অহা বৰ্ষত কোনকেইটা মাহত পৰিছে বিবাহৰ বাবে শুভ ক্ষণ, জানিবলৈ চাওক এই লেখা
হিন্দু ধৰ্মত যিকোনো শুভ কাম কৰাৰ পূৰ্বে শুভ সময় চোৱাৰ পৰম্পৰা যুগ যুগ ধৰি চলি আহিছে। বিবাহৰ বাবেও শুভ ক্ষণৰ গণনা কৰা হয়। শুভ সময় নিৰ্ণয় কৰিবলৈ জ্যোতিষৰ ব্যৱহাৰ কৰা হয়। এনে গণনা অনুসৰি অহা ২০২৫ বৰ্ষটোত বিবাহৰ শুভ সময় কেতিয়া কেতিয়া আছে, চাওঁ আহক।
হিন্দু ধৰ্মত পূজাকে ধৰি যিকোনো শুভ কাম কৰাৰ পূৰ্বে শুভ সময় চোৱাৰ পৰম্পৰা যুগ যুগ ধৰি চলি আহিছে। মাংগলিক ক্ষণ অৰ্থাৎ শুভ ক্ষণৰ গণনা নকৰাকৈ হিন্দু ধৰ্মত যিকোনো পূজা তথা আন শুভ কাৰ্য কৰাৰ পৰা বিৰত থকা হয়। হিন্দু ধৰ্মগ্ৰন্থত ১৬টা ৰীতি-নীতিৰ বিষয়ে উল্লেখ কৰা হৈছে। এই ১৬টা ৰীতি-নীতিৰ ভিতৰত বিবাহ অন্যতম। জীৱন আৰু সৃষ্টিৰ বাবে বিবাহক অতি গুৰুত্বপূৰ্ণ হিচাপে গণ্য কৰা হয়। বিবাহ এক পবিত্ৰ বন্ধন আৰু হিন্দু ধৰ্মত শুভ সময়ত বিবাহ কাৰ্য সম্পন্ন কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়।
বিবাহৰ বাবেও শুভ ক্ষণৰ গণনা কৰা হয়। শুভ সময় নিৰ্ণয় কৰিবলৈ জ্যোতিষৰ ব্যৱহাৰ কৰা হয়। দৰা-কইনা উভয়ৰে ৰাশিফলৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰি তেওঁলোকৰ গ্ৰহ, ৰাশি আৰু নক্ষত্ৰমণ্ডলৰ অৱস্থান সন্দৰ্ভত গণনা কৰা হয়। এনে গণনা অনুসৰি অহা ২০২৫ বৰ্ষটোত বিবাহৰ শুভ সময় কেতিয়া কেতিয়া আছে, চাওঁ আহক-
জানুৱাৰী মাহত বিবাহৰ বাবে শুভ সময়ঃ ১৬, ১৭, ১৮, ১৯, ২০, ২১, ২৩, ২৪, ২৬ আৰু ২৭ তাৰিখ।
ফেব্ৰুৱাৰী মাহত বিবাহৰ বাবে শুভ সময়ঃ ২, ৩, ৬, ৭, ১২, ১৩, ১৪, ১৫, ১৬, ১৮, ১৯, ২১, ২৩ আৰু ২৫ তাৰিখ।
মাৰ্চ মাহত বিবাহৰ বাবে শুভ সময়ঃ ১, ২, ৬, ৭ আৰু ১২ তাৰিখ।
এপ্ৰিল মাহত বিবাহৰ বাবে শুভ সময়ঃ ১৪, ১৬, ১৮, ১৯, ২০, ২১, ২৫, ২৯ আৰু ৩০ তাৰিখ।
মে’ মাহত বিবাহৰ বাবে শুভ সময়ঃ ১, ৫, ৬, ৮, ১০, ১৪, ১৫, ১৬, ১৭, ১৮, ২২, ২৩, ২৪, ২৭ আৰু ২৮ তাৰিখ।
জুন মাহত বিবাহৰ বাবে শুভ সময়ঃ ২, ৪, ৫, ৭ আৰু ৮ তাৰিখ।
নৱেম্বৰ মাহত বিবাহৰ শুভ সময়ঃ ২, ৩, ৬, ৮, ১২, ১৩, ১৬, ১৭, ১৮, ২১, ২২, ২৩, ২৫ আৰু ৩০ তাৰিখ।
ডিচেম্বৰ মাহত বিবাহৰ বাবে শুভ সময়ঃ ৪, ৫ আৰু ৬ তাৰিখ।
জুন মাহত ভগৱান বিষ্ণু যোগ নিদ্ৰাত যায় বুলি কোৱা হয় আৰু এই কাৰণত জুলাই, আগষ্ট, ছেপ্টেম্বৰ আৰু অক্টোবৰ- এই চাৰি মাহত বিবাহৰ কোনো শুভ সময় নাথাকে। হিন্দু ধৰ্মত বহুতো বিশ্বাস আৰু পৰম্পৰা পোৱা যায়। বিবাহ এই পৰম্পৰাৰ ভিতৰত অন্যতম। হিন্দু ধৰ্মগ্ৰন্থত বিবাহক বিয়াৰ পিছতহে এজন ব্যক্তিয়ে গ্ৰহস্থশ্ৰমত প্ৰৱেশ কৰে বুলি কোৱা হৈছে।