5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Marriage Dates in 2025: বিবাহৰ পৰিকল্পনা কৰিছে নেকি? জানক ২০২৫ৰ শুভ দিনকেইটা…

বিবাহ হৈছে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ টাৰ্ণিং পইণ্ট। যি হিন্দু ধৰ্মৰ ১৬টা ৰীতি-নীতিৰ অংশ। বিবাহৰ বাবে শুভ সময়ৰ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ কিয়নো ইয়ে আমাৰ জীৱনকো প্ৰভাৱিত কৰে।এনে পৰিস্থিতিত ২০২৫ বৰ্ষৰ আৰম্ভণিতে জানো আহক ২০২৫ চনত শুভ বিবাহৰ দিন কেতিয়া আছে...

Marriage Dates in 2025: বিবাহৰ পৰিকল্পনা কৰিছে নেকি? জানক ২০২৫ৰ শুভ দিনকেইটা…
২০২৫ত বিবাহৰ বাবে শুভ দিন
trishna-kalita
Trishna Kalita | Published: 01 Jan 2025 17:03 PM

Marriage Date 2025 hindu panchang: হিন্দু ধৰ্মত, শুভ সময় অবিহনে কোনো কাম কৰা নহয়। যিকোনো শুভ বা মাংগলিক কাম কৰাৰ আগতে শুভ সময় জনাটো অতি গুৰুত্বপূৰ্ণ। ধৰ্মীয় শাস্ত্ৰত উল্লেখ কৰা ১৬টা ৰীতি-নীতিৰ এক গুৰুত্বপূৰ্ণ অংশ হৈছে বিবাহ। এনে পৰিস্থিতিত, বিবাহৰ বাবে  শুভ মুহুৰ্তৰ যত্ন লোৱাটো অতি প্ৰয়োজন। কিয়নো ইয়াৰ প্ৰভাৱ জীৱনৰ লগতে বিভিন্ন কামটো পৰে। যেতিয়া ২০২৫ বৰ্ষৰ আৰম্ভণিৰ দিনটোত জানো আহক এই বছৰত বিবাহপাশত আৱদ্ধ হোৱাৰ আটাইতকৈ ভাল তাৰিখ কোনটো আৰু ২০২৫ চনত শুভ বিবাহৰ মুহুৰ্ত কেতিয়া।

২০২৫ চনত বিবাহৰ বাবে কিমানটা শুভ  তাৰিখ আছে? (Auspicious marriage dates in 2025)

২০২৫ত বিবাহৰ বাবে মুঠ ৭৪টা শুভ দিন আছে। যিবোৰ দিনত আপোনাৰ বা আত্মীয় বিবাহৰ দিন ঠিক কৰিব পাৰে। তলত প্ৰতিটো মাহৰ বাবে বিবাহৰ শুভ তাৰিখ সন্দৰ্ভত সবিশেষ বৰ্ণনা কৰা হৈছে-

জানুৱাৰী ২০২৫ত বিয়াৰ শুভ তাৰিখ

নতুন বছৰৰ প্ৰথম মাহত ১৬,১৭,১৮,১৯,২০,২১,২৩,২৪,২৬  আৰু ২৭ তাৰিখকেইটা বিবাহৰ বাবে শুভ।

ফেব্ৰুৱাৰী ২০২৫ত বিয়াৰ শুভ তাৰিখ

ফেব্ৰুৱাৰীত ২,৩,৬,৭,১২,১৩,১৪,১৫,১৬,১৮,১৯,২১, ২৩ আৰু ২৫ তাৰিখবোৰ বিবাহৰ বাবে শুভ হ’ব।

মাৰ্চ ২০২৫ত বিয়াৰ শুভ তাৰিখ

মাৰ্চ মাহত, বিবাহৰ পৱিত্ৰ সময় হ’ব ১,২,৬,৭ আৰু ১২।

এপ্ৰিল ২০২৫ত বিয়াৰ শুভ তাৰিখ

এপ্ৰিলৰ ১৪,১৬,১৮,১৯,২০,২১,২৫,২৯  আৰু ৩০ তাৰিখত বিবাহ অনুষ্ঠিত কৰিূব পাৰিব। অৰ্থাৎ এপ্ৰিলত মুঠ ৯ দিন বিবাহৰ বাবে শুভ।

মে’ ২০২৫ত বিয়াৰ শুভ তাৰিখ

মে’ মাহত ১,৫,৬,৮,১৪,১৫,১৬,১৭ ১৮, ২২,২৩,২৪ আৰু ২৮ তাৰিখ বিবাহৰ বাবে শুভ হ’ব।

জুন ২০২৫ত বিয়াৰ শুভ তাৰিখ

জুন মাহত ২,৪,৫,৭  আৰু ৮ তাৰিখত বিবাহ পৰ্ব শুভ দিন আছে । জুন মাহটোত এই তাৰিখবোৰত বিবাহৰ বাবে শুভ ।

নৱেম্বৰ ২০২৫ত বিয়াৰ শুভ তাৰিখ

নৱেম্বৰ মাহত, আপুনি ২,৩,৬,৮,১২,১৩,১৬,১৭,১৮,২১,২২,২৩,২৫  আৰু ৩০ নৱেম্বৰত বিবাহ পাশত আৱদ্ধ হ’ব পাৰে।

ডিচেম্বৰ ২০২৫ত বিয়াৰ শুভ তাৰিখ

২০২৫ৰ ডিচেম্বত বিবাহৰ বাবে  হৈছে  মাত্ৰ তিনিটা দিন- ৪,৫ আৰু ৬ শুভ হ’ব।

কোনকেইটা মাহ বিবাহৰ বাবে শুভ নহয়?

২০২৫ চনত, জুলাই, আগষ্ট, ছেপ্টেম্বৰ আৰু অক্টোবৰত বিবাহৰ কোনো শুভ সময় নাই। কিয়নো জুনত ভগৱান বিষ্ণু ৪ মাহৰ বাবে যোগ নিদ্ৰালৈ যাব। ইয়াৰ পিছত, নৱেম্বৰ আৰু ডিচেম্বৰত বিবাহৰ বাবে শুভ সময় আছে।

Latest News