Daily horoscope: বৃহস্পতিবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…

Daily horoscope: জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। আজিৰ দিনটো কিছুমানৰ বাবে ভাল আৰু কিছুমানৰ কিছু সমস্যা আহিব পাৰে।

Daily horoscope: বৃহস্পতিবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল...

ৰাশিফল

barasha-sarma
Published: 

13 Mar 2025 06:00 AM

আজি ১৩ মাৰ্চ, বৃহস্পতিবাৰ। আজিৰ দিনটো কিছুমান ৰাশিৰ লোকৰ বাবে অত্যন্ত ভাল, কিছুমানৰ চাকৰিৰ যোগ আছে। ইয়াৰ বিপৰীতে আজি কিছুমানে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে। আজিৰ দিনটো আপোনাৰ কেনে যাব। তলত আজিৰ ৰাশিফল উল্লেখ কৰা হ’ল-

মেঘ ৰাশিঃ কোনো বিশেষ কাৰ্যত সফলতাৰ বাবে সংঘৰ্ষ কৰিব লাগিব। পাবলগীয়া ধন ঘূৰাই পাব। পৰিয়ালৰ সৈতে সময় কটাব। কিবা সিদ্ধান্ত লোৱাৰ আগতে চিন্তা কৰিব। স্বাস্থ্যজনিত কোনো সমস্যাই দেখা দিব পাৰে। ব্যৱসায়ীক কামৰ বাবে যাত্ৰা কৰিব পাৰে। সংগীৰ সৈতে ভাল সময় কটাব। ভ্ৰমণৰ যোগ আছে।

বৃষ ৰাশিঃ কোনো নতুন কামত আপোনাৰ মন আহিব পাৰে। ধৰ্মীয় কোনো কামত ব্যস্ত হোৱাৰ সম্ভাৱনা। ঘৰলৈ আলহীৰ আগমন হোৱাৰ হ’ব পাৰে। খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। আৰ্থিক সমস্যা দূৰ হ’ব পাৰে। ব্যৱসায়ত মন দিব। লোকচান হোৱাৰ সম্ভাৱনা আছে। চাকৰিৰ ক্ষেত্ৰত কোনো সমস্যা আহিব পাৰে। দাম্পত্য জীৱন ভালে যাব।

মিথুন ৰাশিঃ আজিৰ দিনটো আপুনি ব্যস্ত থাকিব। পৰিয়ালৰ কোনো দায়িত্ব লাভ কৰিব। আৰ্থিক সমস্যা সমাধান হ’ব। ঘৰলৈ আলহীৰ আগমন হোৱাৰ সম্ভাৱনা। আইনী দিশটোত গুৰুত্ব দিয়ক। ব্যৱসায়ত গুৰুত্ব দিব। আনৰ ওপৰত বিশ্বাস নকৰিব। চাকৰিয়াল সকল সাৱধান হ’ব। প্ৰেমত শুভ। স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে।

কৰ্কট ৰাশিঃ আজি আপুনি কোনো কামত বিশেষ অনুভৱ কৰিব পাৰে। প্ৰত্যাহ্বান আহিলেও আৰ্থিক দিশটোৰ উন্নতি আহিব। নকৰাত্মক স্থিতিত ধৈৰ্য ধৰি আগবাঢ়িব। আৰ্থিক বিষয়ৰ বাবে আপোনজনৰ সৈতে কোনো মতানৈক্য হ’ব পাৰে। ব্যৱসায়ৰ দিশটোত সাল-সলনি কৰাৰ প্ৰয়োজন। চাকৰিত গুৰুত্ব দিব। প্ৰেমত শুভ। স্বাস্থ্য ভাল।

সিংহ ৰাশিঃ সন্তানৰ কোনো সমস্যা আহিব পাৰে যদিও সমাধান লাভ কৰিব। আত্মীয়ৰ সৈতে ভাল সময় কটাব। কোনোৱে আপোনাৰ পৰা টকা ধাৰলৈ ল’ব পাৰে। ব্যৱসায়ত কোনো লোকচান হোৱাৰ সম্ভাৱনা। আৰ্থিক দিশত সমস্যা হোৱাৰ সম্ভাৱনা। অফিচত জ্যেষ্ঠজনৰ কথা মানি চলিব। প্ৰেমত শুভ। স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে।

কন্যা ৰাশিঃ সমস্যাৰ সমাধান হ’ব। সম্পত্তিৰ যদি কিবা বিবাদ চলি আছে তেন্তে সমাধান হ’ব। দিনটো ব্যস্ত থাকিব। আধ্যাত্মিক কাৰ্যত জড়িত হ’ব। আৰ্থিক দিশত সমস্যা আহিব পাৰে। লেনদেনৰ সমস্যা হ’ব পাৰে। ব্যৱসায়ত সমস্যা আহিব পাৰে। চাকৰি কৰা সকলে কোনো সমস্যাৰ সন্মুখীন হ’ব পাৰে। প্ৰেমত শুভ। স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে।

তুলা ৰাশিঃ আপোনাৰ সমস্যাত কোনো বন্ধুয়ে সহায় কৰিব। কোনো কামত সফলতা লাভ কৰিব। সাহিত্যৰ লগত জড়িত হ’ব। টকা-পইচাৰ ক্ষেত্ৰত আনক বিশ্বাস নকৰিব। ধৰ্মীয় বা সামাজিক অনুষ্ঠানত অংশ গ্ৰহণ কৰিব পাৰে। ব্যৱসায়ত ভাল। চাকৰিয়াল সকলৰ বাবে দিনটো ভাল। প্ৰেমত শুভ। স্বাস্থ্যত গুৰুত্ব দিয়ক।

বৃশ্চিক ৰাশিঃ সফলতা পাবলৈ অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজন। সম্পূৰ্ণ মনেৰে কাম কৰক। ব্যক্তিগত বা পৰিয়ালৰ বিষয়ত আনক হস্তক্ষেপ কৰিবলৈ নিদিব। আত্মীয়ৰ সৈতে সম্পৰ্ক ভাল কৰাৰ চেষ্টা কৰিব। ব্যৱসায়ত ব্যস্ত থাকিব। সফলতা লাভ কৰিব। চাকৰিয়াল সকলে সফলতা লাভ কৰিব। প্ৰেমত সমস্যা আহিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিয়ক।

ধনু ৰাশিঃ আজি আপোনাৰ দিনটো সুখকৰ হ’ব। কামত ব্যস্ত থাকিব। কোনো কামত আনৰ ওপৰত বিশ্বাস নাৰাখিব। বিবাদৰ পৰা আঁতৰি থাকক। বন্ধুক সহায় কৰিব। ব্যৱসায়ত ব্যস্ত থাকিব। কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে চিন্তা কৰিব। ৰাজনীতিৰ লগত জড়িত সকলে কোনো দায়িত্ব লাভ কৰিব পাৰে। প্ৰেমত শুভ। স্বাস্থ্যত গুৰুত্ব দিয়ক।

মকৰ ৰাশিঃ আজি সন্তানৰ ফালৰ পৰা কোনো ভাল খবৰ লাভ কৰিব। কাম সময়মতে পূৰ কৰিব। সামাজিক কামত জড়িত হ’ব। বিবাদৰ পৰা আঁতৰি থাকক। সম্পত্তিজনিত কোনো সমস্যাই গা কৰি উঠিব পাৰে। লেনদেনত গুৰুত্ব দিব।ব্যৱসায়ী সকল দিনটো ব্যস্ত থাকিব। টকা-পইচাৰ ক্ষেত্ৰত গুৰুত্ব দিব। চাকৰিৰ অফাৰ লাভৰ সম্ভাৱনা। প্ৰেমত শুভ। স্বাস্থ্য ভাল।

কুম্ভ ৰাশিঃ ৰৈ থকা কোনো চৰকাৰী কাম সম্পূৰ্ণ হ’ব । শিক্ষাৰ্থীসকলে অধ্যয়নত গুৰুত্ব দিয়া দৰকাৰ। ঘৰত কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। সুখী থাকিব দিনটো। অতিৰিক্ত দায়িত্বৰ বাবে কিছু সমস্যা পাব পাৰে। বিবাদৰ পৰা আঁতৰি থাকক। ব্যৱসায়ত ভাল। চাকৰিয়াল সকলৰ বাবে দিনটো ভাল। প্ৰেমত শুভ। স্বাস্থ্যত গুৰুত্ব দিয়ক।

মীন ৰাশিঃ আজি আপুনি কোনো ধৰ্মীয় কামত দিনটো ব্যস্ত থাকিব পাৰে। আৰ্থিক দিশটো ভাল। হাতলৈ টকা আহিব পাৰে। কাৰোবাৰ পৰা উপহাৰ লাভ কৰিব পাৰে। খৰচৰ ওপৰত গুৰুত্ব দিব। পৈত্ৰিক সম্পত্তিক লৈ বিবাদ হ’ব পাৰে। ঘৰৰ কাৰোবাৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। ব্যৱসায়ত উন্নতি হোৱাৰ সম্ভাৱনা। প্ৰেমত শুভ। স্বাস্থ্যত গুৰুত্ব দিব।

 

ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...
ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ
এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ