Today’s horoscope: শুকুৰবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…

Daily horoscope: জ্যোতিষ শাস্ত্ৰত ৰাশিফলৰ বিশেষ মহত্ব আছে। ৰাশিফল ১২ টা আৰু প্ৰতিটো ৰাশিৰ প্ৰতিটো দিনত বেলেগ বেলেগ যোগ থাকে।

Todays horoscope: শুকুৰবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল...

ৰাশিফল

Published: 

11 Apr 2025 06:00 AM

আজি ১১ এপ্ৰিল, শুকুৰবাৰ। আজিৰ দিনটোত কিছুমান ৰাশিৰ লোকে ভাল খবৰ লাভ কৰিব। ইয়াৰ বিপৰীতে কিছুমানে আজি বাহন চলাওতে সাৱধান হোৱা প্ৰয়োজন। আজিৰ দিনটোৰ ৰাশিফল-

 

মেঘ ৰাশিঃ আজিৰ দিনটো চাকৰি কৰা লোকসকলৰ বাবে ভাল। পদোন্নতি হোৱাৰ সম্ভাৱনা আছে। সন্মান বৃদ্ধি পাব। ৰৈ থকা কোনো কাম সম্পূৰ্ণ হৈ উঠিব। পুৰস্কাৰ লাভৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে দিনটে ভাল। সন্তানে যদি প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে তেন্তে ভাল ফল পাব। স্বাস্থ্য ভালে যাব।

বৃষ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। সম্পত্তি লাভৰ যোগ আছে। সন্তানৰ দিশৰ পৰা মন বেয়া হ’ব পাৰে। মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। কোনো কথাক লৈ চিন্তিক হ’ব পাৰে।কামত অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজন হ’ব। কাজিয়াৰ পৰা আঁতৰি থাকক। প্ৰেমত শুভ। স্বাস্থ্যত গুৰুত্ব দিব।

মিথুন ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে সাধাৰণ হ’ব। প্ৰভাৱশালী কোনো ব্যক্তিক লগ পাব পাৰে। কাৰ্যক্ষেত্ৰত বিৰোধিয়ে আপোনাক লৈ ষড়যন্ত্ৰ কৰিব পাৰে। জ্যেষ্ঠজন আপোনাৰ কামৰ পৰা সুখী হ’ব। বাহন ব্যৱহাৰত সাৱধান হ’ব। কাৰোবাৰ সৈতে কাজিয়া লগাৰ সম্ভাৱনা আছে। স্বাস্থ্যত গুৰুত্ব দিব।

কৰ্কট ৰাশিঃ আজিৰ দিনটোত আপোনাৰ সা-সুবিধা বৃদ্ধি পাব। চাৰিওফালৰ পৰিৱেশটো সুখকৰ হ’ব। মনৰ কোনো ইচ্ছা পূৰ হ’ব। ঘৰত পূজা বা ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। ব্যৱসায়ত সাৱধান হ’ব। লোকচানৰ সম্ভাৱনা। মনত প্ৰেম ভাৱ বৃদ্ধি পাব। কোনো পুৰণি বন্ধুক মনত পেলাব পাৰে। ধনৰ লেনদেনত সাৱধান হ’ব।

সিংহ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব। মনত নতুন চিন্তা-ধাৰা জাগ্ৰত হ’ব। পাৰিবাৰিক কোনো সমস্যা হ’ব পাৰে। পৰিয়ালৰ কোনো লোকৰ স্বাস্থ্য বেয়া হ’ব পাৰে। বাহন চলাওতে সাৱধান হ’ব। প্ৰেমত শুভ। সতীৰ্থৰ কোনো কথাই মনত দুখ দিব পাৰে। স্বাস্থ্য ভালে যাব। আৰ্থিক দিশ ভাল।

কন্যা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ’ব। চৰকাৰী আঁচনিৰ লাভ পাব। ব্যৱসায়ত সাৱধানে চলিব। লোকচানৰ সম্ভাৱনা আছে। সতীৰ্থই আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিব পাৰে। সম্পত্তি বৃদ্ধিৰ সম্ভাৱনা। পৈত্ৰিক সম্পত্তি লাভ কৰিব পাৰে। প্ৰেমত শুভ। স্বাস্থ্য ভাল।

তুলা ৰাশিঃ আজি আপোনাৰ আৰ্থিক দিশটো দুৰ্বল হ’ব। আয় আৰু ব্যয়ৰ ওপৰত গুৰুত্ব দিব। পুৰণি বন্ধুক লগ পোৱাৰ সম্ভাৱনা আছে। প্ৰেমত সমস্যা আহিব পাৰে। সংগীৰ কথা মন দি শুনিব। বিবাদৰ পৰা আঁতৰি থাকক। কৰ্মক্ষেত্ৰত ভাল। অৱশ্যে আনৰ সহায়ৰ প্ৰয়োজন হ’ব পাৰে। ব্যৱসায় ভাল-বেয়াৰ মাজেৰে চলিব।

বৃশ্চিক ৰাশিঃ আজিৰ দিনটোৱে আপোনাৰ বাবে ভাল খবৰ লৈ আহিব। কৰ্মক্ষেত্ৰত সাৱধান হ’ব। জ্যেষ্ঠজনে কোনো কথাক লৈ বেয়া পাব পাৰে। বিবাদৰ পৰা আঁতৰি থাকক। পাৰিবাৰিক সমস্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ঋণ লোৱা আছে যদি সেয়া পৰিশোধ কৰাৰ চেষ্টা কৰিব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো ভাল।

ধনু ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। কোনো ডাঙৰ প্ৰজেক্ট লাভ কৰিব পাৰে। কোনো নতুন কাম হাতলৈ আহিব। পৰিশ্ৰমৰ ওপৰত গুৰুত্ব দি আগবাঢ়ি যাওক। কোনো ভাল খবৰ লাভ কৰিব পাৰে। দীৰ্ঘদিনীয়া পৰিকল্পনাই গতি লাভ কৰিব। দূৰ সম্পৰ্কীয় কাৰোবাৰ পৰা ভাল খবৰ লাভ কৰিব। স্বাস্থ্য ভাল।

মকৰ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। নতুন সম্পৰ্কই লাভ আনিব। কিবা কথাক লৈ মন অশান্ত হ’ব পাৰে। সতীৰ্থই আপোনাৰ ব্যৱহাৰ কৰাৰ চেষ্টা কৰিব। সামাজিক দিশটো ভাল। সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব। নতুন কাম হাতলৈ আহিব পাৰে। পৰিয়ালৰ কোনোবাৰ বিয়া হ’ব পাৰে।

কুম্ভ ৰাশিঃ আজিৰ দিনটোৱে আপোনাৰ বাবে লাভ লৈ আহিব। বিপৰীত স্থিতিত ধৈৰ্য ধৰি থাকিব। খং কৰাৰ পৰা বিৰত থাকক। কোনো অনুষ্ঠানত অংশ গ্ৰহণ কৰিব পাৰে। ভ্ৰমণৰ সম্ভাৱনা আছে। ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। প্ৰেমত শুভ। চাকৰি আৰু ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল। স্বাস্থ্য ভালে যাব।

মীন ৰাশিঃ নিজৰ ওপৰত বিশ্বাস ৰাখি কামত আগবাঢ়িব। আনৰ ওপৰত বেছি বিশ্বাস কৰিলে লোকচান হ’ব পাৰে। চাকৰি ক্ষেত্ৰত কাৰোবাৰ সৈতে মতানৈক্য হ’ব পাৰে। পাৰিবাৰিক সমস্যা বৃদ্ধি পাব পাৰে। প্ৰেমত শুভ। ভ্ৰমণৰ যোগ আছে। সংগীৰ সৈতে ভাল সময় কটাব। ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল।

অসমৰ কোনবোৰ অঞ্চল সোণালী বান্দৰৰ বাসস্থান হিচাপে পৰিচিত? জানক
গ্ৰীষ্ম কালত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ৰাতিপুৱা সেৱন কৰক এই পাঁচ বিধ ডিটক্স পানীয়
ঘৰৰ এইসমূহ স্থানত কেতিয়াও নাৰাখিব ধন! হ'ব আৰ্থিক সংকট
গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!