5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Daily horoscope: আজি ১২ নৱেম্বৰ, কেনে যাব আপোনাৰ দিন? চাওক ৰাশিফল…

Daily horoscope: জ্যোতিষ শাস্ত্ৰই প্ৰতিটো ৰাশিৰ প্ৰতিটো দিন কেনে যাব সেই বিষয়ে কয়। আজিৰ দিনটোত কোনো ৰাশিৰ যদি ভাল যোগ আছে আন কোনোৰ কিছু বেয়া যোগ আছে। ভাল বেয়াৰ মাজেৰে কেইবাটা ৰাশিৰ দিন পাৰ হোৱাৰ সম্ভাৱনা আছে।

Daily horoscope: আজি ১২ নৱেম্বৰ, কেনে যাব আপোনাৰ দিন?  চাওক ৰাশিফল…
আজিৰ দিনটোৰ ৰাশিফল
barasha-sarma
Barasha Sarma | Published: 12 Nov 2024 06:10 AM

আজি ১২ নৱেম্বৰ, মঙলবাৰ। জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি কিছুমান ৰাশিৰ জাতক-জাতিকাই অৰ্থনৈতিক দিশত নতুন গতি লাভ কৰিব যদিও আন কিছুমানে কিছু সমস্যাত পৰিব পাৰে। আজিৰ দিনটো আপোনাৰ কেনে যাব, জ্যোতিষ শাস্ত্ৰই কি কয়, আহক জানো। তলত আজিৰ ৰাশিফল উল্লেখ কৰা হ’ল-

 

মেঘ ৰাশিঃআজি কিছু আৰ্থিক সমস্যাই দেখা দিব পাৰে। আপোনজনৰ পৰা দূৰত থকাৰ সম্ভাৱনা আছে। টকা- পইচাৰ লেনদেন কৰিলে সাৱধান হোৱা দৰকাৰ। কেৰিয়াৰ আৰু ব্যৱসায়িক বিষয়ত অসাৱধানতা পৰিহাৰ কৰক। বয়োজ্যেষ্ঠসকলৰ শিক্ষা আৰু পৰামৰ্শ অনুসৰি কাম কৰিব। স্বাস্থ্যত গুৰুত্ব দিব।

বৃষ ৰাশিঃ অৰ্থনৈতিক আৰু বাণিজ্যিক দিশত উন্নতি হোৱাৰ সম্ভাৱনা আছে। উৰা বাতৰিত গুৰুত্ব নিদিব। নিজৰ দায়িত্ব ভালদৰে পালন কৰিব। চাকৰিত ব্যস্ততা বৃদ্ধি পাব পাৰে। অত্যাধিক খৰচৰ পৰা বাচি থাকিব।বন্ধু-বান্ধৱীৰ সৈতে সুখেৰে সময় কটাব। কোনো বিশিষ্ট লোকক লগ পোৱাৰ সম্ভাৱনা আছে। খাদ্যত গুৰুত্ব দিব। ভ্ৰমণৰ যোগ আছে।

মিথুন ৰাশিঃ জ্যেষ্ঠসকলৰ পৰামৰ্শ অনুসৰি কাম কৰিব। কেৰিয়াৰ, ব্যৱসায় আদিত গুৰুত্ব দিব। পুৰণি বন্ধুক লগ পাব পাৰে।পৰিয়ালৰ সদস্যৰ কথা ভালদৰে শুনিব। চাকৰিত পদোন্নতি হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্য ভালে থাকিব। দিনটোত কিবা ভাল খবৰ পাব পাৰে।

বৃশ্চিক ৰাশিঃ আপোনাৰ প্ৰতিভা আৰু প্ৰশিক্ষণেৰে সকলোকে আপ্লুত কৰিব। ভাল খবৰ লাভ কৰিব। পৰিচালনা সম্পৰ্কীয় বিষয়সমূহে গতি লাভ কৰিব। মনোবল আৰু উৎসাহেৰে আগবাঢ়ি যাব। আশা কৰা ধৰণে প্ৰদৰ্শন অব্যাহত থাকিব। ভ্ৰমণৰ সম্ভাৱনা আছে। অৰ্থনৈতিক আৰু বাণিজ্যিক দিশটো ভাল।উচ্চ শিক্ষাৰ ওপৰত গুৰুত্ব বৃদ্ধি পাব। ধৰ্মীয় কামত নিয়োজিত হোৱাৰ সম্ভাৱনা আছে।

সিংহ ৰাশিঃ হঠাৎ জীৱনত কোনো পৰিবৰ্তন আহিব পাৰে। আপোনজনৰ পৰা দূৰত যোৱাৰ সম্ভাৱনা। প্ৰতিটো কাম বুদ্ধিৰে সমাধান কৰিবলৈ যত্ন কৰিব। বয়োজ্যেষ্ঠসকলৰ আদেশ অমান্য কৰাৰ পৰা বিৰত থাকক। ধৰ্ম আৰু ন্যায়ৰ প্ৰতি বিশ্বাস বজাই ৰাখক। অলাগতিয়াল কথাৰ পৰা আঁতৰি থাকক। স্বাস্থ্য স্বাভাৱিক থাকিব।

কন্যা ৰাশিঃ আপোনজনৰ সহায়ে আপোনাক অধিক আত্মবিশ্বাসী কৰি তুলিব। অৰ্থনৈতিক আৰু বাণিজ্যিক বিষয়সমূহে গতি লাভ কৰিব।সমতা আৰু সম্প্ৰীতিৰে পৰিস্থিতিৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখিব। পৰিয়ালৰ সদস্যসকলে সহায় কৰিব। পাৰিবাৰিক বিষয়ত উন্নতি হ’ব। বিবাহিত জীৱন সুখ লাভ কৰিব। গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাত সফল হ’ব।স্বাস্থ্যৰ প্ৰতি সজাগতা বৃদ্ধি কৰিব।

তুলা ৰাশিঃ জ্যেষ্ঠজনে আপোনাৰ কামৰ প্ৰশংসা কৰিব। প্ৰৱঞ্চকৰ পৰা দূৰত থাকিব। অপ্ৰয়োজনীয় চিন্তা আৰু মানসিক চাপৰ পৰা আঁতৰি থাকিব। সুযোগ পালে সুবিধা গ্ৰহণ কৰিব । নিজৰ ওপৰত বিশ্বাস ৰাখি আগুৱাই যাওক। বিৰোধীৰ প্ৰতি সজাগতা বৃদ্ধি কৰিব। স্বাস্থ্যত গুৰুত্ব দিব।

বৃশ্চিক ৰাশিঃ বন্ধু আৰু ঘনিষ্ঠ লোকৰ ওপৰত আস্থা বজাই ৰাখিব। চাকৰি, ব্যৱসায়ত উন্নতি হোৱাৰ সম্ভাৱনা। দিনটো সুখ- দুখৰ মাজেৰে পাৰ হোৱাৰ সম্ভাৱনা। গুৰুত্বপূৰ্ণ বিষয়ত অসাৱধানতা প্ৰদৰ্শন নকৰিব। ব্যক্তিগত কাম-কাজৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিব। স্বাস্থ্যত গুৰুত্ব দিব।

ধনু ৰাশিঃ কৰ্মক্ষেত্ৰত ভাল। পৰিচালনা আৰু প্ৰশাসনৰ কাম-কাজৰ উন্নতিৰ সুযোগ বৃদ্ধি পাব।পৰিয়ালৰ সদস্যসকলে সহায় কৰিব। দায়িত্বশীল আৰু উৰ্ধতন বিষয়াসকলৰ প্ৰতি সন্মান বজাই ৰাখক। সকলোৰে সৈতে সমন্বয় বজাই ৰাখি আগবাঢ়ি যাওক। আপোনাৰ পৰিকল্পনা আনৰ আগত প্ৰকাশ নকৰিব। অৰ্থনৈতিক আৰু বাণিজ্যিক বিষয়ত গুৰুত্ব দিব। স্বাস্থ্যত গুৰুত্ব দিব।

মকৰ ৰাশিঃ সামাজিক দায়িত্ব ভালদৰে পালন কৰিব।ভ্ৰমণৰ সম্ভাৱনা আছে।পদবী, প্ৰতিপত্তি আৰু দায়িত্ব বাঢ়িব। অৰ্থনৈতিক দিশটো ভাল। বন্ধুৰ সংখ্যা বাঢ়িব। দিনটো ভালদৰে পাৰ হোৱাৰ সম্ভাৱনা। উপাৰ্জন ভাল হোৱাৰ সম্ভাৱনা। স্বাস্থ্যৰ উন্নতি হ’ব। আত্মীয়ৰ সৈতে মিলিজুলি থাকিব। বাণিজ্যিত দিশত নতুন সুবিধা লাভ কৰিব পাৰে।

কুম্ভ ৰাশিঃ আজি দিনটো ভালদৰে পাৰ হোৱাৰ সম্ভাৱনা। ঘনিষ্ঠ বন্ধুক লগ পাব পাৰে। আৰ্থিক দিশটো ভাল। বিভিন্ন কামত আত্মীয়ৰ পৰা সমৰ্থন লাভ কৰিব। বয়োজ্যেষ্ঠসকলৰ আদেশ অমান্য নকৰিব।কাম আৰু ব্যৱসায় ভাল।সন্মান বাঢ়িব। পৰিয়ালৰ সৈতে ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা। স্বাস্থ্য ভালে যাব।

মীন ৰাশিঃকেৰিয়াৰ আৰু ব্যৱসায়ত ভাল। বিভিন্ন কামত আপুনি আশা কৰাতকৈ অধিক সফলতা লাভ কৰিব। আপোনজনৰ সৈতে আনন্দৰে সময় কটাব। সুখ, সমৃদ্ধি আৰু কৃতিত্ব বৃদ্ধি পাব। প্ৰভাৱশালী লোকক লগ পাব। ঘনিষ্ঠৰ আস্থা লাভ কৰিব। বিবাহিত জীৱন সুখী হ’ব। অৰ্থনৈতিক দিশটো ভাল।স্বাস্থ্য ভালে যাব।

Latest News