথা নিৰ্ভৰ কৰে। নম্বৰ চেট কৰাৰ সময়ত কিছুমান ভুল কৰিলে জমা ধন নাইকীয়া হ'ব পাৰে বা খৰচ বাঢ়িব পাৰে । যদি আপুনি সঠিক ছিৰিয়েল নম্বৰ অনুসৰি ATM পিন চেট কৰে তেন্তে আপোনাৰ সংসাৰত বাস কৰিব পাৰে দেৱী লক্ষ্মীয়ে।

ধন জমা কৰিব নোৱাৰে, হাতলৈ টকা আহিলে খৰচ বাঢ়ে ! এই সমস্যা দূৰ কৰিবলৈ ATM পিনত ৰাখক এই সংখ্যা...

প্ৰতীকী ফটো

Updated On: 

23 Mar 2025 14:43 PM

ATM ৰ পিন নম্বৰৰ ওপৰত আপোনাৰ ভাগ্য নিৰ্ভৰ কৰে নেকি ? বৰ্তমান সময়ত অধিকাংশ লোকে ব্যৱহাৰ কৰে ATM । প্ৰতিটো ATM ৰ সুকীয়া পিন নম্বৰ থাকে । যিয়ে আপোনাৰ বেংকৰ জমা ধনক সুৰক্ষা দিয়ে । এই পিন নম্বৰটো ইচ্ছা অনুসৰি দিব পাৰে ।

কিন্তু জ্যোতিষীসকলে কয় যে, এটিএম পিন নম্বৰৰ ওপৰত আপোনাৰ ভাগ্যৰ বহু কথা নিৰ্ভৰ কৰে। নম্বৰ চেট কৰাৰ সময়ত কিছুমান ভুল কৰিলে জমা ধন নাইকীয়া হ’ব পাৰে বা খৰচ বাঢ়িব পাৰে । যদি আপুনি সঠিক ছিৰিয়েল নম্বৰ অনুসৰি ATM পিন চেট কৰে তেন্তে আপোনাৰ সংসাৰত বাস কৰিব পাৰে দেৱী লক্ষ্মীয়ে। ATM পিন কেনেকৈ চেট কৰিব? কোনবোৰ নম্বৰ ৰাখিলে আপোনাৰ আৰ্থিক দিশৰ বাবে ভাল ?

জ্যোতিষীৰ মতে কিছুমান নিৰ্দিষ্ট সংখ্যা আছে যিবোৰ সকলোৰে বাবে শুভ বুলি গণ্য কৰা হয়। সেই সংখ্যাবোৰ হ’ল ১, ৩, ৫ আৰু ৬। যদি এটিএম কাৰ্ডৰ পিনত এই চাৰিটা নম্বৰৰ যিকোনো এটা থাকে তেন্তে আপুনি ভাল আৰ্থিক ফলাফল লাভ কৰিব ।  আৰ্থিকভাৱে ত্বৰান্বিত হয়। বহুতে টকা উপাৰ্জন কৰে যদিও সঞ্চয় কৰাত ব্যৰ্থ হয়। গতিকে ATM পিনত ১, ৩, ৫ আৰু ৬ ৰ যিকোনো এটা নম্বৰ থাকিলে সেই সমস্যা সমাধান হ’ব বুলি দাবী কৰিছে জ্যোতিষীয়ে।

এটিএম কাৰ্ডৰ পিন নম্বৰত দুটা সংখ্যা ০ আৰু ৭ পৰাপক্ষত নাৰাখিব। লগতে ৭ নম্বৰটো নাৰাখিব। পিন নম্বৰৰ বাবে এই দুটা সংখ্যা বৰ ভাল নহয় বুলি কোৱা হৈছে। একেদৰে বহুতে সহজে মনত ৰখাৰ বাবে ATM পিনত একে নম্বৰ ৰাখে। যেনে – ১১১১ বা ৩৩৩৩। কিন্তু এই ধৰণৰ পিন একেবাৰে ৰাখিব নালাগে বুলি কয় জ্যোতিষীসকলে ।

ভাৰতৰ ১০০ টকাৰ মূল্য ইজৰাইলত কিমান হয়? শুনি হ'ব আচৰিত...
আইপিএলৰ ইতিহাসত সৰ্বাধিক শূন্যত আউট হোৱা খেলুৱৈজন কোন জানেনে ?
ভাৰতৰ ১০০ টকাৰ মূল্য চীনত কিমান হয়? শুনি হ'ব আচৰিত...
মঙলবাৰে বজৰংগবলীক অৰ্পন কৰক এইসমূহ বস্তু, দূৰ হ'ব ধনৰ অভাৱ