শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Blood Moon 2025: ফাকুৱাৰ দিনা আকাশত দেখা যাব ‘ব্লাড মুন’, ক’ত, কেনেকৈ দৃশ্যমান হ’ব এই বিৰল পৰিঘটনা?

Blood Moon On Holi 2025: এইবাৰ ২০২৫ চনৰ ১৪ মাৰ্চত হোলী উৎসৱ উদযাপন কৰা হ’ব। সেই দিনটোতে হ'ব ২০২৫ চনৰ প্ৰথমটো সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ। বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণক ‘ব্লাড মুন’ বুলি অভিহিত কৰা হৈছে। ইয়াক কিয় ব্লাড মুন বুলি কোৱা হৈছে আৰু ক’ত দেখা যাব জানো আহক।

Blood Moon 2025: ফাকুৱাৰ দিনা আকাশত দেখা যাব ‘ব্লাড মুন’,  ক’ত, কেনেকৈ দৃশ্যমান হ’ব এই বিৰল পৰিঘটনা?
ফাকুৱাৰ দিনা আকাশত দেখা যাব ‘ব্লাড মুন’
trishna-kalita
Trishna Kalita | Published: 11 Mar 2025 10:51 AM

এইবাৰ ২০২৫ চনৰ ১৪ মাৰ্চত আকাশত ব্লাড মুনৰ দৃশ্য দেখা যাব। ব্লাড মুন কেইবা বছৰৰ মূৰত এবাৰ সংঘটিত হোৱা এক বিৰল পৰিঘটনা। ব্লাড মুন মানে ৰঙা ৰঙৰ চন্দ্ৰ। এই ব্লাড মুন সদায় সম্পূৰ্ণ চন্দ্ৰগ্ৰহণৰ সময়ত দেখা যায়। হয়তো প্ৰায়সকল লোকে জানে যে, পৃথিৱী চন্দ্ৰ আৰু সূৰ্যৰ মাজত আহিলে সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ হয়। যাব বাবে সূৰ্যৰ পোহৰৰ আগত চন্দ্ৰৰ কিছু অংশ বা সম্পূৰ্ণৰূপে লুকাই থাকে। এইবাৰ হোলীত ৬৫ মিনিটৰ বাবে ব্লাড মুনৰ দৃশ্য দেখা যাব।

২০২৫ চনৰ ব্লাড মুন কেতিয়া দেখা যাব?

হোলীৰ দিনটোতে সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ হ’ব। এই সময়ছোৱাত আকাশত ৰক্ত চন্দ্ৰৰ দৃশ্য দেখা যাব। ১৪ মাৰ্চৰ পুৱা ০৯:২৯ বজাৰ পৰা আৰম্ভ হোৱা চন্দ্ৰগ্ৰহণৰ অন্ত পৰিব বিয়লি ৩:২৯ বজাত। ইফালে ১৪ মাৰ্চত পুৱা ১১:২৯ বজাৰ পৰা ১:০১ বজালৈ ‘ব্লাড মুন’ দৃশ্যমান হ’ব। এই সময়ত ৬৫ মিনিটৰ বাবে চন্দ্ৰটোক ৰঙা ৰঙৰ দেখা যাব।

ভাৰতত ব্লাড মুন ২০২৫ দৃশ্যমান হ’বনে?

চন্দ্ৰগ্ৰহণৰ সময়ত ভাৰতত দিন হৈ থাকিব, সেয়েহে ভাৰতৰ পৰা ‘ব্লাড মুন’ দৃশ্যমান নহ’ব। অৱশ্যে বহু ইউটিউব চেনেলে এই ঘটনাটো লাইভ সম্প্ৰচাৰ কৰিব, য’ৰ পৰা এই সুন্দৰ দৃশ্য দেখিবলৈ পোৱা যাব।

ব্লাড মুন কি?

চন্দ্ৰগ্ৰহণৰ সময়ত চন্দ্ৰটো ৰঙা ৰঙৰ হৈ পৰা অৱস্থাক ব্লাড মুন বোলে। সাধাৰণতে পৃথিৱীৰ ছায়াই সূৰ্যৰ পোহৰ অহাত বাধা প্ৰদান কৰিলে এনে পৰিঘটনা সংঘটিত হয়। কিন্তু বায়ুমণ্ডলত উপস্থিত থকা ধূলি, গেছ আৰু অন্যান্য কণিকাৰ বাবে ৰঙা ৰশ্মি চন্দ্ৰৰ ওপৰত পৰে। ইয়াৰ বাবেই চন্দ্ৰৰ ৰং গাঢ় ৰঙা দেখা যায়। এই ৰঙা ৰঙৰ বাবেই ইয়াক ব্লাড মুন বোলা হয়।

ক’ত ব্লাড মুন ২০২৫ দেখা যাব?

মাৰ্চ মাহত হ’বলগীয়া এই ৰক্ত চন্দ্ৰটো অষ্ট্ৰেলিয়া, ইউৰোপ, আফ্ৰিকাৰ বেছিভাগ অঞ্চল, উত্তৰ আৰু দক্ষিণ আমেৰিকা, প্ৰশান্ত মহাসাগৰীয়, আটলাণ্টিক আৰ্কটিক মহাসাগৰ, পূব এছিয়াৰ চহৰত দেখা যাব। অৱশ্যে ভাৰতৰ পৰা এই দৃশ্য চাব নোৱাৰিব।