শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Barpeta Holi 2025 : ৰঙে-ৰসে অনন্য বৰপেটাৰ দৌল, জানক হোলীৰ নিয়ম আৰু পৰম্পৰা

সমাগত হোলী, ৰঙে-ৰসে একাকাৰ হৈ পৰিব সত্ৰনগৰী বৰপেটা। পৰম্পৰাগত হোলীগীত আৰু ঘোষা কীৰ্তনেৰে মুখৰিত হৈ পৰিব চৌদিশ। জানো আহক বৰপেটাৰ হোলীৰ কিছু নিয়ম আৰু পৰম্পৰাৰ বিষয়ে...

Barpeta Holi 2025 : ৰঙে-ৰসে অনন্য বৰপেটাৰ দৌল, জানক হোলীৰ নিয়ম আৰু পৰম্পৰা
ৰঙে-ৰসে অনন্য বৰপেটাৰ দৌলImage Credit source: Social Media
barasha-misra
Barasha Misra | Published: 02 Mar 2025 20:57 PM

ফাগুন মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মৰ লোকসকলে উদযাপন কৰা ৰঙৰ উৎসৱ। ফাকুৱাক হোলী, দৌলোৎসৱ, ফল্গুউৎসৱ, ফাগুৱা, ফাঁকু, মদনোৎসৱ আদি বিভিন্ন নামেৰে জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা চ’ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। এই উৎসৱ প্ৰাচীন মদন পূজাৰ এক আনুষংগিক উৎসৱ। হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুৰ উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়।

হোলীক অসমত ফাকুৱা, ফল্গুৎসৱ বা দৌল উৎসৱ বোলা হয়। বৰপেটাত দৌলোত্‍সৱ তিনিৰ পৰা পাঁচদিনলৈকে পালন কৰা হয়। ইয়াৰ প্ৰথম দিনটোক ‘গোন্ধযাত্ৰা’ দ্বিতীয় আৰু তৃতীয় দিনটোক ‘ভৰ দেউল’ আৰু তাৰ পাছৰ দিনা ‘সুঁৱেৰী’ বোলা হয়। ৰাজ্যৰ অন্য প্ৰান্ততকৈ বৰপেটাৰ দৌলৰ সুকীয়া মাদকতা আছে।

এইবাৰ অহা ১৩, ১৪, ১৫ আৰু ১৬ মাৰ্চত বৰপেটা সত্ৰত উদযাপন কৰা হ’ব কৃষ্ণৰ দৌল মহোৎসৱ ।‌ এই মহোৎসৱৰ প্ৰচাৰৰ বাবে ইতিমধ্যে বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে পোষ্টাৰ আৰু বেনাৰ আনুষ্ঠানিকভাৱে মুকলি কৰিছে ৷ বৰপেটাৰ হোলীত সকলোৱে লগ হৈ হোলী গীত গায়।

বৰপেটাৰ তিনি দিনীয়া দৌলোত্‍সৱৰ বিৱৰণ

গোন্ধযাত্ৰাঃ গোন্ধযাত্ৰাৰ দিনা বৰপেটাৰ ২২খন হাটীৰ উপৰি ইয়াৰ উপকণ্ঠ অঞ্চলত ভক্তসকলে পথাৰৰ পৰা নল, খাগৰি, ইকৰা আদি আনি সত্ৰৰ টুপৰ চোতালত এটা মেজি সাজে। আবেলি এক নিৰ্দিষ্ট ক্ষণত দৌলগোবিন্দ মহাপ্ৰভুক ভাজঘৰৰ পৰা গায়ন-বায়ন, ঢুলিয়া সমন্বিতে পূব দুৱাৰেদি উলিয়াই অনা হয়। ইয়াৰ পিছত সন্ধিয়ালৈ গোসাঁইক (শ্ৰীকৃষ্ণ) গায়ন-বায়ন আৰু বৰঢুলীয়াৰে সৈতে ভক্তবৃন্দই টুপৰ চোতালত সজা মেজিৰ কাষলৈ নিয়ে। প্ৰজ্জ্বলিত মেজিৰ চাৰিওফালে গোসাঁইক সাতপাক ঘূৰোৱা হয়। এই সময়ত ঢোল, খোল, দবা, শংখ, ঘণ্টা আদিৰ শব্দৰ লগতে হোলীগীতো গায়। লগতে চাৰিওফালে স্থানীয় আতচবাজী প্ৰদৰ্শন কৰা হয়।

ভৰ দেউলঃ গন্ধৰ পিছৰ দিনাখন ভৰদৌল। সেই দিনা পুৱা যোগমোহন গৃহত আইসকল আৰু বাপুসকলে প্ৰসংগৰ পিছত বংশৰা বা হাটী গোটৰ গায়ন-বায়নসকলে গুৰুঘাট বজাই শ্যাম ৰাগৰ দুটা ‘পুৱাৰ গীত’ আৰু ললিতা ৰাগৰ ‘যশোমতী পেখিতে নয়ন জুৰাই’ গীতটো গায়।

সুঁৱেৰীঃ ভৰদৌলৰ পিছদিনা ফাকুৱা বা হোলী। স্থানীয়ভাৱে ফাকুৱাক ইয়াত ‘সুঁৱেৰী’ বা ‘সৌৰী’ বোলা হয়। সেইদিনা ফাকু গুৰি ছটিয়াই সকলোৱে আনন্দ কৰে। ভৰদৌলৰ নিশা দৌলগোবিন্দ মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোসাঁইক দৌলৰ পৰা নমাই কীৰ্ত্তন ঘৰৰ ভিতৰত ৰখা হয়। সুঁৱৰীৰ দিনা আৱেলি পুনৰাই গোসাঁইক মঠৰ চোতাললৈ আনি পূজা কৰা হয়। ইয়াৰ পিছত গোসাঁইক বৰপেটা সত্ৰৰ দক্ষিণ দিশে থকা কলবাৰী সত্ৰলৈ নিয়ে। তাতে গোসাঁইৰ দোলা পৱিত্ৰ ভূমিত ৰখা হয়। ভক্তগণে গোসাঁইৰ সন্মুখত এবিধ বনৰীয়া মাহ আগবঢ়াই। ইয়াৰ পিছত পুনৰ বৰপেটা সত্ৰলৈ অনা হয়। ইয়াৰ পিছতে সত্ৰৰ মূল প্ৰৱেশ পথত টুপৰ চোতালত ‘বাঁহ ভঙা’ কাৰ্য অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছত পুনৰ গোসাঁই মণিকূটত প্ৰৱেশ কৰে আৰু দেউল উৎসৱৰ সামৰণি পৰে।

হোলী গীতৰ পৰম্পৰা

হোলীগীত হৈছে বৰপেটাৰ দৌল উৎসৱৰ সময়ত গোৱা গীতসমূহ৷ দৌল অহাৰ প্ৰায় বহু আগৰে পৰাই বৰপেটাৰ হাটীসমূহত হোলীগীতৰ আখৰা চলে৷ দৌলৰ সময়ত সকলোৱে খুটিতাল, পাতিতাল, ঢোল আদি লৈ হোলী গীত গায় আৰু ফাকু খেলে৷

হোলীগীতৰ প্ৰথম সৃষ্টিকৰ্ত্তা শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ বুলি জনা যায় ৷ তথ্য অনুসৰি শংকৰদেৱে আলি পুখুৰীত প্ৰথম দৌল উৎসৱ পাতোতে সাতটা দৌলৰ গীত লিখি গায়ন-বায়নৰ থুল এটা কৰি ৰাগ-তাল-মান দি গাবলৈ শিকাইছিল৷ তাৰোপৰি শ্ৰীধৰ কন্দলীয়ে ৰচনা কৰা ‘ঘুনুচা কীৰ্ত্তন’ ৰ কিছু ঘোষাও হোলীগীতৰ সুৰেৰে ভক্তসকলে গায়৷

পৰৱৰ্ত্তী সময়ত খোল-তালৰ উপৰিও ঢোলক, মঞ্জিৰা, খুটিতাল আৰু বাঁহীৰ সহযোগত হোলীগীত পৰিৱেশিত হ’বলৈ লয়৷ লগতে সত্ৰত প্ৰচলিত পৰম্পৰাগত হোলীগীতসমূহৰ উপৰিও বহুকেইজন গীতিকাৰ, শিল্পী আৰু সাহিত্যিকে হোলীগীত ৰচনা কৰিছে।

আলু ভাজি আৰু ৰাঙা ডিমা

বৰপেটাৰ হোলীত আটাইতকৈ জনপ্ৰিয় খাদ্য হৈছে ৰঙাকৈ ভজা কণী আৰু আলু ভাজি। দেউল বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ। বৰপেটাৰ আৱেগ আলু ভাজা, ৰাঙা ডিমা। এইবিধ খাদ্য অবিহনে দৌল উৎসৱ আধৰুৱা বুলিয়ে ক’ব পাৰি। সত্ৰৰ বাহিৰত স্থানীয় মানুহৰ দোকানবোৰত পোৱা আটাইতকৈ জনপ্ৰিয় খোৱাবস্তুটোৱে হ’ল ‘আলু ভজা’ আৰু ৰাঙা ডিমা(ৰঙাকৈ ভজা কণী)।