শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Daily horoscope: মঙলবাৰৰ দিনা এই ৫ ৰাশিৰ লোকৰ ফুলিব ভাগ্য! চাওক আজিৰ ৰাশিফল…

Daily horoscope: জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। আজিৰ দিনটো ৫ টা ৰাশিৰ বাবে অত্যন্ত ভাল। এই ৰাশিৰ লোকৰ হাতলৈ ধন অহাৰ সম্ভাৱনা আছে।

Daily horoscope: মঙলবাৰৰ দিনা এই ৫ ৰাশিৰ লোকৰ ফুলিব ভাগ্য! চাওক আজিৰ ৰাশিফল…
ৰাশিফলImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 11 Mar 2025 06:00 AM

আজি ১১ মাৰ্চ মঙলবাৰ। আজিৰ দিনটো ৫ টা ৰাশিৰ বাবে অত্যন্ত ভাল। আপোনাৰ ৰাশি কি? আজিৰ দিনটো আপোনাৰ কেনে যাব? চাওক ৰাশিফল-

 

মেঘ ৰাশিঃ আজিৰ দিনটো আপুনি কোনো ভাল খবৰ লাভ কৰিব। নিজৰ কামকলৈ পৰিকল্পনা মতে আগবাঢ়িব। পাৰিবাৰিক সমস্যাৰ পৰা পৰিত্ৰাণ পাব। ব্যৱসায়ত ঋণ লোৱাৰ পৰা বিৰত থাকক। স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। জ্যেষ্ঠ জনৰ পৰামৰ্শ মানি চলিব। চাকৰি কৰাসকলৰ বাবে দিনটো ভাল। প্ৰেমত ভাল।

বৃষ ৰাশিঃ আজি আপোনাৰ হাতলৈ ধন অহাৰ সম্ভাৱনা আছে। আয়ৰ নতুন বাট মুকলি হোৱাৰ সম্ভাৱনা। আয় আৰু ব্যয়ৰ মাজত গুৰুত্ব ৰাখি চলিব। পাৰিবাৰিক খৰচে চিন্তিত কৰিব পাৰে। স্বাস্থ্য ভাল । ধাৰ্মিক কামত আপোনাৰ একাগ্ৰতা বাঢ়িব। সম্পত্তিৰ লগত জড়িত বিষয়ত গুৰুত্ব দিব। পিতৃ-মাতৃক সময় দিব।

মিথুন ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। ভাগ্যই লগ দিব। সামাজিক কামত জড়িত হোৱাৰ সম্ভাৱনা। কোনো ঘনিষ্ঠ বন্ধুক লগ পাব। ব্যৱসায়ৰ লগত জড়িত কামৰ বাবে ভ্ৰমণ কৰিব পাৰে। ব্যৱসায়ত ভাল। চাকৰিয়ালসকলৰ বাবেও দিনটো ভালে যাব। অৱশ্যে সৰু-সুৰা কিছু সমস্যা আহিব পাৰে। বৈবাহিক জীৱনত সমস্যা অহাৰ সম্ভাৱনা।

কৰ্কট ৰাশিঃ আজিৰ দিনটো আপোনাৰ সুখময় হোৱাৰ সম্ভাৱনা। ভাল খবৰ লাভ কৰিব। কোনোৱে আপোনাৰ মনৰ ইচ্ছা পূৰণ কৰিব পাৰে। আনৰ পৰা ধনৰ সহায় লাভ কৰিব। সন্তানক লৈ কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। ব্যৱসায়ত গুৰুত্ব দিয়া দৰকাৰ। নতুন কোনো লোকক লগ পাব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।

সিংহ ৰাশিঃ আজিৰ দিনটো আপোনাৰ সাধাৰণভাৱে পাৰ হোৱাৰ সম্ভাৱনা। কোনো কামত ব্যস্ত থাকিব। পৰিয়ালৰ কোনো সদস্যৰ সৈতে কাজিয়া লাগিব পাৰে। পাবলগীয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। ঘৰুৱা কাম সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিব। ব্যৱসায় ভাল বেয়াৰ মাজেৰে চলিব। খং পৰিহাৰ কৰক। স্বাস্থ্যত গুৰুত্ব দিয়ক।

কন্যা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। সা-সম্পত্তি বৃদ্ধিৰ সম্ভাৱনা। শিক্ষাৰ্থীসকলে কোনো প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব পাৰে। পিতৃ-মাতৃৰ কথা মানি চলিব। পাবলগীয়া ধন ঘূৰাই পাব। বন্ধুক লগ পোৱাৰ সম্ভাৱনা। ৰাজনীতিৰ লগত জড়িত থকাসকল সাৱধানে চলিব। স্বাস্থ্যত গুৰুত্ব দিয়ক।

তুলা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে অত্যন্ত ভাল। ভ্ৰমণৰ সম্ভাৱনা আছে। সংগীক লগ পোৱাৰ সম্ভাৱনা আছে। যি কোনো কামক লৈ সমস্যা আহি আছে তেন্তে সেয়া দূৰ হোৱাৰ সম্ভাৱনা। সম্পদ ক্ৰয়ৰ সম্ভাৱনা। স্বাস্থ্য ভালে যাব। পৰিয়ালৰ সৈতে ভাল সময় কটাব। প্ৰেমত শুভ।

বৃশ্চিক ৰাশিঃ আজি আপুনি কোনো ধৰ্মীয় কামত অংশ গ্ৰহণ কৰিব পাৰে। আনৰ ওপৰত বেছি বিশ্বাস নকৰিব। সম্পত্তিজনিত সমস্যাই আপোনাৰ চিন্তা বৃদ্ধি কৰিব পাৰে। ভাই-ভগ্নীৰ মাজত কাজিয়া লগাৰ সম্ভাৱনা। ঘৰত নতুন গাড়ী ক্ৰয়ৰ সম্ভাৱনা আছে। স্বাস্থ্য ভাল বেয়াৰ মাজেৰে যাব। প্ৰেমত শুভ।

ধনু ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। আজি আপোনাৰ ভ্ৰমণৰ যোগ আছে। কিন্তু নিজৰ দায়িত্বৰ কাম সময়মতে পূৰণ কৰা দৰকাৰ। সংগীৰ পৰা কোনো উপহাৰ লাভ কৰিব পাৰে। কোনো ঘনিষ্ঠ বন্ধুক লগ পোৱাৰ সম্ভাৱনা। সংগীৰ সৈতে কোনো কথাক লৈ ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যত গুৰুত্ব দিয়ক।

মকৰ ৰাশিঃ আজিৰ দিনটোত আপোনাৰ মান- সন্মান বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। চাকৰিৰ ক্ষেত্ৰত জ্যেষ্ঠজনৰ পৰা কোনো ডাঙৰ দায়িত্ব লাভ কৰিব পাৰে। চাকৰি কৰাসকলে ভাল খবৰ লাভ কৰিব। হাতলৈ ধন আহিব। সংগীৰ সৈতে ভালদৰে চলিব চেষ্টা কৰিব। কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰিব।

কুম্ভ ৰাশিঃ আজিৰ দিনটোত আপুনি কোনো দান কৰিব পাৰে। আপোনাৰ হাতত থকা ধন দৰিদ্ৰজনক দিবলৈ চেষ্টা কৰিব। সংগীৰ সৈতে ভালদৰে চলা দৰকাৰ। অন্যথা কাজিয়া হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ কাৰোবাৰ বিয়া ঠিক হোৱাৰ সম্ভাৱনা। দূৰ সম্পৰ্কীয় কোনো লোকৰ পৰা বেয়া খবৰ লাভ কৰিব পাৰে। শত্ৰু বৃদ্ধিৰ সম্ভাৱনা।

মীন ৰাশিঃ আজি আপোনাৰ কেৰিয়াৰত উন্নতি আহিব। ইয়াকে লৈ আপুনি সুখী থাকিব। পৰিয়ালৰ সৈতে ভাল সময় কটাব। সন্তানক লৈ কোনো কথাত চিন্তিত হোৱাৰ সম্ভাৱনা। আপোনাৰ কোনো দীঘলীয়া পৰিকল্পনাই গতি লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল। কোনো ভাল খবৰ লাভ কৰিব পাৰে । স্বাস্থ্যত গুৰুত্ব দিয়ক।