5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ষট পূজাৰ বাবে প্ৰস্তুত কৰি তোলা হৈছে ব্ৰহ্মপুত্ৰৰ ঘাটসমূহ! জানক এই পূজাৰ বিশেষত্ব

Chhath puja: আজি ষটৰ তৃতীয়টো দিন। নহায়, খায় আৰু খৰনাৰ পাছত আজি সন্ধিয়া অস্তগামী সূৰ্যক অৰ্ঘ আগবঢ়াব ভক্তই।ষট পূজাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে প্ৰস্তুতি।

ষট পূজাৰ বাবে প্ৰস্তুত কৰি তোলা হৈছে ব্ৰহ্মপুত্ৰৰ ঘাটসমূহ! জানক এই পূজাৰ বিশেষত্ব
ষট পূজা
barasha-sarma
Barasha Sarma | Published: 07 Nov 2024 07:55 AM

আজি ষটৰ তৃতীয়টো দিন। নহায়, খায় আৰু খৰনাৰ পাছত আজি সন্ধিয়া অস্তগামী সূৰ্যক অৰ্ঘ আগবঢ়াব ভক্তই। এই দিনটোত প্ৰথমে ভগৱাৱ সূৰ্য আৰু ষঠী মায়াত বিধি অনুসৰি পূজা কৰা হয়। পাছত সন্ধিয়া অস্ত যোৱা সূৰ্যক অৰ্ঘ দিয়াৰ পৰম্পৰা আছে। কোৱা হয়, সূৰ্য দেৱক পূজা কৰিলে সন্তান প্ৰাপ্তি, সন্তানৰ ৰক্ষা, সুখ- সমৃদ্ধিৰ বৰদান লাভ কৰে।ষট পূজাক লৈ আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে ব্যাপত প্ৰস্তুতি। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ কেইবাটাও ঘটা ষট পূজাৰ বাবে প্ৰস্তুত কৰি তোলা হৈছে। ষট পূজা উপলক্ষ্যে আজি ৰাজ্যত বন্ধও ঘোষণা কৰা হৈছে।

ষটৰ তৃতীয় দিনৰ পূজাক সন্ধা অৰ্ঘ বুলিও কোৱা হয়। আজিৰ দিনটোৰ সূৰ্যাস্তৰ কিছুসময় পূৰ্বে ভক্তসকলে পৰিয়ালৰ সৈতে নদীৰ পাৰত যায়। ষট ঘাটলৈ যোৱাৰ সময়ত মহিলাসকলে গানো গায়। ইয়াৰ পাছত ব্ৰতত থকা মহিলাসকলে সূৰ্য দেৱতাৰ পিনে মুখ কৰে অস্ত যোৱা সূৰ্যত অৰ্ঘ আগবঢ়ায়। এই সময়ত মহিলাসকলে সূৰ্য দেৱতাক পানী,গাখীৰ অৰ্পন কৰে। ষটৰ পূজাত বহু প্ৰসাদো ব্যৱহাৰ কৰে মহিলাসকলে।

পৌৰাণিক কথা অনুসৰি সন্ধিয়া সূৰ্য পত্নী প্ৰত্যুষাৰ লগত থাকে।সেয়ে ষট পূজাৰ সন্ধিয়া সূৰ্যৰ অন্তিম কিৰণ প্ৰত্যুষাক অৰ্ঘ দিয়া হয়। জ্যোতিষীসকলৰ মতে সূৰ্যক অৰ্ঘ আগবঢ়ালে বহু বিপদৰ পৰা মুক্ত হব পাৰি।

এই পূজা  চাৰিদিনীয়া আৰু ৩৬ ঘন্টা নিৰ্জলা ব্ৰত পালন কৰে মহিলাসকলে। আজি ষট পূজাৰ তৃতীয় দিন। পূৰ্ণ বিশ্বাস আৰু ভক্তিৰে ৰাইজে ষট পূজাত অংশগ্ৰহণ কৰে। ষট উৎসৱত অস্ত আৰু উদয় সূৰ্য্য দুয়োটাকে পূজা কৰা হয়, যাৰ বাবে এই উৎসৱটো অতি বিশেষ। এই উৎসৱত ষঠী মাইয়া পূজাৰ পৰম্পৰা আছে।

ধৰ্মীয় গ্ৰন্থৰ পৌৰাণিক কাহিনী অনুসৰি মহাভাৰত কালত মাতৃ কুন্তীৰ পুত্ৰ দনবীৰ কৰ্ণই সূৰ্য দেৱতাক পানী আগবঢ়াইছিল। মাতৃ কুন্তীৰ উপৰিও কৰ্ণক সূৰ্য দেৱতাৰ পুত্ৰ বুলিও গণ্য কৰা হয়। দানবীৰ কৰ্ণৰ ওপৰত সূৰ্যৰ বিশেষ আশীৰ্বাদ আছিল। কোৱা হয় যে কৰ্ণই প্ৰতিদিনে পুৱা সাৰ পাই ঘণ্টাৰ পিছত ঘণ্টা পানীত থিয় হৈ সূৰ্য দেৱতাক অৰ্ঘ আগবঢ়াইছিল। সূৰ্যৰ কৃপাত কৰ্ণ মহাযোদ্ধা হৈ পৰিল।

 

Latest News