Bullet Baba Temple: ভগৱান নহয়, মন্দিৰত বুলেটৰ পূজা! বুলেট বাবা মন্দিৰৰ আঁৰৰ কাহিনীয়ে আচৰিত কৰিব আপোনাক

ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তত অলেখ মঠ-মন্দিৰ আছে। ভগৱান বা আৰাধ্য দেৱ-দেৱীৰ পূজা তথা আৰাধনাৰ বাবে এই মন্দিৰসমূহত ভক্তৰ যথেষ্ট ভিৰ দেখা যায়। পিছে মন্দিৰত ভগৱানৰ পৰিৱৰ্তে বাইকৰ পূজা কৰা বুলি ক’লে আপুনি বিশ্বাস কৰিবনে? আচৰিত হ’লেও এয়া সঁচা। চাওক এই মন্দিৰৰ আঁৰৰ কাহিনী।

Bullet Baba Temple: ভগৱান নহয়, মন্দিৰত বুলেটৰ পূজা! বুলেট বাবা মন্দিৰৰ আঁৰৰ কাহিনীয়ে আচৰিত কৰিব আপোনাক

ৰাজস্থানৰ বুলেট বাবা মন্দিৰ

Published: 

22 Nov 2024 21:21 PM

ভাৰতবৰ্ষ পৌৰাণিক মঠ-মন্দিৰৰ বাবে পৃথিৱী বিখ্যাত। এই মঠ মন্দিৰসমূহত হিন্দু ধৰ্মৰ বিভিন্ন উপাস্য দেৱ-দেৱীসকলক পূজা কৰা হয়। এনে বহু মঠ-মন্দিৰৰ সৈতে বহু সময়ত কিছুমান কাহিনী বা লোক বিশ্বাসো জড়িত হৈ থাকে। এনে কাহিনীসমূহ মানুহৰ মুখে মুখে প্ৰচলিত হৈ ৰয়। ভগৱান বা আৰাধ্য দেৱ-দেৱীৰ পূজা তথা আৰাধনাৰ বাবে এই মন্দিৰসমূহত ভক্তৰ যথেষ্ট ভিৰ দেখা যায়। পিছে মন্দিৰত ভগৱানৰ পৰিৱৰ্তে বাইকৰ পূজা কৰা বুলি ক’লে আপুনি বিশ্বাস কৰিবনে? স্বাভাৱিকতেই এনে কথাই আপোনাক আচৰিত কৰিব।

পিছে আপুনি আচৰিত হ’লেও এয়া সঁচা। ভাৰততে আছে এনে এক মন্দিৰ। এই মন্দিৰত ভগৱানৰ পৰিৱৰ্তে পূজা কৰা হয় বুলেট বাইকক। ৰাজস্থানৰ পালি জিলাত অৱস্থিত এই মন্দিৰটো। ভক্ত তথা উৎসুক মানুহৰ আকৰ্ষণৰ স্থলী এই মন্দিৰটো ‘ঔম বন্না মন্দিৰ’ বা ‘বুলেট বাবা মন্দিৰ’ নামেৰে বিখ্যাত। এই মন্দিৰটো আন মন্দিৰতকৈ সম্পূৰ্ণ পৃথক আৰু অনন্য- কাৰণ ইয়াত কোনো দেৱতাক পূজা কৰা নহয়, বৰঞ্চ ৰয়েল এনফিল্ড বুলেট বাইকৰহে পূজা কৰা হয়।

এই মন্দিৰ প্ৰতিষ্ঠাৰ আঁৰৰ কাহিনী এক বিশেষ ঘটনাৰ সৈতে জড়িত। মন্দিৰৰ আঁৰৰ এই কাহিনীয়ে দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো চৰ্চা লাভ কৰিছে। এই কাহিনীৰ পটভূমি হৈছে ১৯৮৮ চনৰ এক বিশেষ ঘটনা। প্ৰচলিত কাহিনী মতে, ওম সিং ৰাথোড় নামৰ এগৰাকী স্থানীয় ব্যক্তিয়ে সেই সময়ত নিজৰ ৰয়েল এনফিল্ড বুলেট বাইকেৰে যাত্ৰা কৰি আছিল। পালিৰ পৰা কিছু দূৰৈত তেওঁ এক দুৰ্ঘটনাৰ সন্মুখীন হ’ল আৰু থিতাতে তেওঁৰ মৃত্যু হয়।

লোক বিশ্বাস মতে, দুৰ্ঘটনাটোৰ পিছত আৰক্ষীয়ে তেওঁৰ বুলেট বাইকখন থানালৈ লৈ যায় আৰু বাইকখনত তলা লগাই দিয়ে। কিন্তু আশ্চৰ্যজনকভাৱে বাইকখন নিজে নিজে থানাৰ পৰা দুৰ্ঘটনাস্থলীত উপস্থিত হয়। ইয়াৰ পিছত কেইবাবাৰো বাইকখন থানালৈ লৈ যোৱা হয় যদিও প্ৰতিবাৰেই এই অলৌকিক কাণ্ডৰ পুনৰাবৃত্তি হ’বলৈ ধৰে। ইয়াৰ পিছত স্থানীয় ৰাইজে বাইকখনক ঐশ্বৰিক গুণসম্পন্ন হিচাপে গণ্য কৰি সেই স্থানতে এটা মন্দিৰ নিৰ্মাণ কৰে।

এই মন্দিৰত ওম বন্না আৰু তেওঁৰ বুলেট বাইকখনৰ পূজা কৰিবলৈ আৰম্ভ কৰে স্থানীয় লোকসকলে। এই মন্দিৰলৈ অহা লোকসকলে ৰয়েল এনফিল্ড বুলেটখনক পূজা কৰে আৰু শ্ৰদ্ধা-ভক্তিৰ চিন স্বৰূপে মালা, নাৰিকল আৰু সুৰা আগবঢ়ায়। বিশেষকৈ যাত্ৰী আৰু বাইক আৰোহীসকলে এই মন্দিৰত ৰৈ পূজা কৰে আৰু তেওঁলোকৰ যাত্ৰাৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰে। ইয়ালৈ অহা ভক্তসকলে ওম বন্নাই তেওঁলোকৰ যাত্ৰা নিৰাপদ আৰু বিপদমুক্ত কৰি তুলিব বুলি বিশ্বাস কৰে।

মানুহৰ বিশ্বাস, এই মন্দিৰত উপস্থিত হৈ বুলেট বাবাক প্ৰাৰ্থনা কৰা লোকসকলৰ ইচ্ছা পূৰণ হয়। এই বিশ্বাস অনুসৰিয়েই প্ৰতি বছৰে হাজাৰ হাজাৰ লোকে এই মন্দিৰ দৰ্শন কৰে। ৰাজস্থানৰ পালি জিলাৰ পালি চহৰৰ পৰা প্ৰায় ৫৩ কিলোমিটাৰ নিলগত, যোধপুৰ আৰু আহমেদাবাদ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ-৬২ত চোটিলা নামৰ এখন গাঁৱত এই মন্দিৰটো অৱস্থিত।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস