5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Christmas 2024: বৰদিনৰ দিনা আপোনজনলৈ প্ৰেৰণ কৰক এই শুভ বাৰ্তা…

Happy Christmas 2024: মাজত মাত্ৰ অলপ সময়। কাইলৈ সমগ্ৰ বিশ্বই পালন কৰিব বৰদিন। ইতিমধ্যে ইয়াৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি সম্পন্ন হৈছে। খ্ৰীষ্টান ধৰ্মৰ লোকসকলৰ ঘৰৰ আগত দেখিবলৈ পোৱা গৈছে খ্ৰীষ্টমাছ ট্ৰী, ৰঙীণ লাইট বা উপহাৰৰ টোপোলা।

Christmas 2024: বৰদিনৰ দিনা আপোনজনলৈ প্ৰেৰণ কৰক এই শুভ বাৰ্তা…
শুভ বৰদিনImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 24 Dec 2024 18:00 PM

মাজত মাত্ৰ অলপ সময় বাকী। কাইলৈ সমগ্ৰ বিশ্বই পালন কৰিব বৰদিন। খ্ৰীষ্টান ধৰ্মীয় লোকসকলৰ মুখ্য ধৰ্মীয় উৎসৱ খ্ৰীষ্টমাছ বা বৰদিন প্ৰতি বছৰৰ ২৫ ডিচেম্বৰৰ দিনা পালন কৰা হয়। অৱশ্যে কেৱল খ্ৰীষ্টান সকলেই নহয়, আজিৰ সময়ত বিভিন্ন ধৰ্মৰ লোকে এই দিনটো উলাহ-মালহেৰে পালন কৰে। এই দিনটোত মানুহে গীৰ্জা ঘৰলৈ যায় প্ৰাৰ্থনা কৰে, নিজৰ ঘৰ সুন্দৰকৈ সজাই তোলে, কেক কাটে লগতে আত্মীয়ৰ ঘৰলৈ গৈ তেওঁলোকক উপহাৰ দিয়াৰ লগতে বৰদিনৰ শুভকামনা জনায়।

২৫ ডিচেম্বৰত কিয় পালন কৰা হয়

বৰদিন কেতিয়াৰ পৰা আৰু কত প্ৰথমে পালন কৰা হৈছিল ইয়াক লৈ বিভিন্ন কাহিনী প্ৰচলিত হৈ আছে। একাংশৰ মতে যীশুৰ জন্মৰ পাছতেই বৰদিন পালন কৰা হৈছিল। আনহাতে কিছুমান বিশ্বাস কৰে যে যীশুৰ জন্মৰ পূৰ্বৰ পৰাই বৰদিন পালন কৰি অহা হৈছে। একাংশৰ মতে বৰদিন ৰোমান উৎসৱ Sanctunalia ৰ নতুন ৰূপ। মান্যতা অনুসৰি চেংকচুৱেলিয়া ৰোমান দেৱতা। কিন্তু যীশুৰ জন্মৰ পাছতে মানুহে তেওঁক ইশ্বৰ বুলি মানিবলৈ ল’লে আৰু তেতিয়াৰ পৰা যীশুৰ জন্মৰ দিনা বৰদিন পালন কৰা হয়।

কোৱা হয়, ৯৮ চনৰ পৰা বৰদিন পালন কৰি অহা হৈছে। কিন্তু ১৩৮ চনত ইয়াক আনুষ্ঠানিকভাৱে পালন কৰা হৈছিল। এই উৎসৱ পালনৰ কোনো নিৰ্দিষ্ট তাৰিখ নাছিল যদিও তথ্য অনুসৰি সম্ৰাট কনষ্টেণ্টাইনৰ অধীনত ৩৩৬ চনৰ ২৫ ডিচেম্বৰৰ পৰা বৰদিন উদযাপন

জন্মদিনৰ শুভেচ্ছা

  • তোমালৈ বৰদিনৰ বহুত শুভেচ্ছা। আশা কৰো তোমাৰ জীৱন হাঁহি, আনন্দ, সুখেৰে ভৰি পৰক। আহিবলগীয়া দিনটো সুখৰ হওক। মেৰী খ্ৰীষ্টমাছ।
  • আশা কৰো বৰদিনৰ দৰে এই পবিত্ৰ উৎসৱে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ জীৱনলৈ কঢ়িয়াই আন সুখ- শান্তি আৰু সমৃদ্ধি। বিচৰা ধৰণে সুখী হোৱা। তোমালৈ বৰদিনৰ শুভেচ্চা।
  • আজি যীশুৰ দিন! আশাকৰো তোমাৰ জীৱন যীশুয়ে সুখেৰে ভৰাই তোলক। যীশুৰ আশীৰ্বাদ সদায় যেন আপোনাৰ লগত আছে। বৰদিনৰ বহু শুভেচ্ছা।
  • আশা কৰো এই বৰদিনে আপোনাৰ আহিবলগীয়া দিন কেইটা সুখৰ কৰি তোলক। নতুন বছৰৰ এই প্ৰাকক্ষণত যীশুৱে আপোনাৰ জীৱন মধুময় কৰি তোলক। বৰদিনৰ বহুত শুভেচ্ছা।
  • বৰদিনৰ ৰঙীণ লাইটৰ দৰে ৰঙীণ হৈ পৰক আপোনাৰ জীৱন, চান্টাই দিয়াক সুখ, সমৃদ্ধিৰ উপহাৰ। আপোনালৈ বৰদিনৰ বহুত বহুত শুভেচ্ছা।
  • যীশুৰ আশীৰ্বাদ যাৰ ওচৰত থাকে সি সকলো ক্ষেত্ৰতেই সফলতা লাভ কৰে! আশা কৰো যীশুই সদায় তোমাৰ আশীৰ্বাদ কৰক। শুভ বৰদিন।
  • শুভ বৰদিন! বৰদিন মানেই যেন আনন্দৰ দিন। চাৰিওফালে ৰঙীণ লাইট,উপহাৰৰ টোপোলা, খ্ৰীষ্টমাছ ট্ৰী। এই সকলোবোৰ ধুনীয়া বস্তুৰ দৰে তোমাৰ জীৱনো ধুনীয়া হৈ পৰক। মেৰী খ্ৰীষ্টমাছ।
  • শুভ বৰদিন! জীৱনত কেতিয়াও ভয় নকৰিব, যীশু তোমাৰ লগত সদায় আছে। জীৱনৰ সকলো প্ৰত্যাহ্বান নেওচি আগুৱাই যোৱা। তোমাৰ আৰু তোমাৰ পৰিয়াললৈ বৰদিনৰ বহুত শুভেচ্ছা।
  • খ্ৰীষ্টমাছৰ এই সময়ে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক অন্তহীন সুখ আৰু আনন্দ। বিচৰা ধৰণে সুখী হোৱা। তোমালৈ বৰদিনৰ বহুত শুভেচ্ছা।
  • খ্ৰীষ্টমাছৰ পোহৰে তোমাৰ জীৱনলৈ কঢ়িয়াই আনক আনন্দ, ছান্দাৰ উপহাৰে দিয়ক সকলো সুখ, মনে বিচৰা বস্তু। আশা কৰো আহিবলগীয়া সময়খিনি তোমাৰ শুভ হওক। মেৰী খ্ৰীষ্টমাছ

হোৱাটছএপ মেছেজ

  • মেৰী খ্ৰীষ্টমাছ। আজিৰ এই শুভ দিনে তোমাৰ জীৱনলৈ কঢ়িয়াই আনক সুখ সমৃদ্ধি।
  • বৰদিনৰ শুভেচ্ছা। সমগ্ৰ বছৰটো যেন যীশুৰ আশীৰ্বাদ তোমাৰ ওপৰত থাকে।
  • খ্ৰীষ্টমাছৰ লাইটে ৰঙীণ কৰি তোলক তোমাৰ জীৱন। শুভ বৰদিন।
  • খ্ৰীষ্টমাছৰ দৰে সুন্দৰ হৈ উঠক তোমাৰ জীৱন, ছান্টাই কঢ়িয়াই আনক সুখ- সমৃদ্ধিৰ উপহাৰ। সকলোলৈ বৰদিনৰ শুভেচ্ছা।
  • তোমাৰ আৰু তোমাৰ পৰিয়াললৈ বৰদিনৰ শুভেচ্ছা। আশা কৰো যীশুৰ আটাইতকৈ বিশেৰ উপহাৰ তুমি লাভ কৰাতো! বৰদিনৰ শুভেচ্ছা।
  • শুভ বৰদিন! আশা কৰো যীশুই এটাৰ পাছত আনটো ভাল খবৰ তোমাৰ জীৱনক দিয়ক।
  • যীশু মানেই যেন শান্তি! আশা কৰো জীৱনৰ সকলো প্ৰত্যাহ্বানৰ সৈতে মুখামুখি হবলৈ যীশুৱে তোমাক শক্তি দিয়ক।
  • আপোনাৰ আৰু আপোনাৰ পৰিয়াললৈ বৰদিনৰ অযুত শুভেচ্ছা।
  • বৰদিনৰ বহুত শুভেচ্ছা। সকলোৰে হৃদয়ত যীশু থাকে। আশা কৰো যীশুৱে তোমাৰ জীৱন সুন্দৰ কৰি তোলক। আকৌ এবাৰ মেৰী খ্ৰীষ্টমাছ…

Latest News