5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Chanakya Niti: ভাল জীৱন সংগী পাবলৈ চাণক্যৰ এই কথাবোৰ মানি চলক, সুখী হ’ব দাম্পত্য জীৱন!

যদি আপুনি জীৱনত এজন ভাল জীৱন সংগী পাবলৈ বিচাৰে তেন্তে চাণক্যৰ এই কথাবোৰ আপোনাৰ বাবে উপযোগী। চাণক্যৰ এই কথাবোৰে আপোনাৰ দাম্পত্য জীৱনত সুখ আনিব পাৰে লগতে সকলো সমস্যা আঁতৰি যাব পাৰে।

Chanakya Niti:  ভাল জীৱন সংগী পাবলৈ চাণক্যৰ এই কথাবোৰ মানি চলক, সুখী হ’ব দাম্পত্য জীৱন!
ভাল জীৱন সংগী পাবলৈ চাণক্যৰ এই কথাবোৰ মানি চলক
barasha-misra
Barasha Misra | Updated On: 19 Nov 2024 11:02 AM

Chanakya Niti For Good Life: যদি আপুনি আপোনাৰ বৈবাহিক জীৱনত বহু সমস্যাৰ সন্মুখীন হৈছে বা নতুন জীৱন সংগী বাছনি কৰিবলৈ ওলাইছে, তেন্তে আচাৰ্য চাণক্যৰ এইবোৰ কথা জানি লওক। আপোনাক ভাল জীৱন সংগী বাছনি কৰাত সহায় কৰিব পাৰে এই কথাবোৰে। চাণক্য নীতিয়ে জীৱনৰ প্ৰতিটো দিশতে পথ প্ৰদৰ্শন কৰে। বৈবাহিক জীৱনৰ এটা গুৰুত্বপূৰ্ণ অধ্যায় আৰু জীৱন সংগী বাছনিৰ বাবে চাণক্যই বহু গুৰুত্বপূৰ্ণ কথা কৈছে। পত্নীৰ চৰিত্ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ। আপোনাৰ লগত সুখী জীৱন যাপন কৰিব পাৰে এজন সৎ ব্যক্তিয়েহে।

আচাৰ্য চাণক্যই কৈছে যে জীৱন সংগী সদায় সৎ হ’ব লাগে। মিছা কথা কোৱা মানুহক কেতিয়াও বিশ্বাস কৰিব নোৱাৰি। এজন দয়ালু ব্যক্তিয়েহে আনৰ অনুভৱ বুজিব পাৰে আৰু আপোনাৰ প্ৰতি সহানুভূতিশীল হ’ব পাৰে। জীৱনত আগবাঢ়ি যাব পাৰে। সহনশীল ব্যক্তিয়েহে এই উত্থান-পতনৰ সন্মুখীন হ’ব পাৰে।

যদি কোনো ব্যক্তিয়ে আচাৰ্য চাণক্যৰ নীতি আৰু তেওঁৰ জীৱনত দিয়া শিক্ষা গ্ৰহণ কৰে, তেন্তে তেওঁ নিশ্চিতভাৱে সফলতা লাভ কৰিব। বন্ধুত্ব, চাকৰি বা বিবাহ জীৱনৰ লগত জড়িত সমস্যা থাকিলে চাণক্যৰ কিছু কথা মানি চলিব লাগে। ইয়াৰ লগে লগে সকলো সমস্যা আৰু দুখ-কষ্ট নাইকিয়া হৈ যায়। যদি আপুনি নিজৰ বাবে এজন ভাল জীৱন সংগী বিচাৰিছে, আপোনাৰ সকলো সুখ-দুখত আপোনাৰ লগত থাকিব পৰা পত্নী বিচাৰিছে, তেন্তে নিশ্চয় আচাৰ্য চাণক্যই উল্লেখ কৰা ধৰণে তেওঁৰ মাজত এই গুণসমূহ বিচাৰিব।

উন্নতিৰ শিখৰলৈ যাব

আচাৰ্য চাণক্যৰ মতে শান্ত আৰু ধৈৰ্য্যশীল নাৰীক লক্ষ্মীৰ ৰূপ বুলি গণ্য কৰা হয়। তেওঁৰ মতে এনে মহিলাই ঘৰখনলৈ শান্তি আনে। লগতে যিজনৰ লগত সম্পৰ্ক স্থাপন কৰে তেওঁ জীৱনত বহুত উন্নতি হয়। এগৰাকী শিক্ষিত আৰু সংস্কৃতিবান নাৰীয়ে কেৱল ঘৰখনেই নহয়, ভৱিষ্যত প্ৰজন্মৰো উন্নতি সাধন কৰে। এনে নাৰীৰ আত্মবিশ্বাসৰ অভাৱ নাই। প্ৰতিটো পৰিস্থিতি সহজে চম্ভালিব পাৰে আৰু কোনো সিদ্ধান্ত ল’বলৈও কুণ্ঠাবোধ নকৰে।

ঘৰত থকা কাঁচ হঠাতে ভাঙি যোৱা

ঘৰৰ দাপোন এখন হঠাৎ বা আন কোনো কাৰণত ভাঙিলে ইয়াকো অশুভ চিন বুলি গণ্য কৰা হয়। ইয়াৰ দ্বাৰা আৰ্থিক সমস্যাৰ ইংগিত পোৱা যায়। আপুনি দাপোনখন আঁতৰাই পেলাব, নহ’লে ভাঙি যোৱাৰ লগে লগে সলনি কৰক।

খৰখেদাকৈ সিদ্ধান্ত ল’ব নালাগে

জীৱন সংগী বাছনি কৰাৰ সময়ত খৰখেদাকৈ সিদ্ধান্ত ল’ব নালাগে। আপোনাৰ জীৱন সংগী বাছনি কৰাৰ সময়ত নিশ্চিতভাৱে আপোনাৰ পিতৃ-মাতৃ আৰু বন্ধু-বান্ধৱীৰ পৰা পৰামৰ্শ লওক। কিন্তু শেষত আপোনাৰ হৃদয়ৰ কথা শুনা আৰু যিজন ব্যক্তিৰ লগত সুখী হৈ গোটেই জীৱন কটাব পাৰে তেওঁক বাছি লওক। কাৰণ প্ৰায়ে খৰখেদাকৈ লোৱা সিদ্ধান্তই মানুহক ডাঙৰ বিপদত পেলায়। সেয়ে জীৱন সংগী বাছনি কৰাৰ সময়ত সিদ্ধান্তটো চিন্তা কৰি লওক, যাতে জীৱনত অসুবিধাৰ সন্মুখীন হ’ব নালাগে।

Latest News